তিনিচুকীয়া, ১৫ জুন: এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি উত্তাল কাকপথাৰ । শনিবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰত স্থানীয় ৰাইজে কাকপথাৰ আৰক্ষী থানা ঘেৰাও কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ এগৰাকী ছাত্ৰীৰ ৰহস্যজনক মৃত্যুৰ পিচতো অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে উপযুক্ত পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰি আজি এইদৰে সাব্য়স্ত কৰিলে প্ৰতিবাদ ।
ক্ষুব্ধ ৰাইজে প্ৰতিবাদ কৰাৰ সময়ত আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হয় । ভুক্তভোগী পৰিয়ালৰ সদস্য়ই কাকপথাৰ আৰক্ষী থানাত লিখিত অভিযোগ দিয়াৰ এসপ্তাহৰ পিচতো অভিযুক্তক আটক কৰাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰতিবাদী ৰাইজে । উল্লেখ্য় যে যোৱা ৫ জুনত ডুমডুমা মহাবিদ্যালয়ত অধ্যয়নৰত পেঙৰী তৰাণীৰ স্নাতক মহলাৰ এগৰাকী ছাত্ৰী কাকপথাৰ ডাঙৰী সংৰক্ষিত বনাঞ্চলৰ কাষত ৰহস্যজনকভাৱে সংকটজনক আৰু অচেতন অৱস্থাত উদ্ধাৰ কৰিছিল স্থানীয় লোকে ৷ স্থানীয় ৰাইজে ততাতৈয়াকৈ ছাত্ৰী গৰাকীক চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰে যদিও যোৱা ৬ জুনত ৰূপাইস্থিত এখন ব্যক্তিগত নাৰ্ছিং হোমত মৃত্যু হয় ছাত্ৰী গৰাকীৰ ৷
পেঙেৰী তৰাণীৰ ছাত্ৰী গৰাকী নিজ গৃহৰ পৰা ডুমডুমা ৰূপাইৰ হোষ্টেললৈ বুলি সিদিনা ওলাই আহিছিল ৷ উত্থাপিত অভিযোগ অনুসৰি, অসম আৰক্ষীত কৰ্মৰত কাকপথাৰ বৰালিৰ লক্ষী মহন্তৰ স’তে প্ৰেমৰ সম্পৰ্ক আছিল ছাত্ৰী গৰাকীৰ ৷ প্ৰেমজনিত কাৰণত ছাত্ৰী গৰাকীৰ মৃত্যু হোৱাৰ অভিযোগ কৰিছে পৰিয়ালৰ লোক, প্ৰতিবাদী ৰাইজৰ লগতে দল-সংগঠনে ৷