অসম

assam

ETV Bharat / state

ডলামৰাত নাবালিকাক বলাৎকাৰ কৰি হত্যা

Karbi Anglong News: কাৰ্বি আংলঙত এগৰাকী নাবালিকাক ধৰ্ষণ কৰি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ 12 বছৰীয়া কিশোৰীগৰাকীক একেগাঁৱৰে এগৰাকী যুৱকে এনেদৰে হত্যা কৰাৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ ৷

By ETV Bharat Assamese Team

Published : Jan 30, 2024, 9:06 PM IST

Dolamara rape case
কাৰ্বি আংলং

ডিফু, ৩০ জানুৱাৰী: কাৰ্বি আংলং জিলাৰ ডলামৰাত এক জঘন্য ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে ৷ এগৰাকী কিশোৰীক বলাৎকাৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ কাৰ্বি আংলঙৰ ডলমৰা আৰক্ষী থানাৰ অধীনৰ নিলিপ পৰিষদীয় সমষ্টিৰ বৰপুঙত ঘটনাটো সংঘটিত হোৱাৰ কথা পোহৰলৈ আহিছে ।

ঘটনাৰ বিৱৰণি অনুসৰি ১২ বছৰীয়া কিশোৰীগৰাকীয়ে ডলামৰাত থকা আত্মীয়ৰ ঘৰত থাকি শিক্ষাগ্ৰহণ কৰি আছিল । যোৱা 25 ডিচেম্বৰ তথা খ্ৰীষ্টমাছত অতি অনগ্ৰসৰ বৰপুং নামৰ অঞ্চলটোত থকা নিজৰ বাসগৃহলৈ যোৱা কিশোৰীগৰাকীয়ে যোৱা ২৬ জানুৱাৰীত পুনৰ ডলামৰালৈ বুলি একেখন গাঁৱৰে দিলীপ বংফাৰ নামৰ এগৰাকী ব্যক্তিৰ সৈতে উভতি আহিছিল ।

ডলামৰালৈ উভতি অহাৰ বাটত দিলীপ ৰংফাৰ নামৰ যুৱকজনে কিশোৰীগৰাকীক বলাৎকাৰ কৰি হত্যা কৰি জংঘলত পেলাই দিয়াৰ চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগীৰ পৰিয়ালৰ লোকে । কিশোৰীগৰাকী ডলামৰালৈ উভতি নহাৰ তথ্য লাভ কৰি কিশোৰীগৰাকীৰ আত্মীয় আৰক্ষীৰ কাষ চাপে ।

আৰক্ষী আৰু আত্মীয়ই যোৱা ২৬ জানুৱাৰীব পৰা নিৰুদ্দেশ হৈ থকা কিশোৰীগৰাকীক বহু বিচাৰ-খোচাৰৰ অন্তত আজি মৃত অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় । আৰক্ষী সূত্ৰে জানিব পৰা মতে কিশোৰীগৰাকীয়ে দিলীপ ৰংফাৰৰ সৈতে এখন বাইকত ডলামৰালৈ বুলি উভতি আহোতে দিলীপ ৰংফাৰে এই জঘন্য কাণ্ড সংঘটিত কৰে ।

সম্প্ৰতি কাৰ্বি আংলং আৰক্ষীয়ে ইতিমধ্যে ধৰ্ষণ কৰি হত্যা কৰা অভিযোগত অভিযুক্ত দিলীপ ৰংফাৰক গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে । মৃত কিশোৰীগৰাকীৰ আত্মীয়ই মঙলবাৰে ডলামৰা থানাত উপস্থিত হৈ অভিযুক্তক ফাঁচী দিয়াৰ দাবী উত্থাপন কৰে ।

লগতে পঢ়ক:প্ৰেমৰ নগৰীত প্ৰেমিকৰ ব্লেকমেইলিং: তেজপুৰত কিশোৰীৰ আত্মহনন

ABOUT THE AUTHOR

...view details