গুৱাহাটী, 10 ফেব্ৰুৱাৰী :"অধিবক্তা সকল সমাজৰ একো একোজন প্ৰভাৱী ব্যক্তি ৷ তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শক অসমৰ জনসাধাৰণৰ মাজলৈ লৈ গ'লে সমাজত দলটোৰ প্ৰতি জনসাধাৰণৰ বিশ্বাস অধিক বৃদ্ধি পাব ৷" আজি ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হোৱা ৰাজ্যিক আইন কোষৰ এখন বিশেষ সাংগঠনিক সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে এইদৰে মতপোষণ কৰে ৷ এই সভাত অংশগ্ৰহণ কৰি মন্ত্ৰী দাসে ৰাজ্যিক ভিত্তিত এখন বৃহৎ অধিবক্তা সমাৰোহ আয়োজন কৰাৰো আহ্বান জনায় ৷
আইন কোষত মুঠ 10 হাজাৰ পঞ্জীয়নভুক্ত অধিবক্তা আছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷ ৰাজ্যিক আইন কোষৰ আহ্বায়ক জয়ন্ত কুমাৰ গোস্বামীয়ে সভাপতিত্ব কৰা সভাখনত বিজেপিৰ ৰাজ্যিক কোষ সমূহৰ তত্বাবধায়ক প্ৰদীপ ঠাকুৰীয়াই উদ্বোধনী বক্তব্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদর্শ সম্পৰ্কে বক্তব্য প্ৰদান কৰে ৷ আইন কোষৰ সহ- আহ্বায়িকা সত্যৱতী কোঁৱৰে আঁত ধৰা সভাখনত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৱে দলৰ সাংগঠনিক দিশ সন্দৰ্ভত বিস্তৃত ব্যাখ্য দাঙি ধৰে ৷