গুৱাহাটী :ঝুমইৰ বিনন্দিনী আৰু এডভান্টেজ আছামক কেন্দ্ৰ কৰি গুৱাহাটী মহানগৰীত উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে । আজি সন্ধিয়া সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী অনুষ্ঠান অনুষ্ঠিত হ'ব ।
ৰাজ্যৰ চাহ জনগোষ্ঠীৰ শিল্পীয়ে ঝুমইৰ নাচ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত পৰিৱেশন কৰিব । ইয়াৰ বাবে আজি আবেলি প্ৰধানমন্ত্ৰীগৰাকী অসমত উপস্থিত হ'ব । প্ৰধানমন্ত্ৰীগৰাকীয়ে গুৱাহাটীত আয়োজিত এডভান্টেজ আছাম-২.০ বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলন উদ্বোধন কৰিব । সেয়ে সোমবাৰৰ পৰা মহানগৰ আৰক্ষীয়ে মহানগৰীত যান-বাহন চলাচলৰ ক্ষেত্ৰত কেতবোৰ বাধা-নিষেধ আৰোপ কৰিছে ।
মহানগৰ আৰক্ষীৰ যান-বাহন নিয়ন্ত্ৰণ শাখাৰ উপ আৰক্ষী আয়ুক্তগৰাকীয়ে এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰিছে । প্ৰেছ বিবৃতি অনুসৰি, আজিৰ পৰা ২৬ ফেব্ৰুৱাৰী পর্যন্ত তিনি দিনৰ বাবে গুৱাহাটী মহানগৰীত যান-বাহন চলাচলত কেতবোৰ বাধা-নিষেধ থাকিব ।
শিশু, শিক্ষার্থী, জ্যেষ্ঠ নাগৰিককে ধৰি দিব্যাংগসকলৰ নিৰাপত্তাৰ লগতে অত্যাৱশ্যকীয় সেৱা যেনে - এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আদিৰ চলাচল সুনিশ্চিত কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও বিবৃতিটোত উল্লেখ আছে ।
- ঝুমইৰ বিনন্দিনীৰ বাবে পথ নিৰ্দেশনা :
আজি সৰুসজাই ষ্টেডিয়ামলৈ ঝুমইৰ বিনন্দিনী অনুষ্ঠানত অংশগ্ৰহণৰ বাবে অহা যান-বাহনসমূহে নির্ধাৰিত নীতি-নিয়ম পালন কৰিব লাগিব । ইয়াৰে গ'ল্ড পাছ থকা গাড়ীসমূহ সৰুসজাই ষ্টেডিয়ামৰ ১ (বি) গেটলৈ আহিব পাৰিব । এইসমূহ গাড়ী ইনডৰ ষ্টেডিয়ামত পাৰ্কিং কৰিব লাগিব ।
তদুপৰি ড্ৰপ অব্ পাছ থকা গাড়ীসমূহ সৰুসজাই ষ্টেডিয়ামৰ ১ (বি) গেটলৈ আহি এ ই জি চি এলত পাৰ্কিং কৰিব পাৰিব । গ্ৰীণ পাছ থকা অত্যাৱশ্যকীয় সেৱাৰে জড়িত গাড়ীসমূহ সৰুসজাই ষ্টেডিয়ামত ১ (বি) গে'টেৰে প্ৰৱেশ কৰিব পাৰিব ।
একেদৰে অন্য পৰিচয় পত্ৰ-নিমন্ত্ৰণী পত্ৰ থকাসকলে সৰুসজাই ষ্টেডিয়ামত ১ (চি) গে'টেৰে প্ৰৱেশ কৰিব লাগিব । নির্ধাৰিত পাছ লৈ খোজকাঢ়ি অহাসকলেও উক্ত গেট ব্যৱহাৰ কৰিব লাগিব । ঝুমইৰ বিনন্দিনী অনুষ্ঠানৰ সময়ছোৱাত কইনাধৰাৰ পৰা জালুকবাৰীলৈ এছক'র্ট-পাইলট ভেহিকল জ'ন নিষিদ্ধ কৰা হৈছে ।
লগতে পঢ়ক :ঝুমইৰ বিনন্দিনীৰ বাবে কেতিয়া, কেনেকৈ কৰিব প্ৰৱেশ; জনালে মুখ্যমন্ত্ৰীয়ে লগতে পঢ়ক :এছ জয়শংকৰ নেতৃত্বত অসমত উপস্থিত ৪৫খন বিদেশী ৰাষ্ট্ৰৰ প্ৰতিনিধি দল |
- এডভান্টেজ আছামৰ বাবে পথ নিৰ্দেশনা :
খানাপাৰাস্থিত পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত আয়োজিত এডভান্টেজ আছাম-২.০ৰ অনুষ্ঠানৰ বাবেও গাড়ী-মটৰৰ চলাচলত বাধ্যবাধকতা থাকিব । বিনিয়োগ আৰু আন্তঃগাঁথনি সম্মিলনৰ অনুষ্ঠানলৈ অহা ছেফৰন (পেন্টাগন) পাছ থকা গাড়ীসমূহ খানাপাৰাত খেলপথাৰত প্ৰৱেশ কৰিব পাৰিব ।
এইসমূহ বাহন খেলপথাৰখনত ৪ নং গে'টেৰে প্ৰৱেশ কৰিব । পুনৰ গাড়ীসমূহ ৩ নং গে'টেৰে ওলাই গৈ আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ চৌহদত পাৰ্কিং কৰিব লাগিব ।
একেদৰে ছেফৰন (ট্ৰায়েংগল) আৰু গ'ল্ড পাছ থকা গাড়ীসমূহ এ পি এছ চি কাৰ্যালয়ৰ সন্মুখৰ ৬ নং গে'টেৰে অনুষ্ঠানত প্ৰৱেশ কৰিব । এইসমূহৰ গাড়ী পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ পিচফালে পাৰ্কিং কৰিব লাগিব । বাহনসমূহ ৯ নং গে'টেৰে ৰুহিকা গেষ্ট হাউছৰ সমীপেৰে ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ ওলাব ।