অসম

assam

ETV Bharat / state

পত্নী এলিজাবেথলৈ মুকলি চিঠি সাংসদ গৌৰৱ গগৈৰ - ELIZABETH COLEBOURN CONTROVERSY

সামাজিক মাধ্যমত পত্নীলৈ পত্ৰ লিখি কৃতজ্ঞতা প্ৰকাশ গৌৰৱ গগৈৰ ৷ ইফালে পুনৰ সামাজিক মাধ্যমত সাংসদগৰাকীৰ পত্নী এলিজাবেথ ক’লবাৰ্ণক আক্ৰমণৰ লক্ষ্য কৰি লয় মুখ্যমন্ত্ৰী শৰ্মাই ৷

ELIZABETH COLEBOURN CONTROVERSY
পত্নী এলিজাবেথলৈ মুকলি চিঠি সাংসদ গৌৰৱ গগৈৰ (Etv Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 15, 2025, 8:00 PM IST

গুৱাহাটী :ক্ষুৰধাৰ সমালোচনা আৰু গভীৰ উদ্বেগৰ মাজতো প্ৰিয়তমা পত্নীলৈ মুকলি চিঠি সাংসদ গৌৰৱ গগৈৰ । বিজেপি আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমালোচনাৰ মাজতে পত্নী এলিজাবেথলৈ চিঠি লিখিলে সাংসদ গৌৰৱ গগৈয়ে । গৌৰৱ গগৈয়ে প্ৰশংসা আৰু কৃতজ্ঞতাৰে উপচাই পেলালে পত্নী এলিজাবেথক । সামাজিক মাধ্যমত দিয়া পত্ৰখনে যথেষ্ট চৰ্চা লাভ কৰিছে ।

গৌৰৱ গগৈৰ বিদেশিনী পত্নী এলিজাবেথৰ আই এছ আইৰ সৈতে সম্পৰ্কৰ অভিযোগ আৰু দিল্লীস্থিত পাকিস্তানী উচ্চায়ুক্তক গৌৰৱ গগৈয়ে সাক্ষাৎ কৰাক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিয়ে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতি ভাবুকি আৰু সংশয় আনিব বুলি প্ৰশ্ন তুলি বিতৰ্কৰ সূচনা কৰিছে । ১৬ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ কেবিনেটত কেৱল এই বিষয়ে আলোচনা কৰাই নহয়, গৌৰৱ গগৈ আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰো হুংকাৰ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

পিছে মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সমালোচনা আৰু ধাৰাবাহিক আক্ৰমণে যেন গভীৰ কৰি তুলিছে গৌৰৱ গগৈৰ পত্নীপ্ৰেম ৷ পত্নী এলিজাবেথ ক’লবাৰ্ণ গগৈৰ কাষত থিয় দি কাব্যিক পত্ৰৰে গৌৰৱ গগৈয়ে পত্নীক প্ৰশংসা কৰিলে সামাজিক মাধ্যমত ।

গৌৰৱৰ পত্ৰখন:

“প্ৰিয় এলিজাবেথ,
আজি মই তোমাক কৃতজ্ঞতা জনাইছো,
যোৱা কিছুদিনৰ পৰা তোমাৰ নাম চৌদিশে চৰ্চিত,
আজি তোমাৰ নাগৰিকত্বৰ ওপৰত প্ৰশ্ন,

বিবাহৰ পাছত সকলো ছোৱালীয়েই ঘৰ-পৰিয়াল এৰি আহে,
কিন্তু, তুমি মাথো ঘৰ-পৰিয়ালেই নহয়, নিজৰ মাতৃভূমিকে এৰি আহিলা,

ভাৰতলৈ আহি তুমি আমাৰ ভাষা, সংস্কৃতি, পৰম্পৰাক আকোঁৱালি ল'লা,
এগৰাকী অসমীয়া বোৱাৰী হিচাপে অসমলৈ আহি তুমি আমাৰ সংস্কৃতি গ্ৰহণ কৰিলা,

নাম, ভাওনা, বিহু, পূজা সকলোতে তুমি ভাগ ল'লা,
কৰ্মস্থলী দিল্লীতে থাকি আমাৰ দুই সন্তানক ডাঙৰ-দীঘল কৰিছা,

