এই ঘটনাত এতিয়া অঞ্চলটোত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে । ইয়াৰ পূৰ্বেও একে স্থানতে এনে ঘটনা হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে । কিন্তু আজি পৰ্যন্ত কোনো স্থায়ী সমাধান কৰা নাই অইল কৰ্তৃপক্ষই ।
উল্লেখ্য যে, অইল কৰ্তৃপক্ষক ঘটনাৰ কথা জনোৱাৰ পাছতো উপস্থিত হোৱা নাছিল কোনো বিষয়া । ইয়াৰ পৰিৱৰ্তে উক্ত পাইপডাল অইলৰ নহয় বুলি গেছ কোম্পানীলৈ দায়িত্ব ঠেলি গা এৰা দি গুচি যায় । ইফালে গেছ কোম্পানীৰ এটা দল উপস্থিত হৈ পৰ্যবেক্ষণ কৰি কয় যে সেই পাইপডাল অইল ইণ্ডিয়া লিমিটেডৰ ৷ পৰৱৰ্তী সময়ত গেছ কোম্পানীৰ বিষয়ববীয়াই ঘটনাৰ ঠাইখিনিত বিপদ চিহ্নৰ ফিটাৰে বেৰিকেড কৰি দিয়ে ।