অসম

assam

ETV Bharat / state

মটক জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত উত্তাল লখিমপুৰ - Matak Organization Protest - MATAK ORGANIZATION PROTEST

Protest for ST in Lakhimpur : লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত তিনিটাকৈ মটক সংগঠৰ প্ৰতিবাদ । তিনিঘন্টীয়া অৱস্থান ধৰ্মঘটