শিলচৰ, ১৬ আগষ্ট :স্বাধীনতা দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হয় মৰেল পুলিচিঙৰ এক ভয়ংকৰ ঘটনা । এইবাৰ স্থান কাছাৰ । কাছাৰ জিলাৰ সোনাই নৰসিংপুৰত লাভ জেহাদৰ অভিযোগ উত্থাপন কৰি খুটাত বান্ধি এজন যুৱকক নিৰ্মমভাৱে প্ৰহাৰ কৰিলে মৰেল পুলিচে । কেৱল যুৱককেই নহয়, এগৰাকী যুৱতীকো মৰেল পুলিচে ৰাজপথত চলালে আক্ৰমণ । এই ঘটনাটো সামাজিক মাধ্য়মত ভাইৰেল হোৱাৰ পিছতেই সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ।
ঘটনাটো কেনেকৈ সংঘটিত হ'ল ?
জিলাখনৰ সোনাই কাজিডহৰ আলী আহমেদ চৌধুৰী নামৰ যুৱকজনৰ সোনাই শিলডুবি অঞ্চলৰ এগৰাকী আন ধৰ্মৰ যুৱতীৰ লগত প্ৰেমৰ সম্পৰ্ক আছিল । বৃহস্পতিবাৰে অৰ্থাৎ স্বাধীনতা দিৱসৰ দিনা যুৱকজনে প্ৰেমিকাক নৰসিংপুৰত থকা যুবতীগৰাকীৰ কলেজৰ সম্মুখত লগ ধৰিবলৈ গৈছিল । কলেজৰ সম্মুখত দুই প্ৰেমিক-প্ৰেমিকাই কথাপাতি থকাৰ সময়তে হঠাতে এটা যুৱকৰ দল উপস্থিত হৈ যুৱকজনক আটক কৰে ।