আমগুৰি:অসমৰ ভূমিত পুনৰ নাগালেণ্ডৰ দপদপনি । শিৱসাগৰৰ হালোৱাটিঙত নগাই খান্দিছে বিবদমান এলেকাৰ ভূমি । অসম-নাগালেণ্ড সীমান্তত নাগালেণ্ডে খান্দিছে পাহাৰৰ টিলা । পাঁচ বছৰ পূৰ্বে উক্ত টিলাতে শিৱসাগৰ প্ৰশাসনে বি অ' পি স্থাপনৰ প্ৰস্তুতি চলাইছিল । সম্প্ৰতি উক্ত টিলাটো তিনি-চাৰিখনকৈ ফ'কলেণ্ড লগাই গছ-গছনি কাটি তহিলং কৰাৰ লগতে নাগালেণ্ডে নিজৰ বুলি দাবী কৰিছে ।
নাগালেণ্ডৰ এই কাণ্ডৰ পিছতেই অসমীয়া যুৱ মঞ্চই গ্ৰহণ কৰিছে প্ৰতিবাদী কাৰ্যসূচী । অসমীয়া যুৱ মঞ্চৰ এক সঁজাতি দলে উক্ত বিবদমান এলেকাটো পৰিদৰ্শন কৰি মাটি খনন বন্ধ কৰিবলৈ দাবী জনায় । অসম চৰকাৰ হায় হায়, নাগালেণ্ড চৰকাৰ হুচিয়াৰ, অসমৰ মাটি নাগালেণ্ড চৰকাৰে কটা বন্ধ কৰক, অসমৰ ভূমিত বেদখল নচলিব শ্ল'গানেৰে উত্তপ্ত কৰি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসমীয়া যুৱ মঞ্চই ।
উল্লেখ্য যে হালোৱাটিং আৰক্ষী থানাৰ অন্তৰ্গত অসম-নগালেণ্ড সীমান্তৰ শিৱসাগৰ জিলা প্ৰশাসনে বি অ' পি স্থাপনৰ স্থানতে অবাধ হাৰত পাহাৰৰ টিলা কাটি তহিলং কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । শিৱসাগৰ জিলা প্ৰশাসনৰ নিৰ্লিপ্ত ভূমিকা আৰু অসম চৰকাৰৰ দুৰ্বলতাৰ কাৰণে বিভিন্ন সময়ত নাগালেণ্ডে অসমৰ ভূমিকে নিজৰ বুলি দাবী কৰি আহিছিল ।