তোমাৰ বৃটিছ পাচৰ্পোট তোমাৰ অপৰাধ নহয়, তোমাৰ OCI কাৰ্ডো কোনো নীতি বহিৰ্ভূত নহয়,

নিশ্চয়কৈ প্ৰতিগৰাকী নাৰীৰ দৰেই তোমাৰ নিজৰ মা-দেউতা আৰু নিজৰ মাতৃভূমিৰ প্ৰতি অলপ হ'লেও টান থাকিবই,
নিজৰ মা-দেউতাক লগ পাবলৈ মনত হেঁপাহ থাকিবই,

তুমি ৰাজনীতিৰ পৰা বহু আঁতৰত থাকা, কিন্তু আজি ৰাজনীতিয়ে তোমাকো টানি আনিছে,

তুমি আই এছ আই নহয়, এগৰাকী মেধাসম্পন্ন প্ৰতিভাশালী নাৰী,
অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ ওপৰত বিশ্বাস ৰাখা ।
সকলোৱে জানে প্ৰকৃত সত্য কি,

সত্যমেৱ জয়তে ।”

পত্নী এলিজাবেথক প্ৰশংসা কৰাৰ লগতে এই কাব্যিক পত্ৰৰে বিতৰ্ক সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সমালোচনা তথা প্ৰশ্নবোৰৰো যেন উত্তৰ দিলে গৌৰৱ গগৈয়ে । উল্লেখ্য যে এলিজাবেথক কেন্দ্ৰ কৰি গৌৰৱ গগৈক সাঙুৰি হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ প্ৰশ্নবোৰৰ অন্যতম প্ৰশ্ন আছিল - ১২ বছৰে কিয় ভাৰতীয় নাগৰিকত্ব লোৱা নাই গৌৰৱ পত্নী এলিজাবেথে ?

আনকি, শনিবাৰেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এলিজাবেথক লৈ সামাজিক মাধ্যমত আক্ৰমণ কৰিলে এইদৰে, “মাননীয় সাংসদৰ পত্নী এলিজাবেথ ক’লবাৰ্ণে আলি তাকিৰ শ্বেখৰ অধীনত লীড পাকিস্তান নামৰ সংস্থাটোত কাম কৰিছিল ৷ উক্ত সংস্থাটিয়ে জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় পদক্ষেপৰ অন্তৰালত কাম কৰে ৷ শ্বেখৰ কাম আৰু প্ৰবন্ধবোৰ ভালদৰে পৰীক্ষা কৰিলে এক গভীৰ আৰু অধিক কৌশলগতভাৱে কাম কৰাৰ ৰূপ এটা প্ৰকাশ পায়, যিটো বিশেষকৈ অসমৰ সৈতে বেছি প্ৰাসংগিক । এই নেটৱৰ্কৰ পৰিধি আৰম্ভণিতে ভবাতকৈ এতিয়া অধিক গুৰুতৰ আৰু গভীৰ ৰূপত ওলাই পৰিছে ।”

আনহাতে আন এটা পোষ্টত মুখ্যমন্ত্ৰীয়ে এলিজাবেথক পুনৰ এবাৰ আক্ৰমণৰ লক্ষ্য কৰি লয়, “মাননীয় সাংসদগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ পিছত এলিজাবেথ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত অধিক গুৰুতৰ তথ্য ওলাইছে । এতিয়া এটা গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে- ২০১৩ চনৰ পৰা ২০১৫ চনৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত অনুপ্ৰৱেশৰ চেষ্টা হৈছিল নেকি ? কাইলৈ ​​অসম কেবিনেটে এই বিষয়ত গুৰুত্ব সহকাৰে আলোচনা কৰিব ৷”

লগতে পঢ়ক:নাম উল্লেখ নকৰাকৈ এগৰাকী সাংসদৰ পত্নীক লৈ মুখ্যমন্ত্রীৰ প্ৰতিক্ৰিয়া : কাৰ প্ৰসংগত কি ক'লে সামাজিক মাধ্যমত

মোৰ পত্নী যদি পাকিস্তানী এজেণ্ট, মই ভাৰতীয় এজেণ্ট: গৌৰৱ গগৈ

অনলাইন যুঁজ : মুখ্যমন্ত্রীক প্ৰত্যুত্তৰ সাংসদ গৌৰৱ গগৈৰ, পুনৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্রীৰ

ABOUT THE AUTHOR

...view details