কলিয়াবৰ: উপ-নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত ৷ দিল্লীমুখী হোৱাৰ পাচত নিজৰ দুৰ্গ ৰক্ষাৰ ভাৰ পুত্ৰক দিয়াৰ বাবে আসন্ন উপ-নিৰ্বাচনত উঠি-পৰি লাগিছে সাংসদ ৰকিবুল হুছেইন ৷ যিকোনো প্ৰকাৰে চামগুৰিৰ পৰা পুত্ৰ তাঞ্জিলক জয়ী কৰাই সমষ্টিটোত নিজৰ আধিপত্য ৰক্ষা কৰাৰ কুচকাৱাজত ব্যস্ত সাংসদৰগৰাকী ৷
বৃহস্পতিবাৰে ৰকিবুল হুছেইনৰ দুৰ্গত ভোটযুদ্ধ দামামা বজাবলৈ গৈছিল একালৰ নলেগলে লগা বন্ধু তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ নিজৰ সমষ্টিতে ৰকিবুল হুছেইনৰ শাৰীৰিক অৱয়বক লৈ তীব্ৰ কটাক্ষ কৰা দেখা গ’ল মুখ্যমন্ত্ৰীয়ে ৷ আওপকীয়াকৈ বলদ গৰুৰ সৈতেও কৰিবুল হুছেইনক তুলনা কৰিবলৈ নাপাহৰিলে ড৹ শৰ্মাই ৷
চামগুৰিত হিমন্ত বিশ্ব শৰ্মাই উচ্চ স্বৰেৰে ৰকিবুল হুছেইনক সমালোচনা কৰি থকাৰ সময়ত তেওঁ ক’ত ব্যস্ত আছিল জানেনে ? কলিয়াবৰত চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণৰ বাবে চৰকাৰে বিকল্প চিন্তা কৰা বিষয়টোক লৈ প্ৰতিবাদ কৰিবলৈ বৃহস্পতিবাৰেহে যেন সময় ওলাল ৰকিবুল হুছেইনৰ ৷
বাজিছে ৰণডংকা (ETV Bharat Assam) চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ দিশ মুখ্যমন্ত্ৰীয়ে নিজৰ পৰিয়ালৰ স্বাৰ্থত সলনি কৰাৰ অভিযোগ হুছেইনৰ । জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত ঘাইপথৰ সম্প্ৰসাৰণ নকৰি কলিয়াবৰ তিনিআলিৰ পৰা আন দিশৰে নিবলৈ পৰিকল্পনা কৰা কাৰ্যৰ বিৰুদ্ধে কলিয়াবৰত প্ৰতিবাদত বহিল সাংসদ হুছেইন ।
মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি আৰু ৰিজ'ৰ্টৰ কাষৰে চাৰিলেন পথ নিৰ্মাণ কৰি কুঁৱৰীটোল, হাটবৰ, জখলাবন্ধা আদি বৃহত্তৰ অঞ্চলৰ ৰাইজক সুবিধাৰ পৰা বঞ্চিত কৰিব বিচাৰিছে বুলিও তেওঁ অভিযোগ কৰে । আনহাতে, ৰকিবুল হুছেইনৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ তদন্তক প্ৰত্যাহ্বান জনাই মুখ্যমন্ত্ৰীয়ে ঘৰত বহুৱাই অনিয়মৰে প্ৰাৰ্থীক চাকৰি দিছে বুলিও তেওঁ কয় ৷
উল্লেখ্য যে, কলিয়াবৰ তিনিআলিৰ পৰা এক নতুন দিশেৰে এই ফ’ৰলেন নিৰ্মাণৰ বিৰোধিতাৰে কলিয়াবৰৰ ৬৫ গৰাকী বিশিষ্ট নাগৰিকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৮/২০২৪ নম্বৰত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰে ৷ বিৰোধী দল কংগ্ৰেছে চাৰিলেনযুক্ত প্ৰসংগক লৈ মুকলিকৈ সমৰ্থন জনোৱাত আদৰণি জনাইছে কলিয়াবৰ চাৰিলেনযুক্ত দাবী সমিতিয়ে ।
আনহাতে, জখলাবন্ধাৰ মাজেৰে চাৰিলেনযুক্ত ঘাইপথ সম্প্ৰসাৰণ দাবী সমিতিৰ প্ৰতিনিধিও সাংসদগৰাকীৰ সৈতে এক বৈঠকত মিলিত হয় । সাংসদ ৰকিবুল হুছেইনৰ লগতে এই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ, নগাঁও জিলা কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰশান্ত কুমাৰ শইকীয়া তথা কলিয়াবৰ দলীয় নেতা-কৰ্মীসকলেও ।