নগাঁও, ৫ অক্টোবৰ :ADRE অৰ্থাৎ ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰিৰ বাবে ইতিমধ্যেই লিখিত পৰীক্ষা অনুষ্ঠিত হৈ যোৱাৰ সময়তেই চাকৰি দিয়াৰ নামত ওলাইছে ঠগ, প্ৰৱঞ্চক । চৰকাৰী চাকি দিয়াৰ নামত ব্যাপক হাৰত ধন সংগ্ৰহত নামি পৰিছে খোদ চৰকাৰী শিক্ষক ।
নগাঁৱৰ এগৰাকী চৰকাৰী শিক্ষকৰ বিৰুদ্ধে উত্থাপন হৈছে চাকৰিৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ । ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ নিযুক্তিৰ বাবে নানা পদক্ষেপ গ্ৰহণ কৰাৰ সময়তো একাংশ লোকক প্ৰৱঞ্চনা কৰি চাকৰিৰ নামত ধন সংগ্ৰহত নামি পৰিছে খোদ চৰকাৰী শিক্ষক ।
নগাঁৱৰ পূব ছিলনী মোক্তাব স্কুলৰ শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাই কেইবাগৰাকীও ব্যক্তিৰ পৰা চাকৰি দিয়াৰ নামত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ কৰাৰ অভিযোগ লাভ কৰিছে নগাঁও আৰক্ষীয়ে । এই পৰ্যন্ত চাৰিগৰাকীকৈ ব্যক্তিৰ পৰা অভিযোগ লাভ কৰি নগাঁও আৰক্ষীয়ে শুকুৰবাৰে প্ৰথমে আটক কৰি সোধা-পোছাৰ অন্তত এক গোচৰ ৰুজু কৰি প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ কৰে শিক্ষক লক্ষ্যজ্যোতি বৰা ওৰফে মুন বৰাক ।