গুৱাহাটী, 24 জুলাই :অসমৰ সকলো পৌৰসভা এলেকাত এতিয়াৰ পৰা Building bye-law অনুযায়ী অট্টালিকা নিৰ্মাণ কৰিব লাগিব ৷ ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত নিয়ম নিৰ্ধাৰণ কৰিছে ৷ গুৱাহাটী মহানগৰৰ Building bye-law খনকে অসমৰ সকলো পৌৰসভা এলেকাত এতিয়াৰ পৰা প্ৰযোজ্য কৰা হ'ব ৷ দিছপুৰত বুধবাৰে এক সংবাদমেল সম্বোধন কৰি মন্ত্ৰী অশোক সিংহলে এই কথা সদৰী কৰে ৷ তেওঁ কয় যে গুৱাহাটীৰ বাহিৰে ৰাজ্যৰ কতো Building bye-law নাছিল ৷ গুৱাহাটী মহানগৰৰ বাবে এখন Building bye-law আছে ৷ এইখনেই এতিয়া সকলোতে প্ৰযোজ্য কৰা হ'ব ৷
ৰাজ্যৰ 42 টা পৌৰসভা এলেকাত আৰম্ভ কৰা হ'ব জাৱৰ নিষ্কাশনৰ প্ৰকল্প:
সংবাদমেলত মন্ত্ৰী অশোক সিংহলে কয় যে মঙলবাৰে খানাপাৰাৰ প্ৰশাসনীয় ভৱনত স্বচ্ছ ভাৰত কাৰ্যসূচীৰ আলোচনা সভা অনুষ্ঠিত হৈছিল ৷ প্ৰতিখন পৌৰসভাক দৈনিক জাৱৰ চাফা কৰাৰ বাবে ধন মুকলি কৰি দিয়া হৈছে ৷ পৌৰসভাবোৰত জাৱৰ চাফা কৰাৰ প্ৰকল্প নথকাৰ বাবে সমস্যা আছিল ৷ এতিয়া এই প্ৰকল্প আৰম্ভ হ'ব ৷ অসমৰ 42 টা পৌৰসভাত প্ৰথমে আৰম্ভ হ'ব এই প্ৰকল্প ৷
কৃত্ৰিম বান সমাধানত বিশেষ গুৰুত্ব দিয়া হ'ব :