অসম

assam

ETV Bharat / state

এডভান্টেজ অসম ২.০ ৰ বাবে কেনেদৰে চলিছে প্ৰস্তুতি ? কাম-কাজৰ পৰ্যালোচনা বৈঠক - ADVANTAGE ASSAM 2

কিদৰে চলিছে এডভান্টেজ অসমৰ প্ৰস্তুতি ? জনতা ভৱনত এডভাণ্টেজ অসম সুচাৰুৰূপে পৰিচালনাৰ বাবে গঠন কৰা কমিটীৰ সৈতে বৈঠক বিমল বড়াৰ ।

Minister Bimal Bora's meeting on preparations for Advantage Assam 2
এডভান্টেজ অসমৰ বাবে প্ৰস্তুতি (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Feb 11, 2025, 10:56 AM IST

গুৱাহাটী:খানাপাৰাৰৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া 'এডভান্টেজ অসম: বিনিয়োগকাৰী আৰু আন্তঃগাঁথনি সন্মিলন'ৰ বাবে ইতিমধ্যে দ্ৰুতগতিত প্ৰস্তুতি চলাইছে অসম চৰকাৰে । আনহাতে বিনিয়োগকাৰীৰ সন্ধানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা গৈছে ছিংগাপুৰলৈ । আনহাতে, দিছপুৰত চলিছে ব্যাপক প্ৰস্তুতি ।

ৰাজ্য চৰকাৰৰ বিভিন্ন কমিটী গঠন:

এডভাণ্টেজ অসম সুচাৰুৰূপে পৰিচালনাৰ বাবে অসম চৰকাৰে ইতিমধ্যে গঠন কৰিছে কেইবাখনো কমিটী । অতিথি নিমন্ত্ৰণ, প্ৰদৰ্শনী, প্ৰট'কল, অতিথি সেৱা, পৰিবহন আৰু সুৰক্ষা সমিতি আদি গঠন কৰিছে । ৰাজ্যৰ উদ্যেগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্ৰী বিমল বড়াই সোমবাৰে জনতা ভৱনৰ কাৰ্যালয় কক্ষত এই সন্মিলনৰ বাবে চৰকাৰীভাৱে গঠন কৰি দিয়া অতিথি নিমন্ত্ৰণ, প্ৰদৰ্শনী, প্ৰট'কল, অতিথি সেৱা, পৰিবহণ আৰু সুৰক্ষা সমিতিৰ সৈতে এক পৰ্যালোচনা বৈঠকত মিলিত হয় । উদ্যোগ মন্ত্ৰীগৰাকীৰ জনসংযোগ বিষয়াই অৱগত কৰিছে এই কথা ।

নিশ্চিতি প্ৰদান কৰা দেশসমূহৰ ল’লে খতিয়ান:

পৰ্যালোচনা বৈঠকত অতিথি বিশেষকৈ বিনিয়োগকাৰী আৰু অন্যান্য অতিথিসকলক সন্মিলনলৈ নিমন্ত্ৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট সচেষ্ট হৈ তথা সতৰ্কতাৰে কাম কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায় । উদ্যোগ মন্ত্ৰীগৰাকীৰ জনসংযোগ বিষয়াই জনোৱা অনুসৰি অতিথিসকল সন্মিলনত উপস্থিত হোৱাৰ ক্ষেত্ৰত যাতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে দৃষ্টি ৰাখিবলৈ বিষয়া সকলক বৈঠকত নিৰ্দেশ দিয়া হয় ।

ইয়াৰ উপৰিও এই পৰ্যন্ত কিমানখন দেশে সন্মিলনখনত অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰিছে, অংশগ্ৰহণৰ নিশ্চিতি প্ৰদান কৰা দেশসমূহৰ কিমান প্ৰতিনিধি উপস্থিত থাকিব এই সন্দৰ্ভতো মন্ত্ৰী বড়াই বিষয়াসকলৰ পৰা অৱগত হয় । প্ৰদৰ্শনী সমিতিৰ পৰ্যালোচনা বৈঠকত কোনটো হলত কোন প্ৰতিষ্ঠানে প্ৰদৰ্শনীত অংশগ্রহণ কৰিব, কাৰ বাবে কিমান স্থান অনুমোদন দিয়া হৈছে, কি ধৰণে সজোৱা হ'ব সেই বিষয়ে বুজ লোৱাৰ লগতে প্ৰদৰ্শনীখন যাতে বিশ্বমানৰ হয় তাৰ ওপৰতো উদ্যোগ মন্ত্ৰী বড়াই গুৰুত্ব আৰোপ কৰে ।

প্ৰট'কল, সা -সুবিধা আৰু পৰিবহণ সমিতিৰ পৰ্যালোচনা বৈঠকত দেশ-বিদেশৰ পৰা আহিব লগা বিনিয়োগকাৰী, ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ প্ৰতিনিধিসকলক প্ৰট'কল বিষয়াসকলে প্ৰদান কৰিব লগা নিৰ্দেশনা, সন্মিলনৰ দুয়োদিনা বিনিয়োগকাৰীসকল থাকিবলগীয়া হোটেল, যাতায়াত ব্যৱস্থা আদিৰ সন্দৰ্ভত পুংখানুপুংখভাৱে পৰ্যালোচনা কৰা হয় । এই দিশত মন্ত্ৰী বড়াই বিষয়াসকলক প্ৰয়োজনীয় নিদের্শনাও প্ৰদান কৰে ।

সুৰক্ষাৰ পৰ্যালোচনা:

আনহাতে বৈঠকত সুৰক্ষাৰ দিশটোও পৰ্যালোচনা কৰা হয় । ভাৰত আৰু ভূটানৰ প্ৰধানমন্ত্ৰীদ্বয় উপস্থিত থাকিব লগা সন্মিলনৰ প্ৰথমদিনাৰ সুৰক্ষাৰ বিষয়েও বিশেষভাৱে পৰ্যালোচনা কৰা হয় । ইয়াৰ উপৰিও দেশ-বিদেশৰ গুৰুত্বপূৰ্ণ ব্যক্তি, বিনিয়োগকাৰীসকলৰ যান-বাহনসমূহৰ যাতায়ত, পাৰ্কিং আদি ক্ষেত্ৰত আৰক্ষীয়ে গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বুজ লোৱাৰ লগতে আনুষংগিক দিশসমূহৰ সন্দৰ্ভতো বৈঠকত আলোচনা কৰি বিহিত ব্যৱস্থা গ্রহণৰ বাবে মন্ত্ৰী বড়াই গুৰুত্ব আৰোপ কৰে । দেশী-বিদেশী বিনিয়োগকাৰীক অসমত বিনিয়োগৰ বাবে আকৰ্ষিত কৰিবলৈ আয়োজন কৰা এডভান্টেজ অসম সন্মিলনখন আকৰ্ষণীয় ধৰণে সজাই তোলাৰ ওপৰতো গুৰুত্ব আৰোপ কৰি ইভেন্ট মেনেজমেন্ট গ্ৰুপৰ সৈতে পৰ্যালোচনা বৈঠকো অনুষ্ঠিত হয় ।

লগতে পঢ়ক:এডভাণ্টেজ অসম ২.০ : বিনিয়োগকাৰীৰ সন্ধানত ছিংগাপুৰলৈ যাব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা - ADVANTAGE ASSAM 2

মুম্বাইত উদ্যোগপতি আম্বানীৰ পৰা জিন্দাললৈ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ; এডভাণ্টেজ আছাম ২.০ লৈ আমন্ত্ৰণ - ADVANTAGE ASSAM CONCLAVE

ABOUT THE AUTHOR

...view details