গুৱাহাটী, ১৮ ছেপ্টেম্বৰ:বিশ্বকৰ্মা পূজাৰ পিছতে চৰ্চালৈ অহা এটা প্ৰসংগ হৈছে সুৰাৰ বিক্ৰী । অৱশ্যে উৎসৱ-পাৰ্ৱনৰ পিছতে সুৰাৰ বিক্ৰীৰ প্ৰসংগটো বিশেষভাৱে চৰ্চালৈ আহে । এইবাৰো তাৰ ব্যতিক্ৰম হোৱা নাই । কিন্তু এইবাৰ তুলনামূলকভাৱে সুৰা বিক্ৰী কম হৈছে । বিগত বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীয়ে সুৰা বিক্ৰীৰ ক্ষেত্ৰত নতুন অভিলেখ সৃষ্টি কৰিছিল ।
বিগত বৰ্ষত বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীতে ৮.৩৮ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । কিন্তু এইবাৰ বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৫.৭০ কোটি টকা সুৰা বিক্ৰী হয় । পূৰ্বৰ তুলনাত এইবাৰ প্ৰায় ২.৬৮ কোটি টকাৰ কম সুৰা বিক্ৰী হয় । কিছুদিন পূৰ্বে সুৰাৰ মূল্য কিছু হ্ৰাস কৰা হৈছিল যদিও বিক্ৰীৰ ক্ষেত্ৰত প্ৰভাৱ নপৰিল । কাৰণ বিগত বৰ্ষৰ তুলনাত এইবাৰ সুৰাৰ বিক্ৰী যথেষ্ট কমিল । অৰ্থাৎ এইবাৰ প্ৰত্যেক বছৰৰ দৰে সুৰা বিক্ৰীৰ অভিলেখ নহ'ল ।
সামাজিক প্ৰেক্ষাপটৰ পৰা এয়া এক ইতিবাচক দিশ । সুৰাপায়ীৰ সংখ্যা কমাটো সমাজৰ বাবে বেয়া খবৰ নহয় ।
কেৱল বিগত বৰ্ষতেই নহয় ২০২২ চনৰ তুলনাটো এইবাৰ বিশ্বকৰ্মা পূজাত গুৱাহাটী মহানগৰীত সুৰাৰ বিক্ৰী কম হ'ল । ২০২২ চনত বিশ্বকৰ্মা পূজাৰ দিনা গুৱাহাটী মহানগৰীত ৬.২০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল । এইবাৰ তাৰো কম বিক্ৰী হ'ল । অৱশ্যে ২০২১ চনৰ তুলনাত এইবাৰ বেছি হৈছে । ২০২১ বৰ্ষত এই পৰিমাণ আছিল ৩.৭০ কোটি টকা । অৱশ্যে ২০২১ চনত ক'ভিডৰ প্ৰভাৱ আছিল ।