মাজুলী :নদীদ্বীপ মাজুলীত প্ৰকৃতিয়ে লৈছে এক অনন্য ৰূপ । এতিয়া শুকাবলৈ ধৰিছে মাজুলীৰ জলাশয় । এই সময়তেই ইয়াৰ জলাশয়বোৰলৈ আগমন ঘটিছে বিভিন্ন প্ৰজাতিৰ পৰিভ্ৰমী চৰাইৰ । খাল, বিল, জলাশয়বোৰত পুৱা-গধূলি পক্ষীৰ কাকলিত মুখৰিত হৈছে মাজুলীৰ আকাশ-বতাহ । ভিন্নৰঙী পৰিভ্ৰমী চৰাই প্ৰত্যক্ষ কৰিবলৈ পৰ্যটকৰ আগমন হৈছে এই স্থানবোৰলৈ ।
মহাবাহুৰ বিশাল বুকুৰে আৱৰি থকা জৈৱ বৈচিত্ৰৰ বিশাল সমাহাৰৰ ক্ষেত্ৰ মাজুলী । খাল, বিল, জলাশয় আদিৰ সমাহাৰেৰে গঠিত মাজুলীৰ প্ৰাকৃতিক পৰিৱেশ বিশ্বৰ অন্য বহু প্ৰান্তৰ তুলনাত একক আৰু অনন্য । মাজুলীৰ এই নিৰিবিলি পৰিবেশত এতিয়া দেখিবলৈ পোৱা গৈছে শীতৰ বতৰত আগমন ঘটা বিদেশী পক্ষীৰ বিচৰণ ।
মাজুলীৰ জলাশয়, চৰ-চাপৰিৰ ঘাহনিত বিভিন্ন বিদেশী পক্ষীৰ আগমন হয় শীতৰ সময়ত । সেয়ে এই সময়ছোৱাত দেশী-বিদেশী পৰ্যটকে প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য উপভোগ কৰিবলৈ ভিৰ কৰে ৷ মাজুলীৰ ঐতিহাসিক দক্ষিণপাট সত্ৰৰ সমীপৰ মাগুৰমাৰী, ঘটাহোলা আদি বিলৰ পাৰত দেখা গৈছে পক্ষীৰ এই নান্দনিক দৃশ্য ।
ৰাজহাঁহ-চাকৈ চকোৱা পক্ষী :