অসম

assam

তিনিদিনৰ বাবে আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ দুই অভিযুক্ত - Dhing Minor rape case

By ETV Bharat Assamese Team

Published : Sep 7, 2024, 7:25 PM IST

Updated : Sep 7, 2024, 7:57 PM IST

Dhing rape case accused: ধিংকাণ্ডৰ দুই অভিযুক্তৰ মুখত ক'লা কাপোৰ । ক'লা কাপোৰেৰে মুখমণ্ডল ঢাকি নগাঁও আদালতত হাজিৰ ধিঙৰ কিশোৰী ধৰ্ষণৰ দুই অভিযুক্ত ফৰিদুল, গোলাপক । অধিক জেৰাৰ বাবে পুনৰ জিম্মাত ল'লে আৰক্ষীয়ে । আৰক্ষীৰ জেৰাত কি কি স্বীকাৰোক্তি দিলে দুই অভিযুক্তই ?

DHING RAPE CASE ACCUSED
আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ দুই অভিযুক্ত (ETV Bharat Assam)

নগাঁও,৭ ছেপ্টেম্বৰ:সমগ্ৰ ৰাজ্য জোকাৰি যোৱা ধিঙৰ কিশোৰী ধৰ্ষণৰ অভিযোগত অভিযুক্ত দুই যুৱকক শনিবাৰে নগাঁও আদালতত হাজিৰ কৰে নগাঁও আৰক্ষীয়ে । বিগত ২২ আগষ্টৰ সন্ধিয়া ঘৰলৈ উভতি যোৱাৰ সময়ত ধৰ্ষণৰ দৰে জঘন্য ঘটনাৰ বলি হৈছিল এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰী । যাক লৈ ৰাজ্যৰ সৰ্বত্ৰে উঠিছল প্ৰতিবাদৰ জোঁৱাৰ । ঘটনাৰ সৈতে জড়িত তফাজ্জুল নামৰ এজন অভিযুক্তৰ ইতিমধ্যেই আৰক্ষীৰ জিম্মাৰ পৰা পলায়নৰ চেষ্টা কৰোতেই সলিল সমাধি ঘটা বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ পাইছে ।

আৰক্ষীৰ জিম্মাত ধিংকাণ্ডৰ দুই অভিযুক্ত (ETV Bharat Assam)

কিন্তু আন দুজনকৈ অভিযুক্তক বিচাৰি নগাঁও আৰক্ষীয়ে অভিযান অব্যাহত ৰখাৰ মাজতে শুকুৰবাৰে সন্ধিয়া এটা সংখ্যালঘূ সংগঠনৰ নেতৃত্বত আত্মসমৰ্পন কৰে ধিংকাণ্ডৰ আন দুই অভিযুক্ত ফৰিদুল ইছলাম আৰু গোলাপ উদ্দিনে । আত্মসমৰ্পণ কৰাৰ পিছত ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক নিশা জেৰা চলাই নগাঁও আৰক্ষীয়ে ।

ওৰে নিশা চলোৱা জেৰাৰ অন্তত শনিবাৰে দিনৰভাগত নগাঁও আদালতত হাজিৰ কৰোৱা হয় দুই অভিযুক্ত ফৰিদুল আৰু গোলাপ উদ্দিনক । আত্মসমৰ্পণ কৰাৰ পিছত শুকুৰবাৰে নিশা নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি চলোৱা জেৰাত দুই অভিযুক্ত ফৰিদুল আৰু গোলাপে কি কি কথা স্বীকাৰ কৰিলে সেই সন্দৰ্ভত কোনো তথ্যই ৰাজহুৱা কৰা নাই নগাঁও আৰক্ষীয়ে ।

ইপিনে, শনিবাৰে ধিংকাণ্ডৰ দুই অভিযুক্ত ফৰিদুল আৰু গোলাপক মুখমণ্ডল ক'লা কাপোৰেৰে ঢাকিহে হাজিৰ কৰোৱা হয় আদালতত । শনিবাৰে নগাঁও আদালতত হাজিৰ কৰোৱাৰ সময়ত অধিক জেৰাৰ বাবে পুনৰ সাত দিনৰ জিম্মাত বিচাৰি নগাঁও আৰক্ষীয়ে আদালতত আবেদন জনাই যদিও আদালতে আৰক্ষীক তিনিদিনৰ জিম্মাহে মঞ্জুৰ কৰে । আৰক্ষীয়ে দুয়োকে পুনৰ তিনিদিনৰ নিজৰ জিম্মাত ৰাখি ধিঙৰ ঘটনাক লৈ অধিক জেৰা চলাব বুলিও জানিব পৰা গৈছে ।

লগতে পঢ়ক:বোমা সংস্থাপনৰ সন্দেহত আটক; সন্ধান নাই মৰাণৰ যুৱকৰ - Moran Youth Missing

ধিঙৰ কিশোৰী ধৰ্ষণকাণ্ডৰ দুই অভিযুক্তৰ আত্মসমৰ্পণ - Dhing Minor rape case

Last Updated : Sep 7, 2024, 7:57 PM IST

ABOUT THE AUTHOR

...view details