অসম

assam

ETV Bharat / state

ঝুমইৰ বিনন্দিনী : স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত ঝুমুৰ নৃত্যৰে ইতিহাস ৰচিবলৈ সাজু ৮সহস্ৰাধিক শিল্পী - JHUMOIR BINANDINI

অপেক্ষা আৰু কিছু ক্ষণৰ ৷ প্ৰধানমন্ত্ৰীৰ উপস্থিতিত সোমবাৰে সন্ধিয়া ঝুমইৰ বিনন্দিনীৰে মুখৰিত হ’ব গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম ৷

Jhumoir Binandini
ঝুমুৰ নৃত্য (@himantabiswa)

By ETV Bharat Assamese Team

Published : Feb 23, 2025, 1:24 PM IST

গুৱাহাটী :ইতিহাস ৰচিবলৈ গৈ আছে ঝুমুৰ নৃত্যই । একেলগে একেস্থানত আঠ সহস্ৰাধিক নাচনীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য । সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে । অপেক্ষা মাথোঁ সেই ঐতিহাসিক ক্ষণৰ । যিটো ক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উদ্ভাসিত হ'ব ঝুমুৰ নৃত্য । সাজু হৈছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম ।

সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ উপৰি বহু অভ্যাগতৰ উপস্থিতিত সৰুসজাইত একেলগে আঠসহস্ৰাধিক ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰিব ‘‘ঝুমুৰ নৃত্য’’ । অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা ‘‘ঝুমইৰ বিনন্দিনী’’ শীৰ্ষক এই মেগা ঝুমুৰ নৃত্যই সোমবাৰে সন্ধিয়া ইতিহাস ৰচনা কৰিব । মহিলা নৃত্যশিল্পীকে ধৰি পুৰুষ নৃত্যশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসহ ৯ হাজাৰৰো অধিক শিল্পীয়ে এই অনুষ্ঠানত ভাগ ল'ব ।

ঝুমইৰ বিনন্দিনী (ETV Bharat)

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি ঝুমইৰ বিনন্দিনীত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীলৈ ২৫ হাজাৰকৈ টকা আগবঢ়োৱা হ'ল । লগতে ৰাজ্যৰ ৮০০ খন চাহ বাগিচালৈয়ো ২৫ হাজাৰ টকাকৈ আগবঢ়োৱা হ'ব । ইফালে ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান আৰু এডভাণ্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ বাবে আজিৰে পৰাই অসমলৈ সোঁত ব'ৱ দেশী বিদেশী অভ্যাগতৰ । কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আজি আহিব ৬০ খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত ।

সৰুসজাই ষ্টেডিয়ামত ঝুমইৰ বিনন্দিনী (ETV Bharat)

অপেক্ষা মাথোঁ সোমবাৰ বিয়লিলৈ । সোমবাৰে সন্ধিয়া ৬ বজাত ঝুমইৰ বিনন্দিনীৰে মুখৰিত হৈ পৰিব সৰুসজাই ষ্টেডিয়াম । ৰাজ্যৰ বিভিন্ন জিলাৰ পৰা অহা ঝুমুৰ নৃত্যৰ শিল্পীসকলে ইতিমধ্যে সৰুসজাইত চলাই আছে অনুশীলন । আজি সন্ধিয়া চূড়ান্ত অনুশীলন অনুষ্ঠিত হ'ব । য'ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ।

লগতে পঢ়ক :ড৹ সংগীতা কাকতিৰ কণ্ঠত দুটি আদিবাসী ঝুমুৰ গীত

লগতে পঢ়ক :শোষিত চাহ শ্ৰমিকৰ ঝুমুৰ নৃত্যৰে বিশ্ব ৰেকৰ্ডৰ প্ৰয়াস অসম চৰকাৰৰ

  • উৎসাহিত চাহ জনগোষ্ঠীৰ লোকসকল :

অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ এক অবিচ্ছেদ্য অংগ হ'ল ঝুমুৰ লোকনৃত্য । ঝুমুৰৰ আছে এক নিজা বৈশিষ্ট । চাহ বাগিচাক কেন্দ্ৰ কৰি গঠন হোৱা চাহ জনগোষ্ঠীটোৰ সংস্কৃতি বৰ্ণময় । বিহুৰ পাছত অসম চৰকাৰে চাহ জনগোষ্ঠীয় লোকসকলৰ চহকী সংস্কৃতি ঝুমুৰ নৃত্যকো বিশ্বমুখী কৰাৰ প্ৰয়াসেৰে এই বিশাল আয়োজন কৰিছে । এই আয়োজনক লৈ সমগ্ৰ জনগোষ্ঠীটোৱেই আজি আনন্দিত আৰু উৎফুল্লিত । কিন্তু এই জনগোষ্ঠীটোৰ দুখ-বেদনাৰো আন এক ইতিহাস আছে ।

ঝুমইৰ বিনন্দিনীত ভাগ লোৱা শিল্পী (ETV Bharat)

বছৰৰ পাছত বছৰ ধৰি শোষণ-বঞ্চনাৰ সন্মুখীন হৈ অহা এই জনগোষ্ঠীটো আজিও অতি পিছপৰি থকাৰ লগতে নানান সমস্যাৰে ভাৰাক্ৰান্ত । অৱশ্যে অসম চৰকাৰে আয়োজন কৰা ঝুমুৰৰ এই বিশাল অনুষ্ঠানে জনগোষ্ঠীটোক বিশেষভাৱে উৎসাহিত কৰিছে ।

  • চহকী কলা-সংস্কৃতিৰে ঐশ্বৰ্যশালী চাহ জনগোষ্ঠী :

চাহ জনগোষ্ঠীৰ অতি আদৰৰ ঝুমুৰ নৃত্যৰ আছে এক নিজা বৈশিষ্ট । চাহ বাগিছাক কেন্দ্ৰ কৰি গঠন হোৱা চাহ জনগোষ্ঠীটো নিজৰ সুকীয়া কলা-সংস্কৃতিৰে মহিমামণ্ডিত । চাহ জনগোষ্ঠীয় লোকসকল অসমতহে চাহ জনগোষ্ঠী হিচাপে পৰিচিত ।

ঝুমুৰ শিল্পী (ETV Bharat)

১৮ শতিকাতে অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ, উৰিশ্যা, ঝাৰখণ্ড, ছত্তিশগড়, বিহাৰ, উত্তৰ প্ৰদেশ, পশ্চিমবংগ আদিত আদিবাসী হিচাপে পৰিচিত তাঁতি, ওৰাং, বাউৰি, মুণ্ডা, ভূমিজ, কৰ্মকাৰ, তেলেঙা, বঢ়াইক, পানিকা, প্ৰধান, বণিয়া, গণ্ডা, গাজলু, গোবালা, মাঝি, চন্দ, নাগবংশী, তাচা, কৈৰী, ধানোৱাৰ, তেলী, ঘাটোৱাৰ, মলা, ভূঞা, নানিয়া আদি জাতি-উপজাতি আৰু খেলৰ শ্ৰমিকক অসমত চাহখেতি কৰিবলৈ ব্ৰিটিছসকলে আনিছিল ।

এনে শতাধিক আদিবাসী জাতি, উপজাতিৰ সংমিশ্ৰণত অসমত কালক্ৰমত সৃষ্টি হ’ল চাহ জনগোষ্ঠী । সেয়ে তেওঁলোকৰ বিভিন্ন গোটৰ নিজা নিজা সংস্কৃতি আছে । অসমত চাহ জনগোষ্ঠীয় লোকসকলৰ মাজত কৰম পূজা, টুচু পৰব, সৰহাই পৰব, ফাগুণ পৰব, দুৰ্বা পূজা, গ্ৰাম্য পূজা, মনসা পূজা ত্ৰিনাথ পূজা আদি প্ৰচলিত হৈ আহিছে ।

ঝুমুৰ নৃত্য (ETV Bharat)
লগতে পঢ়ক :ঝুমুৰৰ বাবেই উচ্চতৰ মাধ্যমিক পৰীক্ষা নিদিলে দুগৰাকী ছাত্ৰীয়ে

ঝুমুৰ, ঘেৰা, দমকচ, সাদি, সহৰাই, টুচু, নিচুকনি, ওমলা গীত আদিৰ জৰিয়তে চাহ জনগোষ্ঠীয় লোকসকলৰ বৈচিত্ৰময় জীৱন প্ৰতিফলিত হৈ আহিছে । ব্ৰিটিছৰ দিনত দেশৰ ভিন্ন ৰাজ্যৰ পৰা আনি চাহ বাগান তৈয়াৰ কৰাৰ কামত নিয়োজিত এই লোকসকলে চাহ বাগিচাৰ ভূমিতেই বাস কৰিছিল আৰু এতিয়াও চাহ শ্ৰমিকসকলে বাগানৰ ভূমিতেই বাস কৰি আহিছে ।

