অসম

assam

ETV Bharat / state

উৎসৱৰ বতৰত অতিৰিক্ত ৰে’লৰ ব্যৱস্থা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ - FESTIVAL SPECIAL TRAIN

আগন্তুক দীপাৱলী আৰু ষট পূজাৰ সময়ত ৰে’লযাত্ৰীৰ সুবিধাৰ্থে ভাৰতীয় ৰে’লৱেই কেইবাখনো উৎসৱ বিশেষ ৰে’ল চলোৱাৰ ঘোষণা কৰিছে ।

FESTIVAL SPECIAL TRAIN
উৎসৱৰ বতৰত অতিৰিক্ত ৰে’লৰ ব্যৱস্থা উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Oct 27, 2024, 8:06 PM IST

গুৱাহাটী: উৎসৱৰ বতৰত যাত্রীসকলৰ অতিৰিক্ত ভিৰ নিয়ন্ত্রণ কৰাৰ উদ্দেশ্যে ১২খন বিশেষ ৰে’ল চলাচল কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছে উত্তৰ পূব সীমান্ত ৰে’লৱেই । উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া কপিঞ্জল কিশোৰ শৰ্মাই প্ৰেছ বিজ্ঞপ্তিযোগে জনোৱা অনুসৰি, উৎসৱৰ সময়ত চলাচল কৰিবলগীয়া এই বিশেষ ৰে’লকেইখন হৈছে...

  • ৰে’ল নং ০৪৬৮০ (শ্রী মাতা বৈষ্ণো দেৱী কাটৰা-কামাখ্যা) উৎসৱ বিশেষ শ্রী মাতা বৈষ্ণো দেৱী কাটৰাৰ পৰা ২৮ অক্টোবৰ আৰু ২ নৱেম্বৰত ১৮:৪০ বজাত প্ৰস্থান কৰি ৩০ অক্টোবৰ আৰু ৪ নৱেম্বৰত ২১:০০ বজাত কামাখ্যাত উপস্থিত হ’ব । একেদৰে, ৰে’ল নং ০৪৬৭৯ (কামাখ্যা- শ্রী মাতা বৈষ্ণো দেৱী - কাটৰা) ৩১ অক্টোবৰ আৰু ৫ নৱেম্বৰত ৬:০০ বজাত কামাখ্যাৰ পৰা প্রস্থান কৰিব আৰু ২ আৰু ৭ নৱেম্বৰত ০৬:২০ বজাত শ্রী মাতা বৈষ্ণো দেৱী কাটৰাত গৈ উপস্থিত হ’ব ।
  • ৰে’ল নং ০৭৫৪০ (কাটিহাৰ-মণিহাৰী) ২৬ অক্টোবৰৰ পৰা ১৯ নৱেম্বৰলৈ দৈনিক ২০:৩০ বজাত, কাটিহাৰৰ পৰা প্ৰস্থান কৰি একেদিনাই ২১:৩০ বজাত মণিহাৰীত গৈ উপস্থিত হ'ব । একেদৰে, ৰে’ল নং ০৭৫৩৯ (মণিহাৰী-কাটিহাৰ) দৈনিক ০৫:০০ বজাত ২৭ অক্টোবৰৰ পৰা ২০ নৱেম্বৰলৈ মণিহাৰীৰ পৰা প্ৰস্থান কৰি একেদিনাই ০৬:০০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব । দুয়োখন ৰে’ল ২৫ টা ট্রিপৰ বাবে চলাচল কৰিব ।
  • ৰে’ল নং ০৫৭৪০ (নিউ জলপাইগুড়ি পাটনা) নিউ জলপাইগুড়িৰ পৰা প্রতি শনিবাৰে ০৫:০০ বজাত প্রস্থান কৰি একেদিনাই ১৭:৪০ বজাত পাটনাত গৈ উপস্থিত হ’ব । একেদৰে, ৰে’ল নং ০৫৭৩৯ (পাটনা নিউ জলপাইগুড়ি) ৰে’লখন পাটনাৰ পৰা প্রতি শনিবাৰে ১৯:৩০ বজাত প্রস্থান কৰি পৰৱৰ্তী দিনৰ ০৯:৩০ বজাত নিউ জলপাইগুড়িত গৈ উপস্থিত হ’ব । দুয়োখন ৰে’ল ২ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ৫ টা ট্রিপৰ বাবে চলাচল কৰিব ।
  • ৰে’ল নং ০৩৫০১ (আছানচোল কাটিহাৰ) বিশেষ ৰে’লখন ৩ নৱেম্বৰত ১৪:৩০ বজাত আছানাচোলৰ পৰা প্রস্থান কৰি পৰৱর্তী দিনৰ ০১:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব । একেদৰে, ৰে’ল নং ০৩৫০২ (কাটিহাৰ আছানচোল) বিশেষ ৰে’লখন ৪ নৱেম্বৰ, ০৪:১৫ বজাত কাটিহাৰৰ পৰা প্রস্থান কৰি একেদিনাই ১৪:৪৫ বজাত আছানচোনত গৈ উপস্থিত হ’ব ।
  • ৰে’ল নং ০৭৫৪১ (কাটিহাৰ দৌৰম মাধেপুৰা) বিশেষ ৰে’লখন কাটিহাৰৰ পৰা দৈনিক ১৯:০০ বজাত প্রস্থান কৰি একেদিনাই ২২:০০ বজাত দৌৰম মাধেপুৰাত গৈ উপস্থিত হ’ব । একেদৰে, ৰে’ল নং ০৭৫৪২ (দৌৰম মাধেপুৰা কাটিহাৰ) বিশেষ ৰে’লখন দৌৰম মাধেপুৰাৰ পৰা দৈনিক ২২:৪৫ বজাত প্রস্থান কৰি পৰৱর্তী দিনৰ ০২:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব । দুয়োখন ৰে’ল ২৬ অক্টোবৰৰ পৰা ৩০ নৱেম্বৰলৈকে ৩৬ টা ট্রিপৰ বাবে চলাচল কৰিব ।
  • ৰে’ল নং ০৫৭৪৪ (কাটিহাৰ ছাপ্ৰা) বিশেষ ৰে’লখন কাটিহাৰৰ পৰা ২৭ অক্টোবৰৰ পৰা ২৮ নৱেম্বৰলৈ প্রতি বৃহস্পতিবাৰ, দেওবাৰ আৰু সোমবাৰে ১৬:০০ বজাত প্রস্থান কৰি পৰৱৰ্তী দিনৰ ০০:২০ বজাত ছাপ্ৰাত গৈ উপস্থিত হ’ব । একেদৰে, ৰে’ল নং ০৫৭৪৩ (ছাপ্ৰা কাটিহাৰ) বিশেষ ৰে’লখন ছাপ্ৰাৰ পৰা ২৮ অক্টোবৰৰ পৰা ২৯ নৱেম্বৰ, লৈ প্রতি শুকুৰবাৰ, সোমবাৰ আৰু মঙলবাৰে ছাপ্ৰাৰ পৰা ৪:৩০ বজাত প্রস্থান কৰি একেদিনাই ১২:৩০ বজাত কাটিহাৰত গৈ উপস্থিত হ’ব । দুয়োখন ৰে’ল ১৫ টা ট্রিপৰ বাবে চলাচন কৰিব ।

ABOUT THE AUTHOR

...view details