বৰপেটাৰোড, 23 জুন: কোৱা হয় যে পৃথিৱীৰ আটাইতকৈ শান্তিৰ তথা নিৰাপদ স্থান হৈছে মাতৃৰ কোলা ৷ মাতৃৰ সমান মৰম আন কোনেও দিব নোৱাৰে ৷ সন্তানৰ বাবে মাতৃৰ ত্যাগক সৰ্বোচ্চ বুলি গণ্য কৰা হয় ৷ সেয়া লাগিলে মানুহৰ ক্ষেত্ৰতেই হওক বা জীৱ-জন্তুৰ ক্ষেত্ৰতেই হওক ৷ মাতৃস্নেহ বা মমতাৰ বহু কাহিনী আমি পাওঁ ৷ কিন্তু যেতিয়া জন্মদাত্ৰী মাতৃয়েই নিজৰ নিষ্পাপ শিশু সন্তানক হত্যা কৰাৰ দৰে জঘন্য কাৰ্য সংঘটিত কৰিব পাৰে, তেতিয়া আপুনিও নিশ্চয় ভাবিবলৈ বাধ্য হ’ব, কোন দিশে মানৱতা ৷
লগতে পঢ়ক:কোনে পুখুৰীত দলিয়ালে আজিজৰ 40 দিনীয়া দেৱ শিশুটিক ?
দাৰিদ্ৰতাই কোঙা কৰা পৰিয়ালত জন্মলাভ কৰাটোৱেই যেন কাল হ’ল এটি শিশুৰ ৷ দুচকু মেলি পৃথিৱীখন দেখা মাত্ৰ 40 দিন হে হৈছিল শিশুটিৰ ৷ কিন্তু মাতৃৰ নিষ্ঠুৰতাৰ বাবে চিৰদিনৰ বাবে চকুমুদিলে কন্যা শিশুটিয়ে ৷ নিজহাতে সন্তানক মাতৃয়ে দলিয়ালে পুখুৰীলৈ ৷ এই ঘটনাটো সংঘটিত হৈছে বৰপেটাৰোডৰ সমীপৰ বাক্সাৰ শিমলাগুৰীৰ ধূপগুৰীত ৷
নিজ সন্তানক নিৰ্মমভাৱে হত্যা:শুকুৰ নিশা মতৃৰ সৈতে শুই আছিল শিশুটি ৷ কিন্তু শনিবাৰে পুৱা পুখুৰীত উপঙি আছিল 40 দিনীয়া শিশুটিৰ মৃতদেহ ৷ প্ৰাৰম্ভিক অৱস্থাত পৰিয়ালৰ লোকে কোনো অজ্ঞাত ব্যক্তিয়ে নিশা মাতৃৰ বুকুৰ পৰা কাঢ়ি নি শিশুটিক হত্যা কৰা বুলি অভিযোগ তুলিছিল ৷ ঘটনাস্থলীত স্থানীয় শিমলাগুৰী আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে ৷ আৰম্ভ হয় তদন্ত ৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে আন কোনো অজ্ঞাত লোকে নহয়, খোদ শিশুটিৰ মাতৃয়েই সংঘটিত কৰিলে এই হত্যাকাণ্ডটো ৷