অসম

assam

ETV Bharat / state

দুৰ্গাপূজাত ৩০ কোটিৰ সুৰা সেৱন গুৱাহাটীৰ সুৰাপায়ীৰ

অসমত বাঢ়িছে ২৪.৯৭ শতাংশ সুৰা বিক্ৰী ৷ গুৱাহাটীত পূজাৰ ৪ দিনত ৩০ কোটিৰ সুৰা বিক্ৰীৰ অভিলেখ ।

By ETV Bharat Assamese Team

Published : Oct 14, 2024, 5:40 PM IST

Assam Excise Department
দুৰ্গাপূজাত ৩০ কোটিৰ সুৰা সেৱন মহানগৰীৰ সুৰাপায়ীৰ (ETV Bharat Assam)

গুৱাহাটী, ১৪ অক্টোবৰ : দেওবাৰে সমাপ্ত পৰিল শাৰদীয় দুৰ্গা পূজা । পূজাৰ আনন্দৰ মাজতে গুৱাহাটী মহানগৰত পূজাৰ সময়ত সুৰা বিক্ৰীয়ে গঢ়িলে অভিলেখ ৷ পূজাৰ ৪টা দিনত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী । যোৱা দেওবাৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ তিথি উপলক্ষে ৰাজ্যত বন্ধ আছিল সুৰা বিক্ৰী ।

পূজাত গুৱাহাটীত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী

আবকাৰী বিভাগৰ পৰ্টেলত এতিয়াও সমগ্ৰ ৰাজ্যত পূজাৰ ৪ দিনত বিক্ৰী হোৱা সুৰাৰ পৰিমাণ প্ৰতিফলিত হোৱা নাই যদিও গুৱাহাটীৰ বিক্ৰীৰ পৰিমাণৰ কথা জানিব পৰা গৈছে আবকাৰী বিভাগৰ তথ্যৰ পৰা । এইবাৰ পূজাত গুৱাহাটীত প্রায় ৩০ কোটি টকাৰ সুৰা বিক্ৰী হৈছে ।

২০১৬ৰ পৰা এতিয়ালৈকে আবকাৰী বিভাগে সংগ্ৰহ কৰা বৰ্ষভিত্তিক ৰাজহ তালিকা (Assam Excise Department Data)

আবকাৰী বিভাগৰ তথ্য অনুসৰি, গুৱাহাটীত ২০২২ বৰ্ষত ১৬.৮০ কোটি টকা, ২০২৩ বৰ্ষত ২২.৫০ কোটি টকাৰ সুৰা বিক্ৰী হৈছিল ৷ কিন্তু যোৱা ৯ অক্টোবৰৰ পৰা ১২ অক্টোবৰলৈকে এই চাৰিদিনত গুৱাহাটীত সুৰাৰ বিক্ৰীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ আবকাৰী বিভাগৰ তথ্য অনুসৰি, পূজাত পূৰ্বে ইমান বৃহৎসংখ্যক সুৰা বিক্ৰীৰ কোনো অভিলেখ নাই ।

গুৱাহাটীত কিমানখন সুৰা বিপণি/বাৰ আছে ?

উল্লেখ্য যে কামৰূপ মহানগৰ জিলাত আছে অসমৰ ভিতৰতে সৰ্বাধিক পৰিমাণৰ ৱাইন শ্বপ, বাৰ আৰু দেশী সুৰাৰৰ বিপণি ৷ আবকাৰী বিভাগৰ অনুমোদিত মুঠ ৬৮৩ খন সুৰাৰ বিক্ৰী কেন্দ্ৰ আছে কামৰূপ মহানগৰত । অসম বিধানসভাত যোৱা ২৮ আগষ্টত আবকাৰী মন্ত্ৰী কেশৱ মহন্তই দাখিল কৰিছিল এই তথ্য ৷

তথ্য অনুসৰি, কামৰূপ মহানগৰ জিলাত মুঠ ৬৮৩ খন সুৰা বিক্ৰী কেন্দ্ৰৰ ভিতৰত সুৰাৰ বিপণি (অফ শ্বপ বিপণী) আছে 332 খন, বাৰ ( অন শ্বপ বিপণি) আছে ২৪৯ খন আৰু দেশীয় সুৰাৰ বিপণি (Retail Shop Country Spirit) আছে ১০২ খন ৷

ৰাজ্যত সুৰাৰ বিক্ৰী বৃদ্ধি হৈছে কিয় ?

ৰাজ্যত শেহতীয়াভাৱে কেইটামান বছৰত বৃদ্ধি পাইছে সুৰিৰ বিক্ৰী ৷ ৰাজ্য চৰকাৰে বিত্তীয় সংকটৰ মোকাবিলা কৰিবলৈ আবকাৰী ৰাজহ বৃদ্ধিৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিয়া দেখা গৈছে । আনকি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্যিক বিজেপি চৰকাৰে সুৰা বিক্ৰীৰ লক্ষ্যও নিৰ্ধাৰণ কৰি দিছিল সুৰা বিপণিসমূহক ৷ সুৰাৰ দাম বৃদ্ধিৰ ফলত বিক্ৰী কমা বাবে ১ ছেপ্টেম্বৰৰ পৰা দাম কমাবলৈ বাধ্য হৈছিল ৰাজ্য চৰকাৰ ।

