অসম

assam

ETV Bharat / state

একত্ৰিতভাৱে খেলিলে ইণ্ডিয়া শক্তিশালী হ'ব; তৃণমূল কংগ্ৰেছৰ স্থিতিক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া - Lok Sabha election 2024

Devabrat Saikia on TMC: লোকসভা নিৰ্বাচনত তৃণমূলে প্ৰাৰ্থী প্ৰক্ষেপ কৰা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে তেওঁলোকে অকলে নিৰ্বাচন খেলিব পাৰে ৷ সেইটো কি ডাঙৰ কথা । কাৰ ক'ত কি পাক লাগি আছে কোনে জানে বুলিও তেওঁ উল্লেখ কৰে ।

তৃণমূল কংগ্ৰেছৰ স্থিতিক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া
তৃণমূল কংগ্ৰেছৰ স্থিতিক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

By ETV Bharat Assamese Team

Published : Mar 6, 2024, 7:26 PM IST

তৃণমূল কংগ্ৰেছৰ স্থিতিক লৈ দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

গুৱাহাটী, ৬ মাৰ্চ : বিজেপিক প্ৰতিহত কৰাৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ১৬টা বিৰোধী ৰাজনৈতিক দল ঐক্যবদ্ধ হৈ গঠন কৰিছে বিৰোধী ঐক্যমঞ্চ । কিন্তু লোকসভা নিৰ্বাচনৰ পূৰ্বে বিৰোধী ঐক্যমঞ্চৰ এই ঐক্য বৰ্তি থাকিবনে নাই তাক লৈ প্ৰশ্ন উত্থাপন হৈছে । কাৰণ বিৰোধী ঐক্যমঞ্চৰ বিপৰীতে গৈ ইতিমধ্যে অংশীদাৰ দল আপে তিনিটা সমষ্টিত নিজৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে ।

আনহাতে, বুধবাৰে বিৰোধী ঐক্যমঞ্চৰ অংশীদাৰ দল তৃণমূল কংগ্ৰেছে একপ্ৰকাৰ মিত্ৰতা ভংগৰ কথা সদৰী কৰি চাৰিটা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছে । তৃণমূল কংগ্ৰেছে ৪ টা সমষ্টিত পৃথকে প্ৰাৰ্থী দিব । ইয়াৰ বাবে দলীয় নেত্ৰী মমতা বেনাৰ্জীলৈ প্ৰাৰ্থীৰ তালিকা প্ৰেৰণ কৰা হৈছে । তৃণমূল কংগ্ৰেছৰ এই সিদ্ধান্ত সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই ।

সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয় যে তেওঁলোকে অকলে নিৰ্বাচন খেলিব পাৰে, সেইটো কি ডাঙৰ কথা । কাৰ ক'ত কি পাক লাগি আছে কোনে জানে বুলি উল্লেখ কৰি তেওঁ কেব'ল তাঁৰৰ জোঁটৰ প্ৰসংগৰে কয় যে তৃণমূল কংগ্ৰেছে হয়তো সাৱধান হৈছে । হয়তো বিভিন্ন এজেন্সী লগাই দিয়ে বুলি তেওঁলোকে ভয় খাইছে । ইডি, চিবিআই, চিআইডি আদিৰ কথা উল্লেখ কৰি তেওঁ কয় যে কোনে কাক ক'ত ধৰে গমকে নাপাওঁ ।

কিন্তু ঐকমত্যত উপনীত হ'ব পৰা হ'লে ভাল আছিল বুলি সদৰী কৰি তেওঁ কয় যে ইয়াৰ দ্বাৰা কংগ্ৰেছ নহয়, ইণ্ডিয়া শক্তিশালী হ'লহেঁতেন । ইণ্ডিয়া শক্তিশালী হোৱাটো এই কাৰণেই প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে যে ২০১৪ চনৰ ১৫ আগষ্টত নৰেন্দ্ৰ মোদীয়ে দেশৰ প্ৰগতিৰ আঁৰত কংগ্ৰেছৰ লগতে আন প্ৰধানমন্ত্রীসকলৰ অৱদানৰ কথা স্বীকাৰ কৰিছিল । কিন্তু এতিয়া ৭০ বছৰে একো নকৰিলে বুলি কৈ প্ৰধানমন্ত্রী মোদীয়ে সকলোখিনি অকলে গিলিব বিচাৰিছে । যিটো একেবাৰে মিছা কথা । যাৰ বাবেই হয়তো ভয় খুৱাই অন্যবোৰক ধূলিসাৎ কৰিব বিচাৰিছে বুলি তেওঁ কয় ।

আনহাতে, বিপিএফৰ সৈতে মিত্ৰতা সন্দৰ্ভত তেওঁ কয় যে ২০২১ চনত বিপিএফে কংগ্ৰেছৰ সহযোগত চাৰিখনমান আসন লাভ কৰিছিল । কিন্তু তাৰ পাচত তেওঁলোকে কিবা কাৰণত কংগ্ৰেছৰ লগত সহযোগ কৰাৰ বিপৰীতে চৰকাৰী পক্ষৰ সমৰ্থনত কথা কোৱা আৰম্ভ কৰে । এতিয়া এই দিশত কিবা উন্নয়ন হোৱা বুলি জানিব পাৰিছো যদিও সভাপতিয়ে বিতংভাৱে ক'ব পাৰিব বুলি তেওঁ কয় । ইফালে বিপিএফৰ সৈতে মঙলবাৰে অনুষ্ঠিত কংগ্ৰেছৰ গোপন সভা সন্দৰ্ভত তেওঁ একো নাজানে বুলিও মন্তব্য কৰে ।

লগতে পঢ়ক :কংগ্ৰেছী নেতাক হাৰাশাস্তি কৰিব বিচাৰিছে চৰকাৰে: দেৱব্ৰত শইকীয়া

ABOUT THE AUTHOR

...view details