যোৰহাট, 1 ফেব্ৰুৱাৰী :এক মহান উদ্দেশ্য আগত লৈ বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে যোৰহাটৰ বিশিষ্ট সমাজ সেৱক বীৰেণ দত্তই । সমাজ সেৱক বীৰেণ দত্তৰ নিজা প্ৰচেষ্টাত ৰাজ্যবাসীৰ কল্যাণ আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ওপজা দিনৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে যোৰহাটৰ নিমাতিৰ ভিতৰককিলা কুমাৰ গাঁও পথাৰত এক লাখৰো অধিক বন্তি প্ৰজ্বলন কৰা হয় । লক্ষাধিক বন্তি প্ৰজ্বলনৰ জৰিয়তে আজি উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয় নিমাতী ভিতৰ ককিলা গাঁৱৰ পথাৰত ।
বিশেষ দিনটোৰ উপলক্ষে পথৰ দুয়োকাষে বন্তি প্ৰজ্বলন কৰি পথছোৱা উজ্বলাই তোলে গাঁওবাসী ৰাইজে । এইসমূহ বন্তি সমাজ কৰ্মী বীৰেণ দত্তৰ তত্বাৱধানত নিৰ্মাণ কৰে নিমাতী ভিতৰককিলাৰ কুমাৰ গাঁৱৰ মৃৎ শিল্পীসকলে । যোৰহাট জিলাৰ নিমাতী ভিতৰককিলা কুমাৰ গাঁৱৰ সমূহ ৰাইজ আৰু থলুৱা মৃৎ শিল্পীসকলৰ বন্তি প্ৰজ্বলনৰ উদ্দেশ্যে হ’ল অসমবাসী ৰাইজৰ শান্তি কামনা ৷ লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ দীৰ্ঘায়ু কামনা কৰি তেওঁ অসমক লৈ দেখা সপোন যাতে বাস্তৱত ৰূপায়িত হয় তাৰো কামনা কৰে গাঁওবাসীয়ে ।
আজি সন্ধিয়া মূল ভক্তি প্ৰদীপ প্ৰজ্বলনৰ উদ্বোধন কৰে দক্ষিণপাট আশ্ৰমী সত্ৰৰ ডেকা সত্ৰাধিকাৰ শ্ৰী শ্ৰী জগন্নাথ দেৱগোস্বামীয়ে । কুমাৰসকলৰ এনে কৰ্মই অসমবাসীৰ জনগণৰ মাজলৈ শান্তি নমাই আনিব বুলি ভাষণত কয় সত্ৰাধিকাৰগৰাকীয়ে ।