অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / state

বাৰেকুৰিত পৰ্যটনৰ মেটমৰা সম্ভাৰ, তৎস্বত্বেও বিভাগীয় অৱহেলা কিয় ? - World Tourism Day 2024

Tourism sector of Barekuri : আজি বিশ্ব পৰ্যটন দিৱস । ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰিছে পৰ্যটন দিৱস । আজিৰ এই বিশেষ দিনটোত আমি আগবঢ়াইছো গ্ৰাম্য পয্যটনৰ এক কেন্দ্ৰবিন্দু হিচাপে গঢ়ি উঠা তিনিচুকীয়া জিলাৰ বৃহত্তৰ বাৰেকুৰি অঞ্চলৰ পৰা এক বিশেষ প্ৰতিবেদন ।

Tourism sector of Barekuri
বাৰেকুৰিত পৰ্যটনৰ মেটমৰা সম্ভাৰ (ETV Bharat Assam)

তিনিচুকীয়া, ২৭ ছেপ্টেম্বৰ : উজনি অসমৰ অন্যতম বাণিজ্যিক চহৰ তিনিচুকীয়াৰ পৰা মাত্ৰ ৯ কিলোমিটাৰ দূৰত্বত অৱস্থিত ২১ খন গাঁৱৰে পৰিবেষ্টিত বৃহত্তৰ বাৰেকুৰি অঞ্চল । বাৰেকুৰিলৈ যিকোনো বাহন লৈ যিকোনো সময়তে পৰ্যটকসকলে নিশ্চিন্তমনে কৰিব পাৰে যাত্ৰা । শেহতীয়াকৈ বাৰেকুৰি অঞ্চল গঢ়ি উঠিছে গ্ৰাম্য পৰ্যটনৰ এক বিশেষ স্থল হিচাপে । বাৰেকুৰিবাসীৰ সাধাৰণ জীৱন প্ৰণালীৰ লগতে প্ৰাকৃতিক পৰিৱেশে হাতবাউলি মাতে পৰ্যটকসকলক ।

বাৰেকুৰিত পৌৰাণিক কালৰে পৰা বসবাস কৰি অহা বিলুপ্তপ্ৰায় হলৌ বান্দৰে বিশেষকৈ বিশ্বত নাম উজলাবলৈ সক্ষম হৈছে । বাৰেকুৰিৰ ২১ খনকৈ গাঁৱৰ প্ৰতিঘৰ মানুহৰ বাৰীত বনৰীয়া হলৌ বান্দৰকেইটাই ঘৰচীয়া জীৱ-জন্তুৰ দৰে বাস কৰি আহিছে । একপ্ৰকাৰে ক’বলৈ গ’লে মানুহৰ সৈতে হলৌ বান্দৰে বাৰেকুৰিত সহবাস কৰি আহিছে । অন্যস্থানত অৰ্থাৎ বনাঞ্চলসমূহত থকা হলৌ বান্দৰে ওখ গছৰ আগত আশ্ৰয় লয় । পৰ্যটকসকলে ওচৰৰ পৰা নাপাই দৰ্শন কৰিবলৈ । কিন্তু বাৰেকুৰিত বাস কৰা ২২ টাকৈ হলৌ বান্দৰে মানুহৰ নিচেই কাষলৈ আহে আৰু হাতৰ পৰাই কল খাই আহিছে ।

বাৰেকুৰিত পৰ্যটনৰ মেটমৰা সম্ভাৰ (ETV Bharat Assam)

বাৰেকুৰিৰ প্ৰতিগৰাকী ব্যক্তিয়ে হলৌ বান্দৰকেইটাক নিজৰ ঘৰৰে সদস্য বুলি ভাবি লৈ কৰি আহিছে মৰম-চেনেহ । যিটো কাৰণে চলিত বৰ্ষৰ ২৫ আগষ্টত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানত স্থান পাইছে বাৰেকুৰিয়ে । মন কী বাতৰ জৰিয়তে প্ৰধানমন্ত্ৰীগৰাকীয়ে বাৰেকুৰিবাসীয়ে হলৌ বান্দৰৰ প্ৰতিপালন কৰি দায়িত্বক প্ৰশংসাৰে উপচাই পেলায় ।

