তিনিচুকীয়া: তিনিচুকীয়া পৌৰসভাৰ পৌৰপতিৰ পদত অধিষ্ঠিত হ’ল ৯ নম্বৰ ৱাৰ্ড কমিছনাৰ পুলক চেতিয়া । পূৰ্বৰ পৌৰপতি পবিত্ৰ গগৈৰ বিৰুদ্ধে ১০ গৰাকী ৱাৰ্ড কমিছনাৰে অনাস্থা উত্থাপন কৰাৰ পাছত বুধবাৰে তেওঁ পদত্যাগ কৰে ৷ তাৰ পাছতে শুকুৰবাৰে ভোটদানেৰে পুলক চেতিয়াক নিৰ্বাচিত কৰে পৌৰপতি হিচাপে ।
১৫ টাকৈ ৱাৰ্ডেৰে গঠিত তিনিচুকীয়া পৌৰসভাত আজি ১০ গৰাকী ৱাৰ্ড কমিছনাৰৰ ভোট লাভ কৰি পৌৰপতি হিচাপে দায়িত্ব লাভ কৰে পুলক চেতিয়াই । উল্লেখ্য় যে তিনিচুকীয়া পৌৰসভাৰ চলিত কাৰ্যকালৰ তৃতীয়গৰাকী পৌৰপতি পুলক চেতিয়া ।
১৫ টা ৱাৰ্ডেৰে গঠিত তিনিচুকীয়া পৌৰসভাত ১৪ টা ৱাৰ্ডেই বিজেপি দ’লে দখল কৰাৰ পাছত জয়ন্ত বৰুৱাক পৌৰপতি আৰু নৱনীতা আগৰৱালক উপ-পৌৰপতি হিচাপে দায়িত্ব প্ৰদান কৰা হৈছিল । কিন্তু এবছৰ সম্পূৰ্ণ হোৱাৰ আগতেই জয়ন্ত বৰুৱাৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰি পুনৰ পবিত্ৰ গগৈক পৌৰপতি আৰু ইন্দিৰা ৰয়ক উপ-পৌৰপতি হিচাপে দায়িত্ব প্ৰদান কৰা হয় ।
ইয়াতে তিনিচুকীয়া পৌৰসভাৰ বিতৰ্ক শেষ নহৈ প্ৰায় এবছৰ অতিক্ৰম কৰাৰ পাছত পুনৰ পবিত্ৰ গগৈৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি ১৪ অক্টোবৰত ১০ গৰাকীকৈ ৱাৰ্ড কমিছনাৰে অনাস্থা প্ৰস্তাৱ আনে । পৌৰসভা আইন অনুসৰি পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পাছতে জিলা আয়ুক্তই এক পত্ৰৰ জৰিয়তে ২০ দিনকৈ সময় নিৰ্ধাৰণ কৰি দিয়ে পৌৰপতিক সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ । কিন্তু সংখ্যাগৰিষ্ঠতা প্ৰদৰ্শন কৰিবলৈ সক্ষম নোহোৱাত বুধবাৰে দিনৰ ১১ বজাত জিলা আয়ুক্তৰ ওচৰত পবিত্ৰ গগৈয়ে পৌৰপতি পদৰ পৰা পদত্যাগ কৰে ।