লখিমপুৰ, 20 আগষ্ট: লখিমপুৰত পুনৰ উদ্ধাৰ হ’ল জালনোট । মঙলবাৰৰ নিচেই পুৱাতে আৰক্ষীয়ে চলাইছিল অভিযান ৷ এই অভিযানত আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় চাৰি লক্ষাধিক জালনোট । জানিব পৰা মতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক গ্ৰেপ্তাৰ কৰিছে ।
হাছিনাৰ সহযোগীৰ ঘৰত অভিযান
উল্লেখ্য যে, লখিমপুৰৰ বিতৰ্কিত মহিলা হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত আৰক্ষীয়ে চলাইছিল এই অভিযান ৷ মঙলবাৰে আৰক্ষীয়ে ধৃত হাছিনা বেগমৰ স্বীকাৰোক্তিৰ ভিত্তিত হাছিনাৰ এগৰাকী সহযোগীৰ ঘৰত অভিযান চলায় । আৰক্ষীয়ে ম'হঘূলিৰ ৰহিম উদ্দিনৰ ঘৰত অভিযান চলাইছিল বুলি জানিব পৰা গৈছে ৷ এই অভিযানকালত আৰক্ষীয়ে জব্দ কৰে চাৰি লক্ষাধিক জালনোট ৷
জিলাখনৰ নাওবৈচা, বিহপুৰীয়া, বঙালমৰা আৰু খেলমাটিত আৰক্ষীৰ দলে এই অভিযান চলাইছিল বুলি জানিব পৰা গৈছে ।
প্ৰৱঞ্চনাৰ গোচৰত গ্ৰেপ্তাৰ বিতৰ্কিত হাছিনা
উল্লেখযোগ্য যে, বিগত 10 আগষ্টৰ দিনা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল হাছিনা বেগমক । বিহপুৰীয়া থানাৰ অন্তৰ্গত এজন লোকে হাছিনা বেগমৰ বিৰুদ্ধে প্ৰৱঞ্চনাৰ গোচৰো ৰুজু কৰে ৷ এজাহাৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে গুৱাহাটীৰ এখন হোটেলৰ পৰা হাছিনাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । হাছিনাৰ লগতে একেখন হোটেলৰ পৰা ফকৰুদ্দিন নামৰ এজনকো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । আৰক্ষীয়ে হাছিনাক পুনৰ দুদিনৰ বাবে জিম্মাত লৈ চলাইছিল অভিযান ।