ধেমাজি, 13 আগষ্ট: কৰ্মসংস্থাপনৰ অভাৱত বহিঃৰাজ্যলৈ গৈ বহু অসমীয়া যুৱক-যুৱতী সন্ধানহীন হোৱাৰ ঘটনাই সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি অহা পৰিলক্ষিত হৈ আহিছে ৷ শেহতীয়াকৈ আকৌ এবাৰ ধেমাজি জিলাৰ চিচিবৰগাঁও ৰাজহ চক্ৰৰ অধীনৰ শ্ৰীপানী পঞ্চায়তৰ 2 নং উদয়পুৰ বৰুৱা গাঁৱত সংঘটিত হৈছে এই ঘটনা ৷
গাঁওখনৰ এজন লোক কর্মসংস্থাপনৰ বাবে বহিঃৰাজ্যলৈ গৈ নিৰুদ্দেশ হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে । নিৰুদ্দেশ হোৱা লোকজন শ্ৰীপানী পঞ্চায়তৰ 2 নং উদয়পুৰ বৰুৱা গাঁৱৰ কুম্ভ কোঁৱৰ । লোকজনৰ বয়স 44 ৷
জানিব পৰা মতে, লোকজনে কর্মসংস্থাপন বিচাৰি পৰিয়ালৰে আন চাৰিজনৰ সৈতে বিগত 27 জুলাইত ডিব্ৰুগড়ৰ বাণীপুৰ ৰে’ল ষ্টেচনৰ পৰা বিবেক এক্সপ্ৰেছেৰে কেৰালালৈ গৈছিল । কিন্তু যাত্ৰাপথতে সোমবাৰৰ নিশা অন্ধ্ৰপ্ৰদেশৰ বিজয়ৱাড়া নামৰ ষ্টেচনটোৰ পৰা নিৰুদ্দেশ হয় লোকজন ।
পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি, লোকজনে প্ৰস্ৰাৱ কৰিবলৈ বুলি ৰে’লখনৰ পৰা নামি যায় আৰু বহু সময়লৈ উভতি নাহে । লগৰীয়াকেইজনে বহুত বিচাৰ-খোঁচাৰ কৰে, যদিও একো শুংসূত্ৰ উলিয়াব নোৱাৰিলে কুম্ভ কোঁৱৰৰ ।