নগাঁও, ৫ আগষ্ট :প্ৰায়েই বিতৰ্কত সাঙোৰ খাই চৰ্চিত হৈ অহা এগৰাকী কংগ্ৰেছ বিধায়ক । নাম তেওঁৰ নুৰুল হুদা । একালৰ চামগুৰি সমষ্টিৰ কংগ্ৰেছী পালিনেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ হোৱাৰ সুবাদতে চামগুৰিৰ পৰা আহি ৰূপহীহাটৰ পৰা নিৰ্বাচিত হোৱা বিধায়ক নুৰুল হুদা পুনৰ এবাৰ চৰ্চালৈ আহিছে । এইবাৰ অৱশ্যে নিজৰ বাবে নহয়, পুত্ৰৰ এক বেআইনী কাণ্ডই চৰ্চালৈ আনিছে বিধায়ক নুৰুল হুদাক ।
কাৰণ- আৰক্ষীৰ চকুত তেলচুৰি চক্ৰৰ সৈতে জড়িত আছে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদা । ইতিমধ্যে বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰকিবুল হুদাৰ বিৰুদ্ধে তেলচুৰি চক্ৰৰ সৈতে জড়িত থকাৰ তথ্য লাভ কৰিছে নগাঁও আৰক্ষীয়ে । আৰক্ষীয়ে বিধায়ক পুত্ৰৰ বিৰুদ্ধে কিছু তথ্য লাভ কৰাৰ পিচতেই শনিবাৰে নিশা বিধায়কপুত্ৰক বিচাৰি দিছপুৰৰ বিধায়ক আবাসত নগাঁও আৰক্ষীৰ এটা দলে অভিযান চলায় । তাৰ পিচত দেওবাৰে নিশা গোচৰ ৰুজু হৈ থকা কলিয়াবৰৰ উলুৱনি আৰক্ষী থানাত আত্মসমৰ্পন কৰে বিধায়কৰ অভিযুক্ত পুত্ৰ ৰকিবুল হুদাই । আনহাতে, নিশাতেই কলিয়াবৰ আৰক্ষীয়ে জেৰা চলোৱাৰ অন্তত গ্ৰেপ্তাৰ কৰে অভিযুক্ত ৰকিবুল হুদাক ।
বিধায়ক পুত্ৰৰ বিৰুদ্ধে কি কি তথ্য লাভ কৰিলে নগাঁও আৰক্ষীয়ে ?
নগাঁৱৰ কলিয়াবৰৰ জখলাবন্ধা, বাগৰি আদি অঞ্চলত চলি থকা বৃহৎ তেলচুৰি চক্ৰৰ বিৰুদ্ধে নগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা আৰু কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি দত্তৰ নেতৃত্বত আৰম্ভ হোৱা এক অভিযানত গ্ৰেপ্তাৰ হয় অসাধু তেলচুৰি চক্ৰটোৰ কেইবাজনো সদস্য । এই চক্ৰটোৰ সদস্যকেইজন আৰক্ষীৰ জালত পৰাৰ পাচতেই চক্ৰটোৰ সৈতে বিধায়কপুত্ৰ ৰকিবুল হুদা জড়িত থকাৰ তথ্য লাভ কৰে আৰক্ষীয়ে ।
চক্ৰটোৰ এজন সদস্যৰ পৰা আৰক্ষীক মেনেজ কৰাৰ নামত ইতিমধ্যেই ইউ পি আইৰ (UPI) লেনদেনৰ জৰিয়তে ৫০ হেজাৰ টকা বিধায়কপুত্ৰ ৰকিবুল হুদাই লোৱাৰ তথ্যও লাভ কৰিছে নগাঁও আৰক্ষীয়ে । যাক লৈ এতিয়া বিধায়ক নুৰুল হুদাই প্ৰতিনিধিত্ব কৰা ৰূপহীহাট সমষ্টিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।