অসমত সুৰাৰ বিক্ৰী ২৪.৯৭ শতাংশ বৃদ্ধি

২০২৩-২০২৪ বিত্তীয় বর্ষৰ জুলাইলৈকে ৰাজ্যত আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণ ৮৬২.৬২ কোটি আছিল ৷ তাৰ বিপৰীতে ২০২৪-২০২৫ বিত্তীয় বর্ষৰ জুলাইলৈ আবকাৰী ৰাজহ সংগ্ৰহৰ পৰিমাণ হ'ল ১,০৭৮.০১ কোটি টকা । আবকাৰী বিভাগৰ তথ্য অনুসৰি, ২০২৩-২০২৪ বিত্তীয় বর্ষতকৈ ২০২৪-২৫ বৰ্ষৰ সুৰাৰ বিক্ৰী ৰাজ্যত ২৪.৯৭ শতাংশ বৃদ্ধি পাইছে ।

২০১৬ চনৰ পৰা যোৱা আগষ্ট মাহলৈ অসম চৰকাৰে সংগ্ৰহ কৰা আবকাৰী ৰাজহৰ বৰ্ষভিত্তিক পৰিমাণ চালেই আপুনি বুজিব পাৰিব অসমত কিদৰে প্ৰতিবছৰে বৃদ্ধি পাইছে সুৰাৰ বিক্ৰীৰ পৰিমাণ ।

অসম চৰকাৰৰ আবকাৰী বিভাগৰ তথ্য অনুসৰি, যোৱা ২০০১ চনৰ পৰা ২০২০ চনলৈকে ৰাজ্যখনত নতুনকৈ কোনো বিলাতী সুৰাৰ বিপণীৰ (IMFL Retail 'OFF' Shop) অনুজ্ঞাপত্র প্রদান কৰা হোৱা নাছিল । ২০২১ চনৰ ৰাজ্যিক কেবিনেটৰ অনুমোদনমর্মে ৰাজ্যখনত নতুনকৈ ১৬ খন বিলাতী সুৰাৰ বিপণীৰ (IMFL Retail 'OFF' Shop) অনুজ্ঞাপত্র প্রদান কৰা হয় ।

তাৰ উপৰি ২০২২ চনত ৪০৮ খন গ্ৰামাঞ্চলত অৱস্থিত বাৰক (IMFL 'ON' Shop) বিলাতী সুৰাৰ বিপণীলৈ (IMFL 'OFF' Shop) পৰিবৰ্তিত কৰা হৈছে । অসম বিধানসভাৰ মজিয়াতো একেই তথ্য যোগান ধৰিছে অসম চৰকাৰে ৷ শেহতীয়াকৈ অনলাইন নিবিদা প্রক্রিয়াৰ জৰিয়তে নতুনকৈ বিলাতী সুৰাৰ বিপণি (IMFL 'OFF' Shop) ২৬ খন জিলাত ৰাজ্য চৰকাৰে দিয়াৰ পদক্ষেপ হাতত লয় ।

এই জিলাকেইখন ক্রমে বজালী, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্রুগড়, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ (মহানগৰ), কামৰূপ, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, লখিমপুৰ, মৰিগাঁও, নগাঁও, শিৱসাগৰ, শোণিতপুৰ, তিনিচুকীয়া, ওদালগুৰি, ডিমা হাচাও, গোলাঘাট আৰু কোকৰাঝাৰ জিলা ।

এই জিলাসমূহত সর্বমুঠ ২০৩ খন নতুন বিলাতী সুৰাৰ দোকান দিয়াৰ ব্যৱস্থা কৰা হৈছে । ইয়াৰ ভিতৰত ৪২ খন বিলাতী সুৰাৰ বিপণিৰ (IMFL 'OFF' Shop) অনুজ্ঞাপত্র প্রদান কৰা হৈছে ।

অসমৰ কোন জিলাত কিমানসংখ্যক ৱাইন শ্বপ, বাৰ আৰু দেশীয় সুৰাৰ বিপণী আছে তাৰ তালিকা (Assam Excise Department Data)

অসমত কিমান সুৰাৰ বিপণি আৰু বাৰ আছে ?

বৰ্তমান অসমত মুঠ ১,৭৩৮ খন সুৰাৰ বিপণি (IMFL 'OFF' Shop), ১,০২৩ খন বাৰ (IMFL 'ON' Shop) আৰু ৭৭৭ খন দেশীয় সুৰাৰ (Retail Shop Country Liquor) বিপণি আছে । এই সকলো মিলাই অসমত আবকাৰী বিভাগৰ দ্বাৰা অনুমোদিত মুঠ ২,৫২৮ টা সুৰা বিক্ৰী কেন্দ্ৰ আছে ৷

লগতে পঢ়ক :প্ৰতিমা বিসৰ্জনৰ সময়ত দুৰ্ঘটনা: জি এম চি এইছত চিকিৎসাধীন ১২০ জন
লগতে পঢ়ক :জন্মস্থানত অগপৰ প্ৰতিষ্ঠা দিৱসত দলৰ ভেটি শক্তিশালী কৰাৰ সংকল্প

ABOUT THE AUTHOR

...view details