অসম

assam

ETV Bharat / state

অসমত চাৰিলেনযুক্ত পথ নিৰ্মাণত চূড়ান্ত অৱহেলা: বাৰম্বাৰ বৃদ্ধি সময়সীমা - ASSAM NATIONAL HIGHWAY CONSTRUCTION

বছৰ বছৰ ধৰি সম্পূৰ্ণ নহ'ল উজনি অসমৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ উন্নীতকৰণ । একাধিকবাৰ সময়সীমা বৃদ্ধি । অতিষ্ঠ হৈ পৰিছে জনতা ।

NH construction negligence
অসমত চাৰিলেনযুক্ত পথ নিৰ্মাণত চূড়ান্ত অৱেহেলা (ETV Bharat)

By ETV Bharat Assamese Team

Published : Oct 26, 2024, 3:52 PM IST

Updated : Oct 26, 2024, 8:54 PM IST

গুৱাহাটী :অসমত নিৰ্মাণকাৰ্য চলি থকা চাৰিলেনযুক্ত পথৰ কাম কেতিয়া সম্পূৰ্ণ হ'ব ? বৰ্তমান সময়ত ই এক ডাঙৰ প্ৰশ্ন । সাধাৰণ জনতাৰ এই প্ৰশ্নৰ উত্তৰ বিচাৰি আনকি মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাইয়ো দিল্লীত গৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রীৰে আলোচনাত মিলিত হৈছে । কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱালেও ইয়াৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে । লক্ষণীয় বিষয় যে অসমত চাৰিলেনযুক্ত পথ নিৰ্মাণৰ ক্ষেত্রত কেন্দ্ৰৰ যথেষ্ট অৱহেলিত মনোভাৱ পৰিলক্ষিত হৈছে ।

বছৰৰ পাছত বছৰ পাৰ হৈ যোৱাৰ পাছতো উজনি অসমৰ জীৱনৰেখা সদৃশ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথটো চাৰিলেনলৈ উন্নীত কৰাৰ কাম আজিলৈকে সম্পূৰ্ণ হোৱা নাই । যাৰ ফলত যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে ৰাষ্ট্ৰীয় ঘাইপথছোৱা একপ্ৰকাৰ মৰণ ফান্দলৈ পৰিণত হৈছে । এনে পৰিস্থিতিৰ মাজতেই পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানৰ অৱহেলাৰ বাবে পথছোৱা নিৰ্মাণৰ লক্ষ্য পুনৰ নিৰ্ধাৰণ কৰাৰ কথা ঘোষণা কৰিছে ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন কৰ্প'ৰেশ্যন লিমিটেডে ।

লেহেমীয়াকৈ চলিছে বহুকেইটা প্ৰকল্পৰ কাম :

সকলোতকৈ ডাঙৰ কথা যে একমাত্র উজনি অসমতে নহয় মধ্য আৰু নামনি অসমতো চাৰিলেনযুক্ত পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানসমূহৰ কাম-কাজত ৰাইজ অতিষ্ঠ হৈ পৰিছে । ৰঙাগড়াৰ পৰা কলিয়াবৰ তিনিআলিলৈকে নিৰ্মাণ কৰি থকা চাৰিলেন পথছোৱাৰ কামৰ দায়িত্ব ছিমপ্লেক্স ইনফ্ৰাষ্টাকচাৰ নামৰ প্ৰতিষ্ঠানটোক ২০১৭ চনতে প্ৰদান কৰা হৈছিল । সেই অনুসৰি এখন ফ্লাই অভাৰসহ পথছোৱা নিৰ্মাণ সম্পূৰ্ণ কৰাৰ সময় দিয়া হৈছিল ২০২০ চনৰ ২১ এপ্রিল । কিন্তু ২০২০ চনৰ ২১ এপ্ৰিলতো দূৰৈৰ কথা আজিও উক্ত পথছোৱাৰ কাম সম্পূৰ্ণ হোৱা নাই । এতিয়ালৈকে ৮৭.৬ শতাংশ সম্পূৰ্ণ হোৱা উক্ত পথছোৱাৰ কাম সম্পূর্ণ কৰাৰ বাবে নতুনকৈ সময় বান্ধি দিয়া হৈছে চলিত মাহৰ ৩১ তাৰিখ । কিন্তু যি গতিত কাম চলি আছে তাৰ পৰা এয়া স্পষ্ট যে উক্ত পথছোৱাৰ কাম অহা ৬ মাহতো সম্পূৰ্ণ হোৱাৰ সম্ভাৱনা নাই ।

ইফালে বিতর্কিত মেছাৰ্ছ টি কে ইঞ্জিনিয়াৰিঙকো চলিত মাহৰ ভিতৰত জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ মাজৰ পথছোৱা সম্পূৰ্ণ কৰাৰ নিৰ্দেশ দিয়া হৈছে । কিন্তু ২০১৯ চনৰ ১৯ জুনতে সম্পূৰ্ণ কৰিবলগীয়া উক্ত পথছোৱাৰ কাম এতিয়ালৈকে ৯০ শতাংশ সম্পূৰ্ণ হৈছে । লক্ষণীয় বিষয় যে শামুকীয়া গতিত কাম চলি থকা যোৰহাট-জাঁজিৰ মাজৰ পথছোৱা নিৰ্মাণৰ বাবে ৪ টা প্ৰতিষ্ঠানক দায়িত্ব দিয়া হৈছে । কিন্তু প্রতিষ্ঠানকেইটাই কৰা কামে সকলোকে আচৰিত কৰি তুলিছে । যাৰ বাবে এতিয়া প্ৰকল্প সমাপ্তিৰ পুনৰ নতুন সময় নিৰ্ধাৰণ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে ।

