নলবাৰী,৩ অক্টোবৰ :অহা ৭ অক্টোবৰত আছিল বিয়া ! দৰা মঙলদৈৰ আৰু কইনা নলবাৰীৰ । প্ৰায় ১২ বছৰীয়া প্ৰেমক স্বীকৃতি দিবলৈ সাজু হৈছিল মঙলদৈৰ যুৱক ধনমণি আৰু নলবাৰীৰ জুবি । দুয়োখন ঘৰতে বিয়াৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈ উঠিছিল । বিয়াৰ বজাৰো প্ৰায় হৈছিলেই । কিন্তু বিয়ালৈ ৫ দিন থকা সময়তে সকলোকে আচৰিত কৰি এই সংসাৰৰ পৰা বিদায় মাগিলে দৰা ধনমণিয়ে । লগে লগে দুয়োখন ঘৰতে লাগিল হাহাকাৰ ।
কইনাৰ ঘৰত শোকৰ ছাঁ :
মঙলদৈৰ দৰা ধনমণিৰ বাসগৃহৰ সমান্তৰালকৈ নলবাৰীৰ কইনাৰ ঘৰতো শোকাকুল পৰিৱেশ । শোকত ভাগি পৰিছে কইনাৰ পৰিয়াল তথা আত্মীয় । দীৰ্ঘদিনীয়া প্ৰেমক স্বীকৃতি দিবলৈ তেওঁলোক সাজু হৈছিল । জোৱাই হিচাপে ধনমণিক আদৰিবলৈও সকলো প্ৰস্তুতি চলোৱা হৈছিল । কিন্তু জোৱাইক আদৰাৰ সপোন সপোন হৈয়ে থাকিল । নলবাৰীত থকা কইনাৰ ঘৰত ৰভাৰ কামো আধৰুৱা হৈয়ে থাকিল । বিয়াৰ বাবে অনা কাপোৰ আৰু আন আন সামগ্ৰীও ঘৰৰ এটা কোঠালিতে পৰি থাকিল । কইনাৰ লগতে তেওঁৰ পৰিয়ালৰ লোকসকল এতিয়া শোকত ভাগি পৰিছে ।