ঝুমইৰ বিনন্দিনীৰ আখৰা (ETV Bharat)

অৱশ্যে সময়ৰ লগে লগে বহুতে চাহ বাগিচাৰ পৰিসৰৰ পৰা ওলাই আহি বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈছে । সমাজৰ প্ৰতিটো ক্ষেত্রতে এই জনগোষ্ঠীটোৰ লোকসকলে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে । সেয়া লাগে ৰাজনীতিৰ ক্ষেত্ৰখনেই নহওক কিয় ।

অসমৰ অবিচ্ছেদ অংগ চাহ জনগোষ্ঠীৰ লোকসকল । তেওঁলোকে নিজা ভাষা-সাংস্কৃতিক ঐতিহ্যক ধৰি ৰখাৰ সমান্তৰালকৈ অসমীয়া ভাষা আৰু সংস্কৃতিকো আকোঁৱালি লৈছে । শিক্ষাৰ ক্ষেত্ৰত এতিয়াও এই জনগোষ্ঠীটো যথেষ্ট পিছপৰি আছে যদিও এই জনগোষ্ঠীটোৰ পৰা অসমে বিভিন্ন ক্ষেত্ৰত বহু প্ৰতিভা লাভ কৰিছে ।

ঝুমুৰ নৃত্য (ETV Bharat)

শিক্ষা, সংস্কৃতি, ক্ৰীড়া, ৰাজনীতি আদি ভিন্ন ক্ষেত্ৰত নিজা পৰিচয় গঢ়ি তুলিছে জনগোষ্ঠীটোৰ বহুজনে । নাম উল্লেখ কৰিবলে এখন বহু দিঘলীয়া তালিকা হ'ব ।

  • সুকীয়া বৈশিষ্টৰে মহিমামণ্ডিত ঝুমুৰ :

ঝুমুৰ অসমৰ চাহ জনগোষ্ঠীৰ অতি আদৰৰ আৰু হেপাঁহৰ লোকনৃত্য । ভাদ মাহৰ শুক্লা একাদশী তিথিত উদযাপিত চাহ জনজাতিসকলৰ কৰম পূজাৰ অংগৰূপে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হয় । বিশেষকৈ স্ত্ৰীপ্ৰধান হ'লেও পুৰুষেও ঝুমুৰ নৃত্যত অংশ গ্ৰহণ কৰে । এই নৃত্যত নাচনীসকলে একেলগে হাতত ধৰাধৰি কৰি এটা দীঘলীয়া শাৰীৰ সৃষ্টি কৰে ।

প্ৰথমগৰাকী নাচনীয়ে নিজৰ সোঁহাতৰ আঙুলিটো দ্বিতীয়জনী নাচনীৰ বাওঁহাতৰ আঙুলিত সুমুৱাই নাচে । সাধাৰণতে ডেকা-গাভৰুৱে অংশ লোৱা ঝুমুৰ নৃত্যত ল'ৰাই ঢোল, মাদল, তাল, বাঁহী আদি বাদ্যযন্ত্ৰ বজোৱাৰ লগতে ঝুমুৰ গীত গায় । ল'ৰাৰ এটি গীত শেষ হোৱাৰ লগে লগে নাচনীয়ে গীতৰ শেষৰ দুফাঁকি পুনৰাবৃত্তি কৰি নাচিবলৈ লয় ।

কৰম পূজাৰ দিনা সন্ধিয়াৰে পৰা ঝুমুৰ নৃত্য আৰম্ভ হয় আৰু বিভিন্ন সুৰ, তাল, লয়েৰে ওৰে নিশা চলি থাকে । স্বকীয় বৈশিষ্টৰে মহিমামণ্ডিত ঝুমুৰ নৃত্য এতিয়া কেৱল চাহ বাগনতে আৱদ্ধ হৈ থকা নাই । এই নৃত্যই এতিয়া বিশাল পৰিসৰ লাভ কৰিছে ।

