গুৱাহাটী:চুবুৰীয়া চীন, বাংলাদেশ, ম্যানমাৰৰ অবৈধ অনুপ্ৰৱেশকাৰী সমস্যাক লৈ পুনৰ সৰৱ নৰ্থ ইষ্ট ইণ্ডেজিনাছ পিপুল'ছ ফ'ৰাম । বৃহস্পতিবাৰে গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত এক সংবাদমেল সম্বোধন কৰি উদ্বেগ প্ৰকাশ কৰে ফ'ৰামৰ অধ্যক্ষ অনুপ চেতিয়াই ।
সংবাদমেল সম্বোধন কৰি তেওঁ কয়, ‘‘বৰ্তমান উত্তৰ-পূবৰ ৰাজ্যসমূহৰ এক জৰুৰী আৰু আতংকজনক বিষয় হ'ল চুবুৰীয়া চীন, ম্যানমাৰ আৰু বাংলাদেশৰ সৈতে থকা আন্তঃৰাষ্ট্ৰীয় সীমাৰ ভয়াৱহ প্ৰভাৱ । এই প্ৰভাৱ ইমানেই গভীৰ তথা জটিল যে তাৰ ফলতেই অঞ্চলটোলৈ বিদেশী নাগৰিকৰ ৰুদ্ধহীন অনুপ্ৰৱেশ প্ৰতিৰোধৰ বাবে পর্যাপ্ত সাংবিধানিক ব্যৱস্থাৰ অভাৱ আৰু প্ৰশাসনীয় কাৰ্যব্যৱস্থাৰ শূন্যতাই ইতিমধ্যে আমাৰ অঞ্চলৰ জনসাধাৰণে ভোগ কৰি অহা পৰিস্থিতি দিনক দিনে অধিক ভয়াৱহ কৰি তুলিছে ।’’
নৰ্থইষ্ট ইণ্ডেজিনাছ পিপুল'ছ ফ'ৰাম (ETV Bharat) ‘‘ইতিমধ্যে পাৰ হৈ যোৱা শেহতীয়া বছৰসমূহত আমাৰ অঞ্চলটোৰ পৰিৱৰ্তিত অনাকাংক্ষিত জনগাঁথনিয়ে বহুমুখী সংকটৰ সৃষ্টি কৰিছে, যাৰ ফলত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুসম অস্তিত্বৰ প্ৰতি ভয়াৱহ ভাবুকিৰ সৃষ্টি হৈছে । ইতিমধ্যে দ্রুতগতিৰে বিকশিত হোৱা সাম্প্রতিক বিশ্বত খিলঞ্জীয়া লোকসকলৰ বাবে তেওঁলোকে হেৰুৱাই পেলোৱা অর্থনৈতিক আৰু ৰাজনৈতিক সুযোগসমূহৰ পটভূমিত এক কৃত্রিম তথা বিৰাট ব্যৱধানৰ সৃষ্টি হৈছে, যাৰ ফলত এই জনগোষ্ঠীসমূহক অধিক সংশয়তাৰ পিনে তথা অনিশ্চয়তাৰ পিনে ঠেলি পঠিওৱা হৈছে ।’’ চেতিয়াই কয় ৷
এনে উদ্বেগবোৰৰ পৰিপ্ৰেক্ষিতত, উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক প্রতিনিধিত্ব কৰা লোকসভা আৰু ৰাজ্যসভাৰ সকলো সদস্যকে খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ স্বাৰ্থৰক্ষাৰ বাবে এক ঐক্যবদ্ধ পন্থা গ্রহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰা বুলিও সংবাদ মেলত উল্লেখ কৰে অনুপ চেতিয়াই । লগতে অনুপ্ৰৱেশকাৰীৰ আগ্ৰাসন প্ৰতিৰোধৰ বাবে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ প্ৰদান কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে ।
লগতে পঢ়ক:অসম আৰক্ষীৰ হাতত আটক ৬ বাংলাদেশী অনুপ্ৰৱেশকাৰী : মুখ্যমন্ত্ৰী