অসম

assam

ETV Bharat / state

অখিল গগৈয়ে ৰাজনীতি বাদ দি বানাক্ৰান্তৰ কাষলৈ যাওক : পীযুষ হাজৰীকা - Assam Flood 2024

Assam Flood 2024: অখিল গগৈক ৰাজনীতি বাদ দি বানাক্ৰান্তৰ কাষলৈ যাবলৈ আহ্বান মন্ত্ৰী পীযুষ হাজৰীকাৰ । গৌৰৱ গগৈৰ পিতৃৰ দিনত ৩৫৪ টালৈকে মথাউৰি ছিগাৰ বিপৰীতে, এতিয়া ১৫-২০ টাহে মথাউৰি ছিগে বুলি গৌৰৱ গগৈক সমালোচনা মন্ত্ৰীগৰাকীৰ । খোৱাঙত বান পৰিস্থিতি বুজ ল'বলৈ মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত হৈ এই মন্তব্য মন্ত্ৰী হাজৰীকাৰ ।

By ETV Bharat Assamese Team

Published : Jul 5, 2024, 3:38 PM IST

Minister Piyush Hazarika slams Akhil Gogoi and Gaurav Gogoi after visiting flood affected areas in Dibrugarh
অখিল গগৈ আৰু গৌৰৱ গগৈ তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

ডিব্ৰুগড়,৫ জুলাই:ৰাজ্যত বলিয়া বানে সৃষ্টি কৰিছে জটিল পৰিস্থিতি । কেইবাটাও স্থানত মথাউৰি ছিগাৰ ফলত দুখ-দুৰ্দশা বৃদ্ধি পাইছে বানাক্ৰান্তৰ । বানৰ ভয়াবহতাৰ মাজত শাসক-বিৰোধী নামি পৰিছে ৰাজনৈতিক বাক-বিতণ্ডাত । অসমৰ বান পৰিস্থিতিক লৈ বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰিবলৈ দাবী জনাই বিধায়ক অখিল গগৈয়ে । আনহাতে গৌৰৱ গগৈয়ে অসম চৰকাৰক তীব্ৰ সমালোচনা কৰি কয়, "অসম চৰকাৰৰ শক্তিশালী মন্ত্রীৰ লগত মিলি জলসম্পদ বিভাগৰ ঠিকাদাৰে অতি নিম্ন মানৰ কাম কৰি আহিছে । সেয়া মথাউৰিয়ে হওক, ড্ৰেইনেই হওক । সমগ্ৰ অসমতে এইদৰে নিম্ন মানৰ কাম কৰা হৈছে ।"

অখিল গগৈ আৰু গৌৰৱ গগৈ তীব্ৰ সমালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ (ETV Bharat Assam)

বিৰোধী দুই নেতাৰ সমালোচনাৰ পাচতে এতিয়া মুখ খুলিছে জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ডিব্ৰুগড়ৰ খোৱাঙত বান পৰিস্থিতি বুজ ল'বলৈ অহা জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই শুকুৰবাৰে খোৱাঙৰ ভগ্ন মথাউৰি-ৰিংবান্ধ শীঘ্ৰেই শক্তিশালীকৈ নিৰ্মাণৰ আশ্বাস দিয়ে ৷ বান পৰিস্থিতি শাম কটাৰ পাচত নিজে আহি পুনৰ ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰিব বুলিও জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে গৌৰৱ গগৈৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিবলৈ গৈ পীযুষ হাজৰীকাই কয়, "কংগ্ৰেছৰ দিনত মথাউৰি বেছি ভাগিছিল, বিজেপিৰ দিনত সেয়া কম হৈছে ৷ গৌৰৱ গগৈৰ পিতৃৰ দিনত ৩৫৪ টালৈকে মথাউৰি ভাঙিছিল, এতিয়া ১৫-২০ টাহে মথাউৰি ভাঙে ।" খোৱাঙৰ ছিগা ৰিংবান্ধ কংগ্ৰেছৰ দিনত বনোৱা বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰীকাই ৷ আনহাতে বৰ্তমান চৰকাৰক সমালোচনা কৰাতকৈ গৌৰৱ গগৈৰ পিতৃ মুখ্যমন্ত্ৰী থকা সময়ৰ কথা মনত পেলাবলৈ কয় মন্ত্ৰীগৰাকীয়ে ৷

ইফালে অখিল গগৈক চৰকাৰক সমালোচনা কৰাৰ পৰিৱৰ্তে, বিধানসভাৰ বিশেষ অধিবেশনৰ চিন্তা কৰি বিপৰীতে ৰাইজৰ মাজলৈ গৈ দুখ-দুৰ্দশাৰ খবৰ ল'বলৈ আহ্বান জনাই মন্ত্রী হাজৰীকাই । এনে বিপদৰ সময়ত ৰাজনীতি নকৰি আৰ্তজনক সহায় কৰিবলৈ অখিল গগৈক পৰামৰ্শ দিয়ে মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক:কোনোবাই যদি নিজৰ পিতৃক গালি পাৰে মইনো কি কৰিব পাৰো; গৌৰৱ গগৈক কটাক্ষ মুখ্যমন্ত্ৰীৰ - Assam Floods 2024

ডাবল ইঞ্জিনৰ চৰকাৰে ডাবল সাহায্য দিব লাগিছিল : ভূপেন বৰা - Assam Flood 2024

ABOUT THE AUTHOR

...view details