চামগুৰি/নগাঁও : ৰাজ্যৰ উপ-নিৰ্বাচন সমাগত । নিৰ্বাচন চমু চাপি অহাৰ লগে লগে চামগুৰি সমষ্টিত উত্তেজনাও বৃদ্ধি পাইছে । কংগ্ৰেছ-বিজেপিৰ সংঘাতে ভয়ংকৰ ৰূপ লৈছে চামগুৰিত । ইয়াৰ মাজতে শুকুৰবাৰে নিশা কংগ্ৰেছ নেতাৰ বাসগৃহত ভয়ংকৰ আক্ৰমণ । ১০-১৫ জনীয়া দলে কংগ্ৰেছ নেতাৰ বাসগৃহত চলালে তাণ্ডৱ । কেইবাখনো বাহন ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তৰ দলটোৱে । ওছমান আলী নামৰ নেতাজনৰ ঘৰৰ খিৰিকীও ভাঙিলে দলটোৱে । সমগ্ৰ ঘটনা বন্দী হৈছে চিচি টিভি কেমেৰাত ।
তাঞ্জিল হুছেইনৰ প্ৰতিক্ৰিয়া
এই ঘটনাৰ পিছতে চামগুৰিৰ লগতে সমগ্ৰ ৰাজ্যখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । পুৱাই সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থী তাঞ্জিল হুছেইন আৰু তেওঁৰ পিতৃ তথা ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন উক্ত স্থানত উপস্থিত হয় । কংগ্ৰেছ নেতাজনৰ পৰিয়ালক সাক্ষাৎ কৰি পৰিস্থিতিৰ বুজ লয় । ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি তাঞ্জিল হুছেইনে বিস্ফোৰক মন্তব্য কৰে । তাঞ্জিল হুছেইনৰ অভিযোগ অনুসৰি দুৰ্বৃত্তৰ দলটোৱে কংগ্ৰেছ নেতা ওছমান আলীৰ বাসগৃহত একে-৪৭ৰ গুলী পেলাই থৈ গৈছে । ঘটনাত আৰক্ষীৰ লোক জড়িত থকাৰো সন্দেহ প্ৰকাশ কৰে তাঞ্জিল হুছেইনে । এই আক্ৰমণৰ ঘটনাত বিজেপিৰ ওপৰতো সন্দেহৰ আঙুলি টোঁৱালে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।
উল্লেখ্য যে শুকুৰবাৰে নিশা দুৰ্বৃত্তৰ দলটোৱে ওছমান আলীৰ বাসগৃহত থকা কেইবাখনো বাহনৰ বিস্তৰ ক্ষতিসাধন কৰে । লগতে ঘৰৰ খিৰিকীও ভাঙি থৈ যায় দলটোৱে ।