অসম

assam

জয়ী হ'লে বানত ক্ষতিগ্ৰস্তক সকলো প্ৰকাৰে সহায় কৰিব প্ৰদ্যুৎ বৰদলৈয়ে - Assam Flood 2024

By ETV Bharat Assamese Team

Published : Jun 1, 2024, 8:47 PM IST

Flood in Nagaon: কামপুৰৰ বান পৰিস্থিতিৰ বুজ ল'লে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । বানত বিধ্বস্ত হোৱা প্ৰতিটো পথ পুনৰ মেৰামতিৰ আশ্বাস । তেওঁৰ প্ৰথমটো সাংসদ পুঁজিৰে নিৰ্মাণ কৰা দলং উটুৱাই নিলে বানে ।

Flood in Nagaon
কামপুৰত সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV BHARAT ASSAM)

নগাঁও, ১ জুন:বিগত কেইবাদিনো ধৰি কপিলী নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ পাছতেই কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ কেইবাখনো গাঁও প্লাৱিত হৈছে । বিশেষকৈ কাৰ্বি আংলঙৰ খাংদাং জলবিদ্যুৎ প্ৰকল্পৰ বান্ধ খুলি দিয়াৰ পাছতেই কপিলী নৈৰ লগতে বৰপানী নৈৰ বাঢ়নী পানীয়ে বুৰাই পেলাই কামপুৰ কচুৱাৰ বিস্তীৰ্ণ অঞ্চল । সম্প্ৰতি আশ্ৰয় শিবিৰত আছে বানাক্ৰান্ত । ইপিনে, লোকসভা নিৰ্বাচনৰ ফালফল ঘোষণা কৰিবলৈ মাজত মাত্ৰ দুটা দিন বাকী থকা অৱস্থাত কামপুৰৰ বানাক্ৰান্তৰ কাষত শনিবাৰে উপস্থিত হয় নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী তথা বৰ্তমানৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ ।

কামপুৰত সাংসদ প্ৰদ্যুৎ বৰদলৈ (ETV BHARAT ASSAM)

শনিবাৰে কামপুৰ ৰাজহ চক্ৰৰ অধীনৰ বানাক্ৰান্ত কেইবাখনো গাঁৱত উপস্থিত হৈ বান পৰিস্থিতিৰ বুজ লয় সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে । শনিবাৰে কামপুৰৰ ৰমণী পথাৰৰত উপস্থিত হৈ বানাক্ৰান্ত লোকৰ সৈতে মত বিনিময় কৰে সাংসদগৰাকীয়ে । বৰদলৈৰ প্ৰথমটো সাংসদ পুঁজিৰে নিৰ্মাণ কৰা ৰমণী পথাৰৰ এখন কাঠৰ দলং ইতিমধ্যেই উটুৱাই লৈ যায় বৰপানীৰ বাঢ়নী পানীয়ে ।

ৰমণী পথাৰৰ ৰাইজৰ সৈতে মত বিনিময় কৰি দলংখনৰ লগতে বানত বিধ্বস্ত হোৱা প্ৰতিটো পথ পুনৰ মেৰামতিৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাজ্যৰ মুখ্য সচিবৰ সৈতে যোগাযোগ কৰাৰ কথা উল্লেখ কৰে প্ৰদ্যুৎ বৰদলৈয়ে । লগতে মাত্ৰ দুটা দিনৰ পাছতেই ঘোষণা কৰিবলগীয়া নিৰ্বাচনী ফলাফলত ভগৱানে কৰিলে ইনশ্বাল্লাহ জয়ী হ'লে কামপুৰৰ বানত ক্ষতিগ্ৰস্তক সৰ্বোতপ্ৰকাৰে সহায় কৰিব বুলি মন্তব্য কৰে প্ৰদ্যুৎ বৰদলৈয়ে । লগতে নিজকে নিৰ্বাচনী ফলাফলৰ অপেক্ষাত নথকাৰ কথা উল্লেখ কৰি নিজৰ দায়িত্ব অবিৰতভাৱে চলাই নিয়া বুলিও দাবী কৰে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে ।

ABOUT THE AUTHOR

...view details