তেজপুৰ, ২৮ ছেপ্টেম্বৰ:মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে পুনৰ সৰৱ হৈছে সাংসদ গৌৰৱ গগৈ । এইবাৰ সাংসদগৰাকীয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসন কালৰ প্ৰশংসাত পঞ্চমুখ হৈ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক । হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শাসনকালৰ পাৰ্থক্য়ৰে চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়,"পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সময়ত বিজেপিক অসমৰ ৰাইজে মৰমৰে চাইছিল । হিমন্ত বিশ্ব শৰ্মাই, মুখ্যমন্ত্ৰী হোৱাৰ লগে লগে ভয় ভাবুকিৰে জনসাধাৰণক পৰিচালিত কৰি আহিছে । "
মহাভৈৰৱ মন্দিৰত আশিস ল'লে গৌৰৱ গগৈয়ে
শনিবাৰে তেজপুৰৰ মহাভৈৰৱ মন্দিৰত ৰাইজৰ মংগল কামনাৰে আশিস লৈ মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰৱ হৈ কয়," সংবাদ পৰিবেশনৰ পৰা আদি কৰি বিভিন্ন ক্ষেত্ৰত বিজেপি দলৰ চৰকাৰখনে দমন নীতিৰে শাসন চলাই আহিছে । ৰাইজে এতিয়া আৰু ভয় ভাবুকি লৈ মন নিদিয়া হৈছে । বিগত লোকসভা নিৰ্বাচনৰ আগৰে পৰাই ৰাইজে কংগ্ৰেছৰ প্ৰতি ধাৱমান হৈছে । ভয়-ভাবুকি,ব্লেকমেইল আদিৰ বিৰুদ্ধে যুঁজ দিবলৈ সাজু । "
ৰাজ্যত মাফিয়াৰাজ চলিছে