লগতে পঢ়ক :বিশ্ব ৰেকৰ্ডৰ অংশীদাৰ হ'বলৈ সাজু অখ্যাত বাগিচাৰ এগৰাকী যুৱতী
  • মুখ্যমন্ত্ৰীৰ দৃষ্টিত কিহৰ বাবে এই বিশাল আয়োজন :

"অসমৰ চাহ বাগিচা আৰু আদিবাসী সমাজৰ এক অবিচ্ছেদ্য অংগ হ'ল ঝুমইৰ নামৰ লোকনৃত্য । ১৯ শতিকাত চাহ বাগিচা উদ্যোগৰ উত্থানৰ সময়ত অসমক আপোন ঘৰ কৰি লোৱা সকলো কঠোৰ পৰিশ্ৰমী পুৰুষ-মহিলা কামৰ পাছত আনন্দ আৰু মিলনৰ প্ৰকাশ হিচাপে ঝুমইৰৰ আৰম্ভণি ঘটিছিল । এসময়ত শ্ৰমিকৰ মনোৰঞ্জন বা কষ্ট লাঘৱৰ উপায়ৰ পৰা ঝুমইৰ এতিয়া আমাৰ চাহ বাগিচা সম্প্ৰদায়ৰ পৰিচয়ৰ এক মুখ্য কলা হিচাপে বিবেচিত হৈছে ।

সীতাপতি, হাছুলি, ঝুমকা, চন্ধৰ, পায়েৰী আদি পৰম্পৰাগত অলংকাৰ পৰিধান কৰি পুৰুষ-মহিলা উভয়ে এই সুন্দৰ নৃত্যভাগি পৰিৱেশন কৰে । ইয়াত সোণত সুৱগা চৰায় মাদল, ধমছা আৰু বাঁহী আদি বাদ্যৰ সুৰধ্বনিয়ে ।

আমাৰ বিনন্দীয়া সংস্কৃতিৰ অন্যতম ঝুমইৰ এনেদৰে প্ৰদৰ্শনৰ আমি কিয় আয়োজন কৰিছো ? কাৰণ দীৰ্ঘদিন ধৰি অসমৰ চাহ জনগোষ্ঠীয় ভাই-ভনীসকল দৰিদ্ৰতা আৰু অৱহেলাৰ মাজতে আবদ্ধ হৈ আছিল৷ প্ৰজন্মৰ পাছত প্ৰজন্মলৈ এক শোষণৰ বলি হৈ আছিল, উপযুক্ত মান্যতা পোৱা নাছিল তেওঁলোকৰ সংস্কৃতিয়েও৷ আমি ইয়াৰ পৰিৱৰ্তে তেওঁলোকৰ গৌৰৱময় সংস্কৃতিক আগতে দেখা নোপোৱা ধৰণে উদযাপন কৰিব বিচাৰো ।

আমি কেৱল আমাৰ চাহ জনগোষ্ঠীৰ চহকী সংস্কৃতিক উদযাপন কৰিয়েই হাত সাবটি বহি থকা নাই৷ চাহ বাগিচা অঞ্চলত নতুন বিদ্যালয়, পথ নিৰ্মাণৰ পৰা আৰম্ভ কৰি মহাবিদ্যালয় স্থাপন আৰু তেওঁলোকৰ যোগ্য ল'ৰা-ছোৱালীৰ নিযুক্তিলৈকে আমি কাম কৰি গৈছো৷ আমি তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্ম যাতে চিকিৎসক, অভিযন্তা আৰু চৰকাৰী চাকৰিয়াল হয়, তাৰ বাবে প্ৰতিটো খোজতে চিন্তা কৰিছো, হাতে-কামে কৰাৰ প্ৰয়াস কৰিছো৷

আহক, ২৪ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাইত আমি সকলোৱে ঝুমইৰ প্ৰদৰ্শন উপভোগ কৰি ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হৈ ৰওঁ ৷"

লগতে পঢ়ক :সৰুসজাইত 'ঝুমইৰ বিনন্দিনী'ৰ প্ৰস্তুতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে

লগতে পঢ়ক :এডভাণ্টেজ অসম আৰু 'ঝুমইৰ বিনন্দিনী': আহি আছে প্ৰধানমন্ত্ৰীৰ লগতে ৬০ গৰাকীকৈ ৰাষ্ট্ৰদূত

ABOUT THE AUTHOR

...view details