ৰঙিয়া, 30 জুন :সৎসংগী সত্ৰত ভূপেন বৰাই ৰাজনৈতিক মন্তব্য কৰি যি বিতৰ্কৰ সূত্ৰপাত ঘটালে, তাৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ অন্তই পৰা নাই ৷ এইবাৰ সত্ৰ পৰিচালনা সমিতিৰ পাঁচগৰাকী সদস্যৰ চাৰিগৰাকী সদস্যই সত্ৰাধিকাৰৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিলে ৷
দেওবাৰে দাখিল কৰা পদত্যাগ পত্ৰখনত সদস্যকেইগৰাকীৰ অগোচৰে সত্ৰত বিভিন্ন কাম-কাজ হোৱা বুলি কাৰণ দৰ্শোৱা হৈছে ৷ পদত্যাগী এগৰাকী সদস্য তৰুণ চন্দ্ৰ কলিতাই সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই সত্ৰত ৰাজনৈতিক মন্তব্য প্ৰদান কৰাৰ পিচত সত্ৰত যি শুদ্ধিকৰণ হৈছিল সেই বিষয়ে তেওঁ জ্ঞাত নাছিল ৷ যাৰ ফলত তেওঁ যথেষ্ট ব্যথিত হয় আৰু পদত্যাগৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷
আনহাতে আন এগৰাকী পদত্যাগী সদস্য কৈলাস কলিতাই এই বিষয়ে মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ৷ আন দুগৰাকী সদস্য প্ৰসন্ন কুমাৰ কলিতা আৰু যোগেশ্বৰ কুমাৰৰ সৈতে যোগাযোগ কৰিব পৰা নগ’ল ৷ ইফালে বৰ্তমানেও সত্ৰ পৰিচালনা সমিতিৰ সদস্য পদত থকা পিনকেশ্বৰ কলিতাই সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে শুদ্ধিকৰণৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিৰ সকলো সদস্য জ্ঞাত নাছিল ৷