অসম

assam

ADRE ৰ পৰীক্ষা কেন্দ্ৰলৈ নগাঁৱৰ পৰা কি দৰে সুচল যাতায়ত কৰিব পাৰিব পৰীক্ষাৰ্থীয়ে ? - ADRE 2024

By ETV Bharat Assamese Team

Published : Sep 13, 2024, 7:21 AM IST

Assam Direct Recruitment Exam 2024: অহা 15 চেপ্টেম্বৰত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পদৰ লিখিত পৰীক্ষা । কিন্তু নগাঁও জিলাত কোনো পৰীক্ষা কেন্দ্ৰ নথকা বাবে তেজপুৰ অথবা গুৱাহাটীত গৈ লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব নগাঁৱৰ পৰীক্ষাৰ্থী । নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ যাতায়তৰ সুবিধাৰ্থে কি পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনে ? সবিশেষ জানিবলৈ পঢ়ক...

ADRE 2024
Assam Direct Recruitment Exam 2024 (ETV Bharat)

নগাঁও, 13 ছেপ্টেম্বৰ: শিক্ষিত নিবনুৱাৰ বাবে পুনৰ এবাৰ আশাৰ বতৰা কঢ়িয়াই আন এক নিযুক্তি পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে আগবাঢ়িছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে । ৰাজ্য চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ বাবে আবেদন কৰা কেইবালক্ষাধিক পৰীক্ষাৰ্থীৰ বাবে লিখিত পৰীক্ষাৰ দিন তাৰিখ ঘোষণা কৰাৰ পাছতেই উৎসুকতা বৃদ্ধি পাইছে পৰীক্ষাৰ্থীৰ মাজত । অহা 15 ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব নিযুক্তি প্ৰক্ৰিয়াৰ লিখিত পৰীক্ষা ৷

কিন্তু ইয়াৰ মাজতেই কিছু অসুবিধাৰ সন্মুখীন হোৱাৰ আশংকাত চিন্তিত একাংশ পৰীক্ষাৰ্থী । বিশেষকৈ মধ্য অসমৰ নগাঁৱত ADRE ৰ লিখিত পৰীক্ষাৰ কোনো পৰীক্ষা কেন্দ্ৰ নথকাত তেজপুৰ অথবা গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰত লিখিত পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব নগাঁৱৰ পৰীক্ষাৰ্থী । যাৰ বাবে ব্যক্তিগত বাহন নথকা পৰিয়ালৰ বহু পৰীক্ষাৰ্থী যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে । এনে বহু পৰীক্ষাৰ্থীৰ যাতায়তৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে নগাঁও জিলা প্ৰশাসনে ।

পৰীক্ষাৰ্থীৰ বাবে বিশেষ যাতায়ত সেৱা:

নগাঁৱৰ পৰা তেজপুৰ অথবা গুৱাহাটীলৈ ADRE 2024 পৰীক্ষাৰ বাবে যাবলগীয়া পৰীক্ষাৰ্থীৰ সময়োপযোগী যাতায়তৰ বাবে বিশেষ বাহনৰ ব্যৱস্থা কৰিছে নগাঁও জিলা প্ৰশাসনে । নগাঁও চহৰৰ 6 টা স্থানৰ পৰা তেজপুৰ আৰু গুৱাহাটীৰ পৰীক্ষা কেন্দ্ৰলৈ যাবলগীয়া পৰীক্ষাৰ্থীৰ বাবে নগাঁও জিলা প্ৰশাসনে বিশেষ বাহনৰ ব্যৱস্থা কৰিছে ।

সেই অনুসৰি পৰীক্ষাৰ্থী সকলে নগাঁৱৰ মৰিগাঁও বাছ আস্থান, ডিমৰুগুৰি বাছ আস্থান, মৰিকলং বাছ আস্থান, উৰিয়াগাঁও বাইপাছ চ’ক, বৰঘাট বাইপাছ চ’ক আৰু কলিয়াবৰত নিয়মীয়া প্ৰস্থানৰ সময় অনুসৰি বাছ, মেজিক, মেক্সিমো, ট্ৰেভেলাৰ আদি বাহনেৰে যাতায়ত কৰিব পাৰিব ।

তদুপৰি মসৃণ পৰিবহনৰ বাবে আৰু চাৰিখন বাছৰ ব্যৱস্থা কৰা হৈছে ৷ যাতে পৰীক্ষাৰ্থীসকলক নগাঁও বিশ্ববিদ্যালয় (নগাঁও কলেজ)ৰ পৰা গুৱাহাটী আৰু ডিমৰুগুৰিৰ পৰা তেজপুৰলৈ পুৱা 5.00 আৰু 5.30 বজাত কঢ়িয়াই নিব পাৰে ।

