ইয়াৰ মাজতে নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ ৰাইজক ৰাস উপভোগৰ সুবিধা প্ৰদানৰ বাবে সোমবাৰে স্থায়ী বন্ধ ঘোষণা কৰিছে । যোৱা ১৫ নৱেম্বৰৰ ৰাস পূৰ্ণিমাৰ দিনাৰ পৰা ১৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে উত্তৰ-পূব ভাৰতৰ ঐতিহাসিক ধৰ্মীয় উপাসনাথলী নলবাৰীৰ শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ ।
জিলা আয়ুক্তৰ জাননী (ETV Bharat Assam)
এই ৰাস মহোৎসৱৰ বাবে নলবাৰী জিলা প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে । শুকুৰবাৰে জিলা আয়ুক্তৰ স্বাক্ষৰ সম্বলিত এক পত্ৰযোগে ৰাস উপলক্ষে বন্ধৰ দিন ঘোষণা কৰা হয় । জিলা আয়ুক্তৰ ঘোষণা অনুযায়ী অহা ২৫ নৱেম্বৰ অৰ্থাৎ সোমবাৰে জিলাখনৰ সকলো চৰকাৰী কাৰ্যালয় বন্ধৰ নিৰ্দেশ দিয়া হৈছে ।
উল্লেখ্য যে, নলবাৰীৰ ৰাস মহোৎসৱক লৈ প্ৰতিবছৰে জিলা প্ৰশাসনৰ তৰফৰ পৰা এটা দিন বন্ধ ঘোষণা কৰি আহিছে । এইবেলিও নলবাৰীত ৯১ সংখ্যক ৰাস মহোৎসৱ ১৩ দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছে । যাৰ বাবে সকলো কৰ্মচাৰী, শিক্ষাৰ্থীয়ে যাতে এদিনৰ বাবে ৰাস মহোৎসৱ উপভোগ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় বন্ধ ঘোষণা কৰা হৈছে ।
নামনি অসমত অনুষ্ঠিত ৰাস মহোৎসৱসমূহৰ ভিতৰত নলবাৰী ৰাস মহোৎসৱ হৈছে অন্যতম । ৰাসৰ দিনকেইটাত হাজাৰ হাজাৰ লোকৰ সমাগম ঘটে । এই সংখ্যাই লাখ অতিক্ৰম কৰে । আনহাতে, নলবাৰী ৰাসৰ আন এক বৈশিষ্ট্য হৈছে - ৰাসৰ সময়ত অসমৰ ভ্ৰাম্যমাণ নাট্য জগতৰ প্ৰায় আটাইকেইটা নাট্যদলে নাট মঞ্চস্থ কৰে । ইয়াৰ উপৰি ৰাসৰ কেইদিনত বিভিন্ন ধৰণৰ কাৰ্যসূচীও গ্ৰহণ কৰা হয় ।