যোৰহাট,৩১ জানুৱাৰী: টাই আহোমসকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি সমগ্ৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে যোৰহাটত কেন্দ্ৰীয়ভাৱে টাই আহোম সংস্কৃতি সংৰক্ষণ আৰু শিক্ষা বিকাশ সমিতিৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে যোৰহাটৰ জয়া ভৱন বিদ্যালয়ৰ চৌহদত উদযাপন কৰা হয় । কাৰ্যসূচীৰ প্ৰথম দিনাৰ কাৰ্যসূচী অনুসৰি মঙলবাৰে পুৱা পতাকা উত্তোলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে টাইচাবৰ সভাপতি অৱনী কুমাৰ চেতিয়াই ।
আনহাতে বিয়লি ফুৰালুং, উৎসৰ্গা আৰু সমূহীয়া জন-মিঙ গ্ৰহণ কাৰ্যসূচী ৰূপায়ণ কৰাৰ পাছত সন্ধিয়া অনুষ্ঠিত হয় অন্তৰংগ আলাপ অনুষ্ঠান । অন্তৰংগ আলাপ অনুষ্ঠানৰ শুভাৰম্ভ কৰে টাই সংস্কৃতিৰ বিশিষ্ট গৱেষক মনোজ চাংবুন ফুকনে । আনহাতে বুধবাৰে পুৱা দেওঘৰত বন্তি প্ৰজ্বলন কৰি মে-ডাম-মে-ফি অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় । বন্তি প্ৰজ্বলন কৰে টাইচাবৰ সাধাৰণ সম্পাদক দিব্যধৰ চেতিয়াই ।
ইয়াৰ পাচতে বাহিৰ কৰা হয় বৰ্ণাঢ্য শোভাযাত্ৰা । শতাধিক লোকৰ অংশগ্ৰহণেৰে বাহিৰ কৰা শোভাযাত্ৰা যোৰহাটৰ জয়াভৱন বিদ্যালয়ৰ প্ৰাংগনৰ পৰা আৰম্ভ হৈ যোৰহাটৰ মূল পথ সমূহ পৰিভ্ৰমণ কৰি ঐতিহাসিক ৰজামৈদামত তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় । শোভাযাত্ৰাৰ উদ্বোধন কৰে ৰয়েল গ্ল'বেল বিশ্ববিদ্যালয়ৰ ডীন ড৹ কুশল কুমাৰ বৰুৱাই । আনহাতে ৰজামৈদামত তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰে টাইচাবৰ উপ-সভাপতি বিজয় কুমাৰ বৰুৱাই ।