ধিং,২৩ আগষ্ট :কলকাতাৰ অভয়াকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ থকাৰ সময়তে অসমৰ নগাঁও জিলাৰ ধিঙত সংঘটিত হৈছে এক জঘন্য ঘটনা । এগৰাকী নাবালিকাক ৩ দুৰ্বৃত্তই ধৰ্ষণ কৰি পথৰ দাঁতিত পেলাই থৈ যোৱৰ ভয়ংকৰ অভিযোগ । ঘটনাৰ প্ৰতিবাদত অনিৰ্দিষ্টকালৰ বাবে ধিং বন্ধৰ ঘোষণা কৰিছে সদৌ অসম ছাত্ৰ সন্থাই ।
নাবালিকাক ধৰ্ষণ;অনিৰ্দিষ্টকাললৈ ধিং বন্ধৰ ঘোষণা আছুৰ (ETV Bharat) নাবালিকাক ধৰ্ষণৰ অভিযোগ
এই জঘন্য ঘটনাটো ধিঙৰ ভকত গাঁৱত সংঘটিত হৈছে । টিউচনৰ পৰা ঘৰলৈ উভতি যোৱাৰ সময়ত ৩ দুৰ্বৃত্তই নাবালিকা ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে । ধৰ্ষণ কৰি মুমূৰ্ষু অৱস্থাত শ্মশানৰ কাষতে নাবালিকাগৰাকীক পেলাই থৈ যোৱা প্ৰত্যক্ষ কৰা বুলি দাবী কৰিছে একাংশ লোকে । পথচাৰীয়ে উলংগ অৱস্থাত পৰি থকা নাবালিকাগৰাকীক প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে । লগে লগে আৰক্ষী উপস্থিত হৈ নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু ধিং চিকিৎসা কেন্দ্ৰলৈ প্ৰেৰণ কৰে । অৱশ্যে পৰৱৰ্তী সময়ত উন্নত চিকিৎসাৰ বাবে নাবালিকাগৰাকীক নগাঁও চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয় ।
ধিং বন্ধৰ ঘোষণা আছুৰ
এই ঘটনাৰ পিচতে ধিঙত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে । কলকাতাকাণ্ডক লৈ দেশজুৰি প্ৰতিবাদ অব্যাহত থকাৰ সময়তে ধিঙত সংঘটিত এই ধৰ্ষণকাণ্ডই পুনৰ এবাৰ মহিলাৰ সুৰক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে । ধিঙৰ মাজমজিয়াত ফুট গধূলি সংঘটিত এই ধৰ্ষণকাণ্ডৰ পিচতে স্থানীয় সংগঠন আৰু ৰাইজ উত্তেজিত হৈ পৰে । নিশা সদৌ অসম ছাত্ৰ সন্থাৰ লগতে স্থানীয় একাংশ লোকে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ।
কেৱল এয়াই নহয় নিশাৰ ভিতৰতে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাৰো দাবী তোলে প্ৰতিবাদকাৰীয়ে । একেদৰে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত ধিং বন্ধৰো ঘোষণা কৰে আছুৱে । আছুৱে ঘোষণা কৰা মতে এই সময়ছোৱাত সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰাখিব লাগিব । যান-বাহনৰ চলাচলো বন্ধ থাকিব । ইফালে নগাঁও আৰক্ষীয়ে নিশাৰে পৰা অভিযান অব্যাহত ৰাখিছে । কিন্তু এতিয়ালৈ আৰক্ষীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই ।
লগতে পঢ়ক :ৰাজ্যত বৃদ্ধি নাৰী নিগ্ৰহৰ ঘটনা : নিৰাপত্তা-ন্যায় বিচাৰি তিতাবৰৰ ৰাজপথত মহিলা - Molestation in Jorhat