অসম

assam

ETV Bharat / state

মহাকুম্ভ মেলাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ সেৱা - FESTIVAL SPECIAL TRAIN

১২ বছৰৰ মূৰত উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হ’ব মহাকুম্ভ মেলা । ভক্তৰ সুবিধাৰ্থে উত্তৰ-পূৱ সীমান্ত ৰে’লৱেই মুকলি কৰিছে বিশেষ ৰে’লসেৱা ৷

FESTIVAL SPECIAL TRAIN
মহাকুম্ভ মেলাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ বিশেষ ৰে’লসেৱা (Etv Bharat)

By ETV Bharat Assamese Team

Published : Dec 28, 2024, 7:41 PM IST

গুৱাহাটী: সমাগত মহা কুম্ভমেলা মেলা ৷ ১৩ জানুৱাৰীৰ পৰা ২৬ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ'বলগীয়া এই মেলাৰ সময়ত তীর্থযাত্রীসকলৰ প্রত্যাশিত ভিৰ নিয়ন্ত্রণ কৰিবলৈ, উত্তৰ-পূব সীমান্ত ৰে’লৱেই দুখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে । উত্তৰ-পূব সীমান্ত ৰে’লৱে মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই জনোৱা অনুসৰি, উত্তৰ-পূব সীমান্ত ৰে’লৱেই কামাখ্যাৰ লগতে নাহৰলগুন ষ্টেচনৰ পৰা টুণ্ডলা ষ্টেচনলৈ বিশেষ ৰে’ল চলাবলৈ সিদ্ধান্ত গ্রহণ কৰিছে ।

এই বিশেষ ৰে’লসমূহে প্ৰতিটো দিশত চাৰিটা ভ্ৰমণৰ সুবিধা প্ৰদান কৰিব । এই শীতকালৰ সময়ত এই ৰে’লকেইখনে মহাকুম্ভ মেলালৈ যাবলৈ ইচ্ছুক ভক্ত আৰু দর্শনার্থীসকলক আৰামদায়ক ভ্ৰমণৰ বাবে সুবিধা প্রদান কৰিব । বিশেষ ৰে’ল নং ০৫৬১১ (কামাখ্যা-টুণ্ডলা) কামাখ্যাৰ পৰা ৯ জানুৱাৰী, ২৫ জানুৱাৰী, ৮ ফেব্ৰুৱাৰী আৰু ২২ ফেব্ৰুৱাৰীৰ পুৱা ৫:৩০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা সন্ধিয়া ৭:২০ বজাত টুণ্ডলাত উপস্থিত হ’ব ৷

উভতনি যাত্ৰাৰ দিশত, ৰে’ল ০৫৬১২ (টুণ্ডলা-কামাখ্যা) ১১ জানুৱাৰী, ২৭ জানুৱাৰী আৰু ১০ ফেব্রুৱাৰী, ২৪ ফেব্রুৱাৰীত বিয়লি ৩ বজাত টুণ্ডলাৰ পৰা প্রস্থান কৰি পিছদিনা সন্ধিয়া ৫:৪৫ বজাত কামাখ্যাত উপস্থিত হ'ব । উভয় দিশৰ যাত্ৰাৰ সময়ত, বিশেষ ৰে’লখন ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কিষাণগঞ্জ, মালদা টাউন, ভাগলপুৰ, পাটনা, প্রয়াগৰাজ আদি ষ্টেচন হৈ চলাচল কৰিব ।

একেদৰে, বিশেষ ৰে’ল ০৫৮১১ (নাহৰলগুন- টুণ্ডলা) ৯ জানুৱাৰী, ২৫ জানুৱাৰী, ৮ ফেব্ৰুৱাৰী আৰু ২২ ফেব্ৰুৱাৰীত নাহৰলগুনৰ পৰা দিনৰ ২:৩০ বজাত প্ৰস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা পুৱা ৬:৩০ বজাত টুণ্ডলাত উপস্থিত হ'ব । উভতনি যাত্ৰাৰ দিশত, ৰে’ল নং ০৫৮১২ (টুণ্ডলা- নাহৰলগুন) ১১ জানুৱাৰী, ২৭ জানুৱাৰী, ১০ ফেব্রুৱাৰী আৰু ২৪ ফেব্রুৱাৰীত ১১:২০ বজাত টুণ্ডলাৰ পৰা প্রস্থান কৰি যাত্ৰাৰ তৃতীয় দিনা পুৱা ৫:৫০ বজাত নাহৰলাগুনত উপস্থিত হ'ব ।

উভয় দিশৰ যাত্ৰাৰ সময়ত বিশেষ ৰে’লখন ৰঙাপাৰা নৰ্থ, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ, নিউ জলপাইগুড়ি, কাটিহাৰ, বাৰাউনী, দানাপুৰ, প্রয়াগৰাজ আদি ষ্টেচন হৈ চলাচল কৰিব । কামাখ্যা–টুণ্ডলা ৰে’লত ২২টা দবা থাকিব, আনহাতে নাহৰলাগুন–টুণ্ডলা ৰে’লত ২১টা দবা থাকিব ৷ দুয়োখন ৰে’লত এ চি, শ্লীপাৰ আৰু সাধাৰণ বহা আসনৰ দবা থাকিব । উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ এই পদক্ষেপে মহাকুম্ভ মেলাত ভ্ৰমণৰ পৰিকল্পনা কৰা যাত্রীসকলক সকাহ প্রদান কৰিব বুলি আশা কৰা হৈছে ।

লগতে পঢ়ক:উৎসৱৰ বতৰত অতিৰিক্ত ৰে’লৰ ব্যৱস্থা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ

ABOUT THE AUTHOR

...view details