পৰীক্ষাৰ্থীৰ বাবে উপলব্ধ হ’ব বিশেষ ৰে’লসেৱা:
ইফালে উত্তৰ-পূব সীমান্ত ৰে’লৱেই পৰীক্ষাৰ্থীৰ সুবিধাৰ বাবে 12 খন বিশেষ ৰে’লৰ ব্যৱস্থা কৰাৰ লগতে আন দুখন নিয়মীয়া ৰে’লৰ স্থান সম্প্ৰসাৰণ কৰিছে ৷ নগাঁৱৰ পৰাও এখন বিশেষ ৰে’লৰ ব্যৱস্থা কৰিছে উত্তৰ-পূব সীমান্ত ৰে’লৱে কৰ্তৃপক্ষই ৷ ৰে'ল নং 05175 (হয়বৰগাঁও-গুৱাহাটী) অহা 14 ছেপ্টেম্বৰৰ নিশা 11.30 বজাত হয়বৰগাঁৱৰ পৰা ৰাওনা হ'ব আৰু পিছদিনা পুৱা 4 বজাত গুৱাহাটী পাব । উভতনি দিশত ৰে'ল নং 05176 (গুৱাহাটী-হয়বৰগাঁও) 15 ছেপ্টেম্বৰৰ নিশা 7.05 বজাত গুৱাহাটীৰ পৰা ৰাওনা হ'ব আৰু একেদিনাই নিশা 11.15 বজাত হয়বৰগাঁও পাব ।

জিলা প্ৰাশাসনৰ নিৰ্দেশনা (ETV Bharat)

যাতায়ত পৰিচালনাৰ বাবে বিষয়া নিয়োগ:

নগাঁও জিলাত উক্ত দিনটোৰ পৰিবহণ ব্যৱস্থাপনা সন্দৰ্ভত যিকোনো ধৰণৰ সহায় আৰু নিৰ্দেশনাৰ বাবে কেইবাগৰাকীও পৰিবহণ বিষয়া নিয়োগ কৰিছে নগাঁও জিলা প্ৰশাসনে । তদুপৰি পৰীক্ষাৰ্থীৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি দায়িত্বত থকা বিষয়াৰ যোগাযোগ নম্বৰো ৰাজহুৱা কৰিছে জিলা প্ৰশাসনে । সেই অনুসৰি প্ৰথমটো গ্ৰুপৰ বাবে পদ্মলোচন হাজৰিকা, M.V.I. (9864743593) ভাস্কৰ বড়ো, E.C (78967980233) পংকজমণি শইকীয়া, E.C (9957480504) আৰু প্ৰশান্ত চৌধুৰী, E.C (8011835761) ক কলিয়াবৰ আৰু চামগুৰিৰ দায়িত্ব দিয়া হৈছে ৷

দ্বিতীয় গ্ৰুপৰ বাবে নগাঁও সদৰ, ধিং, ৰূপহী, হয়বৰগাঁও, নগাঁও ৰে’লৱে ষ্টেচনৰ দায়িত্ব প্ৰদান কৰা হৈছে পৰিবহণ পৰিদৰ্শক ভৱ প্ৰসাদ কাকতি (94350621972), সহকাৰী পৰিবহণ পৰিদৰ্শক প্ৰদীপ ভূঞা (98547098173), সহকাৰী পৰিবহণ পৰিদৰ্শক মনোদ কুমাৰ কাকতি (6002532215), ভৰত দলে, E.C (7002763860) আৰু আতাউৰ ৰহমান, E.C (9957364271) ক দায়িত্ব দিয়া হৈছে ৷

একেদৰে তৃতীয়টো গ্ৰুপ অৰ্থাৎ ৰহা, কামপুৰ, চাপৰমুখ ৰে’লৱে ষ্টেচনৰ পৰা যাবলগীয়া প্ৰাৰ্থীৰ যাতায়তৰ সুবিধাৰ বাবে পৰিবহণ পৰিদৰ্শক
দিগন্ত ভূঞা (94350806882), সহকাৰী পৰিবহণ পৰিদৰ্শক নিপুল কুমাৰ গায়ন (70029797053), সহকাৰী পৰিবহণ পৰিদৰ্শক ৰজত বৰা (6000917809), সহকাৰী পৰিবহণ পৰিদৰ্শক টুটুল গগৈ (9854117356) আৰু সহকাৰী পৰিবহণ পৰিদৰ্শক প্ৰজ্ঞান দুৱৰা (9435063995) ক নিয়োগ কৰা হৈছে ৷

ADRE 2024 পৰীক্ষাৰ্থীৰ যাতায়তৰ বাবে নগাঁও জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ তৎপৰতাত জিলা প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ শলাগ লৈছে বিভিন্নজনে ।

লগতে পঢ়ক:তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ বাবে এন এফ ৰে'লৱেৰ 12 খন বিশেষ ৰে'লৰ ব্যৱস্থা - Assam govt ADRE 2024

তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাত অসৎ উপায় ল'লে ১০ বছৰ পৰ্যন্ত কাৰাদণ্ড, ১০ কোটিলৈকে জৰিমনা - Assam Direct Recruitment Exam 2024

ADRE ৰ বাবে সাজু নে ? পৰীক্ষা দিবলৈ যোৱাৰ আগতে এই কথাখিনি জানি লওক - Assam Direct Recruitment Exam 2024

উপলব্ধ হৈছে অসম ADRE 2024 এডমিট কাৰ্ড : ইয়াত পাব পোনপটীয়া লিংক - Assam Direct Recruitment Exam 2024

ABOUT THE AUTHOR

...view details