বাৰেকুৰি অঞ্চললৈ হলৌ বান্দৰৰ উপৰিও ঘৰচীয়া ৰূপত থকা ধনেশ পক্ষী, মটাপুং মাগুৰি বিলৰ আলহী পক্ষী, বাৰেকুৰিৰ ধৰ্মীয় স্থানসমূহৰ বহু আপুৰুগীয়া গছ-গছনি চাবলৈ প্ৰতি বছৰে আহে দেশ-বিদেশৰ পৰ্যটকসকল । সমান্তৰালভাৱে বহু শিক্ষানুষ্ঠানৰ পৰা ছাত্ৰ-ছাত্ৰীও আহে বাৰেকুৰিৰ বিভিন্ন দিশৰ ওপৰত অধ্যয়ন কৰিবলৈ । এবাৰ যদি পৰ্যটক বা ছাত্ৰ-ছাত্ৰীসকলে বাৰেকুৰিবাসীৰ সান্নিধ্য লাভ কৰে, তেন্তে পুনৰ হাতবাউলি মাতে বাৰেকুৰিবাসীৰ মৰম-চেনেহে ।

ইফালে, জৈৱ-বৈচিত্ৰ্যৰে ভৰপূৰ ১০ কিল'মিটাৰ ব্যাসাৰ্ধৰ বৃহৎ মটাপুং মাগুৰি বিলখনলৈ শীতৰ আগমনৰ লগেলগে চাইবেৰিয়া, ৰাছিয়া, নৰ’ৱে, ইংলেণ্ড, জাপান, টুন্দ্ৰা, লেহ-লাডাখ ইত্যাদি ঠাইৰ পৰা Baikal Teal, Eastern Spot Billed Duck, Mallard, Tufted Duck ইত্যাদি ৩০১ বিধৰো অধিক দেশী-বিদেশী পক্ষীৰ আগমন ঘটে ।

অজস্ৰ পক্ষীৰ কোলাহলত প্ৰাণচঞ্চল হৈ পৰে মতাপুং মাগুৰি বিলখন । বিভিন্ন প্ৰজাতিৰ স্থানীয় পক্ষীৰ লগতে পৰিভ্ৰমী পক্ষীয়ে বিচৰণ কৰা বিলখনলৈ বছৰৰ ছেপ্টেম্বৰ-অক্টোবৰ মাহৰ পৰা বিদেশী পক্ষীৰ আগমন ঘটে আৰু মাৰ্চ-এপ্ৰিল মাহলৈ বিলখনত বিচৰণ কৰে । স্থানীয় পক্ষীসমূহ বছৰৰ সকলো সময়তে বিলখনত বিচৰণ কৰি থকা প্ৰত্যক্ষ হয় । বিগত দুটাকৈ বৰ্ষত পৃথিৱীৰ বিখ্যাত পৰিভ্ৰমী চৰাই 'মেণ্ডাৰিন ডাক’ অথবা সুন্দৰী পক্ষীও বিলখনত দেখা পোৱা গৈছিল । এই পৰিভ্ৰমী চৰাইসমূহ চাবলৈ প্ৰতি বছৰে দেশী-বিদেশী পৰ্যটক আহি উপস্থিত হয় মতাপুং-মাগুৰি বিলত ।

কিন্তু অতি দুৰ্ভাগ্যৰ বিষয় যে দেশ-বিদেশৰ পৰ্যটকে ভৰি থকা বাৰেকুৰিক পৰ্যটনৰ ক্ষেত্ৰত আগবঢ়াই নিবলৈ অসম চৰকাৰ তথা পৰ্যটন বিভাগে লোৱা নাই কোনো বিশেষ পদক্ষেপ ৷ যাৰ বাবে পৰিৱেশকৰ্মী তথা সচেতন ৰাইজে চৰকাৰক বাৰেকুৰিক এক গ্ৰাম্য পৰ্যটনক্ষেত্ৰ হিচাবে গঢ়ি তুলিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক :হলৌ বান্দৰ চাবলৈ তিনিচুকীয়াৰ বাৰেকুৰিত পৰ্যটকৰ ভিৰ

বহিঃৰাজ্যৰ নাৰ্জী ফুলক প্ৰত্যাহ্বান জনাবলৈ সাজু তিনিচুকীয়াৰ খেতিয়ক

তিনিচুকীয়াত পৰিয়ালৰ সদস্য হৈ পৰিছে দুটা ধনেশ পক্ষী

ABOUT THE AUTHOR

...view details