'কা'ৰ অধীনত ৰাজ্যত প্ৰথমজন বাংলাদেশীক নাগৰিকত্ব: অসমৰ বাবে বিষাদৰ দিন আখ্যা দেৱব্ৰত শইকীয়াৰ - Citizenship under CAA in Assam - CITIZENSHIP UNDER CAA IN ASSAM
Indian citizenship under CAA in Assam : অসমৰ বাবে মঙলবাৰ, ১৩ আগষ্টৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন । কিয়নো এই দিনটোতে পোন প্ৰথমবাৰৰ বাবে নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে অসমত প্ৰথমগৰাকী বাংলাদেশী নাগৰিকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হয় । উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত প্ৰথমগৰাকী বাংলাদেশী নাগৰিকক অসমত ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বিষয়টোত ইতিমধ্যে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।