অসম

assam

ETV Bharat / state

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ বিদেশৰ পৰা পৰিচালিত হয়: জয়ন্ত মল্লবৰুৱা

কংগ্ৰেছ বিদেশী শক্তিৰ ইংগিতত চলি আছে । বহিঃৰাষ্ট্ৰৰ পৰা চলাই কংগ্ৰেছৰ ছ’চিয়েল মিডিয়া ৷ সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ ।

By ETV Bharat Assamese Team

Published : 6 hours ago

Updated : 5 hours ago

MINISTER JAYANTA MALLABARUAH
সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ (Jayanta Mallabaruah FB Account)

গুৱাহাটী/নলবাৰী,১৬ অক্টোবৰ : 'কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ বিদেশৰ পৰা পৰিচালিত হয় ।' ‘গৌৰৱ গগৈৰ ফেন ক্লাৱৰ অনুৰাগী বাংলাদেশৰ...’ অসমৰ কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ বিৰুদ্ধে এন অভিযোগ উত্থাপন কৰিছে ৰাজ্যৰ মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা জয়ন্ত মল্লবৰুৱাই ।

বুধবাৰে সামাজিক মাধ্যমত এই বিস্ফোৰক অভিযোগ মন্ত্ৰীগৰাকীয়ে । লগতে সংলগ্ন কৰি দিলে কেইবাগৰাকীও কংগ্ৰেছ নেতাৰ ফেচবুক পেজৰ তথ্য ।

কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ বিদেশৰ পৰা পৰিচালিত হোৱাৰ অভিযোগ (ETV Bharat Assam)

লগতে পঢ়ক:২০১১ ৰ দৰেই '২৬ তো অশোক শৰ্মাই সহায় কৰিব: কটাক্ষৰ চলেৰে অতীত খুঁচৰিলে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই - Ashok Sarma joins Congress

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই মূলত আক্ৰমণৰ লক্ষ্য কৰি লোৱা দেখা গ’ল অসমৰ কংগ্ৰেছ নেতা দুই সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু গৌৰৱ গগৈক । লগতে সংলগ্ন কৰি দিলে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ ভেৰিফাইড একাউণ্টৰ স্ক্ৰীণ শ্বট ।

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই অভিযোগ কৰিছে কংগ্ৰেছে ভাৰতীয় নিৰ্বাচনত বিদেশী হস্তক্ষেপেৰে ভাৰতীয় হস্তক্ষেপেৰে প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে । এই কথা তেওঁ উল্লেখ কৰিছে এইদৰে, “এতিয়া সকলো পৰিষ্কাৰকৈ ওলাই পৰিছে যে কিদৰে কংগ্ৰেছে বিদেশী হস্তক্ষেপেৰে ভাৰতীয় নিৰ্বাচনৰ ওপৰত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে ।”

লগতে পঢ়ক:বিজেপিত অন্তঃকন্দল ! জয়ন্ত মল্ল বৰুৱাক নিয়ন্ত্ৰণ কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান বিধায়ক মৃণাল শইকীয়াৰ - MRINAL SAIKIA OUTBURST

“Indian National Congress - Assam ৰ নেতাসকলৰ ওপৰত বিদেশী গোষ্ঠীৰ প্ৰভাৱ থকাটো কোনো আচৰিত কথা নহয়, য'ত অনুৰাগীসকলৰ ভিতৰত বাংলাদেশীসকল অন্যতম । আনহাতে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সামাজিক মাধ্যমৰ পেজসমূহ আমেৰিকা আৰু নৰৱে’ৰ সংস্থাসমূহৰ দ্বাৰা পৰিচালিত হয় ।” এইদৰে উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই সামাজিক মাধ্যম ফেচবুকৰ গৌৰৱ গগৈ ফেন ক্লাৱ, সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু কংগ্ৰেছ অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গেৰ ফেচবুক পেজৰ প্ৰফাইলৰ স্ক্ৰীণশ্বট সামাজিক মাধ্যম X আৰু ফেচবুকত পোষ্ট দিছে বুধবাৰে দুপৰীয়া ৷

স্ক্ৰীণশ্বটকেইটাৰ ভিতৰত দেখা গৈছে কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ভেৰিফাইড একাউণ্টটোত ৬ জন পৰিচালকৰ ভিতৰত এজনৰ স্থান ইউ এছৰ বুলি উল্লেখ আছে । আনহাতে, মল্লিকাৰ্জুন খাৰ্গেৰ পেজটোৰ এজন পৰিচালক নৰৱে’ৰ বুলি উল্লেখ আছে । এই বিষয়টো লৈয়ে অসমৰ মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছে অসম কংগ্ৰেছৰ নেতাসকলৰ ওপৰত বিদেশী শক্তিৰ প্ৰভাৱ থকা বুলি অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক:কংগ্ৰেছৰ ভিত্তিয়েই নাই, গণ শব্দটো দলটোৰ লগত যোগেই নহয়: মন্ত্ৰী জয়ন্ত মল্লবৰুৱা - Lok Sabha Election 2024

কংগ্ৰেছ নেতাসকলে বিদেশত থকা প্ৰতিনিধিৰ হাতত নিজৰ ডিজিটেল মাধ্যম পৰিচালনা কৰিবলৈ এৰি দিয়াটো অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি বুলি জয়ন্ত মল্লবৰুৱাই উল্লেখ কৰিছে এইদৰে, “আজি যিসকলে ভাৰতীয় সংবিধান ৰক্ষা কৰাৰ শপত লৈছে, তেওঁলোকেই নিজৰ ডিজিটেল মাধ্যম বিদেশী এজেন্টৰ হাতত দিয়া কথা খুবেই উদ্বেগজনক । এইটো অসম আৰু দেশৰ বাবে এক ডাঙৰ ভাবুকি !”

বৰ্তমানলৈ কংগ্ৰেছ প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ নাইবা কংগ্ৰেছ দলৰ তৰফৰ পৰা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ এই অভিযোগ প্ৰসংগত একো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৷

লগতে পঢ়ক:যোগ্যতা আছে কাৰণে আমাৰ চৰকাৰে ঋণ লৈছে: জয়ন্ত মল্লবৰুৱা - JAYANTA MALLA BARUA REACTS ON DEBT

Last Updated : 5 hours ago

ABOUT THE AUTHOR

...view details