তিনিচুকীয়া, ১১ মাৰ্চ :তিনিচুকীয়া জিলাৰ টিংৰাই ক্লাব খেলপথাৰত দেওবাৰে বিকাশ যাত্ৰা আঁচনিৰ অধীনত ৮১ টা উন্নয়নমূলক আঁচনিৰ আনুষ্ঠানিকভাৱে শিলান্যাস আৰু শুভ উদ্বোধন কৰা হয় ৷ প্ৰায় ২৫৮ কোটি টকাৰো অধিক আঁচনিৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰা হয় । এই আঁচনিৰ অধীনতে জিলা আয়ুক্তৰ তিনিচুকীয়া আৱৰ্ত ভৱন নিৰ্মাণৰ পৰা আদি কৰি জল জীৱন মিছনৰ অধীনত পানীৰ টেপ সংযোগ আৰু বৈধ আৰ্ৱজনাৰ নিষ্পত্তিৰ বাবেও নতুন কলৰ নিৰ্মাণ কৰা হ'ব ।
এই অনুষ্ঠানত উপস্থিত থাকি কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মন্তব্য কৰে যে চাহ বাগিচাৰ লোকসকলৰ সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন আচঁনি ৰূপায়ণ কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে । তেওঁ পুনৰ কয় যে এসময়ত বহু ৰাস্তা, পদূলি পথ বিনাশগ্ৰস্ত অৱস্থাত আছিল আৰু আজিৰ তাৰিখত চাহ বাগিচাৰ ৰাস্তা, পদূলি, পথ বহু উন্নত হৈছে ।
চাহ বাগিচা এলেকাত মহাপ্ৰভু জগন্নাথ সম্প্ৰদায়ৰ কেন্দ্ৰ স্থাপন কৰিবলৈ বহু আচঁনিৰ আজি শিলান্যাস কৰা হৈছে বুলিও তেওঁ কয় । মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মঞ্চৰ পৰাই বাগানৰ সকলো প্ৰবন্ধক আপত্তি বিহীন প্ৰমাণ পত্ৰ প্ৰদান কৰিবলৈ আহ্বান জনায় । মন্ত্ৰীগৰাকীয়ে জল জীৱন আদি কৰি বিভিন্ন আচঁনি উল্লেখ কৰি পাইপ লাইন গেছৰ সুবিধা বাগানৰ সদৰ ঠাইত ব্যৱস্থা কৰা হৈছে বুলি মন্তব্য কৰে ।
চাহ জনজাতি আৰু আদিবাসী কল্যাণ আৰু শ্ৰম কল্যাণ বিভাগৰ মন্ত্ৰী সঞ্জয় কিষাণে উল্লেখ কৰে যে চৰকাৰে ৫ খন উৎকৃষ্ট ৰাজ্যৰ ভিতৰত অসমক এটা স্থানৰ গৰাকী হ'বলৈ অহৰহ প্ৰচেষ্টা আগবঢ়ায় আহিছে । বিশেষকৈ চাহ বাগিচাৰ বাসিন্দাসকলৰ কাৰণে এটাৰ পৰা আন এটা লৈকে বিভিন্ন আঁচনি ৰূপায়ণ কৰাত অবিৰাম কষ্ট, চেষ্টাৰ লগতে বহুতো প্ৰত্যাহ্বান নেওচি পদক্ষেপ গ্ৰহণ কৰা হৈছে । মন্ত্ৰীগৰাকীয়ে তিনিচুকীয়া জিলাৰ বিভিন্ন আঁচনি আৰু অনুমোদিত ধনৰ বিষয়ে উল্লেখ কৰে ৷