ৰাষ্ট্ৰীয় ঘাইপথ আন্তঃগাঁথনি উন্নয়ন কৰ্প'ৰেশ্যন লিমিটেডে প্ৰকাশ কৰা তথ্য মতে যোৱা ৩০ ছেপ্টেম্বৰলৈকে উক্ত পথছোৱাৰ একাংশ নিৰ্মাণৰ দায়িত্ব লাভ কৰা সদগুৰু ইঞ্জিনিয়াৰিঙে মাত্র ১৭.৬ শতাংশ, মেছাৰ্ছ বিনী কনষ্ট্রাকশ্যনে ১৫.০৬ শতাংশ, এম পি আগৰৱাল প্রতিষ্ঠানটোৱে ২৮.২৫ শতাংশ আৰু মেছাৰ্ছ সদগুৰু ইঞ্জিনিয়াৰিঙে ৩০.৭৮ শতাংশ কামহে সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে । ইফালে এই প্রতিষ্ঠানকেইটাক কাম সম্পূৰ্ণ কৰাৰ বাবে চলিত বৰ্ষৰ ৩১ ডিচেম্বৰ ধাৰ্য কৰি দিয়া হৈছে যদিও কামৰ গতিয়ে উক্ত সময়ৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ কোনো আশা নাই ।

ইফালে জাঁজি-ডিমৌৰ মাজৰ কামছোৱা নতুনকৈ নিবিদা আহ্বান জনোৱাৰ পাছত সম্প্ৰতি উক্ত পথছোৱাৰ কাম বন্ধ হৈ আছে । ডিমৌৰ পৰা মৰাণ বাইপাছলৈকে থকা পথছোৱাৰ কামো অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য নতুনকৈ নিৰ্ধাৰণ কৰা হৈছে যদিও উক্ত পথছোৱাৰ কাম ৪১.২৪ শতাংশহে সম্পূর্ণ কৰিব পাৰিছে নিৰ্মাণকাৰী প্রতিষ্ঠান মোহন লাল জৈনে । অথচ এইছোৱা পথৰ কাম চলিত বৰ্ষৰ ২০ জুলাইতে সমাপ্ত হ'ব লাগিছিল । একেদৰে মৰাণ বাইপাছৰ পৰা বগীবিল জংছনলৈকে নিৰ্মাণ কৰিবলগীয়া পথছোৱাৰ কাম সমাপ্ত কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে অহা বৰ্ষৰ ১৪ মার্চ । সম্প্ৰতি উক্ত পথছোৱাৰ কাম বন্ধ হৈ থকাত নিৰ্ধাৰিত সময়ৰ ভিতৰত পথছোৱাৰ কাম সমাপ্ত হোৱাৰ সম্ভাৱনা কম ।

মেৰামতিৰ অভাৱত বিধ্বস্ত হৈছে বহু পথ :

উল্লেখ্য যে মেৰামতিৰ অভাৱত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ৰাষ্ট্ৰীয় ঘাইপথসমূহত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে । আনহাতে চাৰিলেনযুক্ত পথ নিৰ্মাণ কৰি থকা অংশত পূৰ্বৰ পথছোৱা মেৰামতি নকৰাৰ ফলত ভয়ংকৰ পৰিস্থিতিয়ে দেখা দিছে । কিন্তু ইয়াৰ পাছতো পথ মেৰামতিৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব দিয়া নাই চৰকাৰে । যাৰ বাবে সমস্যাত পৰিবলগীয়া হৈছে সাধাৰণ জনতা ।

ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰসংগত কেন্দ্ৰীয় মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্রীৰ :

উল্লেখ্য যে শেহতীয়াকৈ ২২ অক্টোবৰত নতুন দিল্লীত মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰীক তেওঁৰ কাৰ্যালয়ত সাক্ষাৎ কৰিছিল । এই সাক্ষাৎকালত মুখ্যমন্ত্রীৰ সৈতে আছিল কেন্দ্ৰীয় মন্ত্রী সৰ্বানন্দ সোণোৱাল, পবিত্র মাৰ্ঘেৰিটা আৰু সাংসদ দিলীপ শইকীয়া । কেন্দ্ৰীয় মন্ত্রীগৰাকীক সাক্ষাৎ কৰি মুখ্যমন্ত্রীয়ে যোৰহাটৰ পৰা ডিব্ৰুগড়লৈকে নিৰ্মীয়মান ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণকাৰ্য অতি সোনকালে সম্পূৰ্ণ কৰাৰ বাবে অনুৰোধ জনাই আলোচনাত মিলিত হৈছিল । মুখ্যমন্ত্রীয়ে অসমত চলি থকা আন কেইবাটাও প্ৰকল্প সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্রীগৰাকীৰে আলোচনাত মিলিত হৈছিল আৰু প্ৰকল্পসমূহ শীঘ্ৰে সমাপ্ত কৰাৰ অনুৰোধ জনাইছিল ।

লগতে পঢ়ক :২৬খন ৰাজ্যৰ খেলুৱৈৰ অংশগ্ৰহণৰে আৰম্ভ বেডমিণ্টন প্ৰতিযোগিতা

Last Updated : Oct 26, 2024, 8:54 PM IST

ABOUT THE AUTHOR

...view details