অসম

assam

ETV Bharat / state

হিমন্ত বিশ্ব শৰ্মাৰ পোহৰেৰে অসমৰ উন্নয়নৰ জয়গান গাব খোজে কমল মেধিয়ে

Kamal Kumar Medhi joins BJP: আজি বিজেপিত যোগ দিয়া কমল কুমাৰ মেধিৰ মুখত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসা ৷ কেৱল হিমন্ত বিশ্ব শৰ্মাইহে অসমৰ উন্নতি সাধিব পাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীক নক্ষত্ৰৰ সৈতে তুলনা কৰিলে কমল মেধিয়ে ৷

By ETV Bharat Assamese Team

Published : Feb 5, 2024, 6:51 PM IST

Updated : Feb 5, 2024, 10:17 PM IST

Kamal Kumar Medhi joins BJP
Kamal Kumar Medhi

হিমন্ত বিশ্ব শৰ্মাৰ পোহৰেৰে অসমৰ উন্নয়নৰ জয়গান গাব খোজে কমল মেধিয়ে

গুৱাহাটী, 5 ফেব্ৰুৱাৰী: বিজেপিত যোগদান কৰিয়েই একালত আদৰ্শৰ পৰিপন্থী হিমন্ত বিশ্ব শৰ্মাক আশাৰ উজ্জ্বল নক্ষত্ৰৰ সৈতে তুলনা কৰিলে কমল কুমাৰ মেধিয়ে ৷ অতীতৰ স্মৃতি সুঁৱৰি কমল মেধিয়ে কয় যে কটনত পঢ়ি থাকোঁতেই তেওঁলোকে হিমন্ত বিশ্ব শৰ্মাৰ নাম আটাইতকৈ চৰ্চিত হোৱা দেখিছিল ৷ তাৰ পিচত ৰাইজৰ দলত যোগ দিয়াৰ পৰা আপলৈকে সদায় তেওঁৰ সৈতে বিপৰীত স্থিতিতেই অৱস্থান কৰি আহিছিল ৷ সেয়ে হিমন্ত বিশ্ব শৰ্মাৰ কথা-কাম সকলো পৰ্যবেক্ষণ কৰি নতুন উপলব্ধি হৈছে তেওঁৰ ৷

অসমৰ ৰাজনীতিত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাসংগিকাত কোনেও নুই কৰিব নোৱাৰে বুলি উল্লেখ কৰি কমল মেধিয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাক বেয়া পাব পাৰি কিন্তু তেওঁক নুই কৰিব নোৱাৰি ৷ গেৰুৱা বসন পিন্ধিয়ে নেতাগৰাকীয়ে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা নক্ষত্ৰ আৰু মই জোনাকী পৰুৱা । হিমন্ত বিশ্ব শৰ্মাৰ পোহৰেৰে আলোকিত হৈ ৰাইজৰ বাবে কাম কৰি যাম । আজি আন্দোলন নকৰাকৈ অসমত ইমান উন্নয়ন হৈছে । নৰেন্দ্ৰ মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ বাবেই অসম আৰু ভাৰতৰ উন্নয়ন হৈছে ।’’

লগতে নেতাগৰাকীয়ে ভাষণ প্ৰসংগত কয়,‘‘ আপুনি ইমান দল বাগৰা মানুহ কিয় বিজেপিত যোগদান কৰিছে বুলি আজি সংবাদ মাধ্যমে সুধিছে । মই আন দললৈ যোগদান কৰিবলৈ মই মোৰ সমৰ্থকসকলক লৈ যাওঁ । কিন্তু আজি মই কোনো সমৰ্থক লৈ অহা নাই । আজি মই মোৰ গাঁৱৰ ৰাইজৰ কথা মতে আহিছো । বৰ্তমান চৰকাৰৰ কামত গাঁৱৰ ৰাইজ সুখী । সেয়েহে এইবাৰ মই মোৰ ঘৰত কাম কৰা মানুহগৰাকীৰ কথা শুনি বিজেপিত যোগ দিছোঁ ।’’

‘‘বৰ্তমান চৰকাৰৰ দিনত ঘৰ পাবলৈ কাকো টকা দিব লগা হোৱা নাই, প্ৰতিখন আঁচনিৰ পৰা APSC ৰ চাকৰিলৈকে আজি নিকাভাৱে হৈছে । এসময়ত KMSS ত থাকোতে চৰকাৰৰ কেলেংকাৰীৰ বিৰুদ্ধে আন্দোলন কৰিছিলোঁ । কিন্তু আজি একো তেনেকুৱা বাতৰি সংবাদ মাধ্যমত দেখা নাই ।’’ মেধিয়ে কয় ৷

তেওঁ লগতে কয়, ‘‘হিমন্ত বিশ্ব শৰ্মা কিংবদন্তি, তেওঁৰ বিৰুদ্ধে এসময়ত প্ৰতিবাদ কৰিছিলোঁ । কিন্তু তেওঁক সদায় অনুসৰণ কৰিছিলোঁ, তেওঁৰ লগত সম্বন্ধ হৈছিল বিৰোধিতাৰে । অসমখন যদি উন্নত কৰিব লগীয়া হয় মূল নেতা অসমত এজনেই আছে, তেওঁ হল হিমন্ত বিশ্ব শৰ্মা । মোক কোনোবাই ট্ৰল কৰে কৰক, ট্ৰ'ল কৰা সকলৰ কোনো কাম নাইকীয়া । ট্ৰ'ল কৰা সকল সামাজিকভাৱে জড়িত নহয় । কিন্তু আজি এইবোৰ সঁচা কথা । আজি বিজেপি নকৰি কি কৰিম ! বিজেপিৰ বাদে বেলেগ দলত গৈ কি কৰিম । মোক দল বাগৰা বুলি ক’ব পাৰে কিন্তু সেই দলত থাকি কি কৰিম ।’’

‘‘কোনো উচ্চাকাংক্ষা লৈ মই বিজেপিত যোগ দিয়া নাই । মোক সৰু কাম এটা দিলেও মই সততাৰে তাক সমাপন কৰিম ৷’’ মেধিয়ে লগতে কয় ৷ আনহাতে ‘কা’ সন্দৰ্ভত মন্তব্য আগবঢ়াই মেধিয়ে কয় যে ইতিমধ্যে আদালতত গোচৰ চলি আছে । গতিকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কোৱা ধৰণে আদালতে যিয়ে ৰায় প্ৰদান কৰে সেয়াই হ’ব ৷

লগতে পঢ়ক:দল বাগৰি বাগৰি এইবাৰ অৱশেষত বিজেপিত ফুলিলগৈ কমল

Last Updated : Feb 5, 2024, 10:17 PM IST

ABOUT THE AUTHOR

...view details