ডিফু, ১৭ জুলাই:কাৰ্বি আংলঙৰ লাংৱকু জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ আহি সন্ধানহীন হোৱা নাগালেণ্ডৰ এজন যুৱকৰ মৃতদেহ অৱশেষত দুদিনীয়া অভিযানৰ অন্তত উদ্ধাৰ হয় । মঙলবাৰে দিনৰ প্ৰায় ২:৩০ বজাত হোজাই আৰু ডিমাপুৰৰ এছডিআৰএফ আৰু ডিফু অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ লগতে মাঞ্জা আৰক্ষীৰ যৌথ অভিযানত উদ্ধাৰ হয় ডিমাপুৰৰ ৩২ বছৰীয়া নগা যুৱক ছাৰ্প আওৰ মৃতদেহ ৷
উদ্ধাৰকাৰী দলে মৃতদেহটো দুপৰীয়া জলপ্ৰপাতটোৰ শিলৰ মাজত প্ৰত্যক্ষ কৰে ৷ পিচত বহু চেষ্টা কৰি প্ৰায় ২:৩০ বজাত মৃতদেহটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মৃতদেহটো যাৱতীয় আইনী প্ৰক্ৰিয়া সম্পন্ন কৰাৰ পিচত পৰিয়ালৰ লোকক চমজাই দিয়াৰ ব্য়ৱস্থা কৰা হৈছে ৷ উল্লেখযোগ্য যে যুৱকজনে দুই বন্ধু চবিন আহমেদ আৰু প্রেম লিম্বুৰ সৈতে জলপ্রপাতৰ সৌন্দর্য উপভোগ কৰিবলৈ আহিছিল ।
দেওবাৰে বিয়লি প্ৰায় ৩:৪০ বজাত যুৱকজন জলপ্রপাতৰ ওপৰৰ পৰা পিচলি পানীত পৰি সন্ধানহীন হয় । এই ঘটনাৰ বিষয়ে অৱগত হোৱাৰ লগে লগে জলপ্রপাত কমিটীৰ সদস্যই যুৱকজনৰ সন্ধানত নামি পৰাৰ লগতে মাঞ্জা আৰক্ষীক ঘটনা সম্পর্কে অৱগত কৰে ৷ আৰক্ষী আৰু স্থানীয় লোকে কিছু সময় যুৱকজনৰ সন্ধানত অভিযান চলাই যদিও সন্ধিয়া হোৱাত অভিযান বন্ধ কৰিবলৈ বাধ্য হয় ।