গুৱাহাটী, 1 মে’ : আজি মে’ দিৱস অথবা আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷ সমগ্ৰ বিশ্বতে আজিৰ দিনটোত শ্ৰমিক দিৱস হিচাবে পালন কৰা হৈছে ৷ শ্ৰমিকৰ অধিকাৰ, সুৰক্ষা আৰু সম মৰ্যাদাৰ বাবে কৰা এক দীঘলীয়া সংগ্ৰামৰ স্মৰণ আৰু এই সংগ্ৰামখন আগুৱাই লৈ যোৱাৰ বাবে আজিৰ দিনটো পালন কৰা হয় আন্তৰ্জাতিক শ্ৰমিক দিৱস ৷
সমগ্ৰ বিশ্বতে ভিন্ন ধৰণেৰে মে’ দিৱস পালন কৰা হয় ৷ কিছুমান দেশত আজিৰ দিনটোক চৰকাৰী বন্ধৰ দিন হিচাপে ঘোষণা কৰা হয় ৷ আন কিছুসংখ্যক দেশত শ্ৰমিকৰ দাবীসমূহক লৈ প্ৰতিবাদ কৰা হয়, সভা অনুষ্ঠিত কৰা হয় ৷ শ্ৰমিকৰ স্বাৰ্থৰ বাবে আজিৰ দিনটোত বিভিন্ন দেশত সমদল উলিওৱা হয় ৷
ইয়াৰ ব্যতিক্ৰম নহয় ৰাজ্যৰ লগতে গুৱাহাটী মহানগৰীও ৷ গুৱাহাটী মহানগৰীতো শ্ৰমিক সংগঠন, ট্ৰেড ইউনিয়নসমূহে বুধবাৰে পালন কৰিছে মে’ দিৱস ৷ এইবেলি কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সমূহ আৰু সকলো ইউনিয়ন ফেডাৰেচন সমূহে সম্মিলিতভাৱে আয়োজন কৰিছে মে' দিৱস ৷ গুৱাহাটীৰ মেঘদূত ভৱনৰ সমীপত পালন কৰা হৈছে মে’ দিৱসৰ কাৰ্যসূচী ৷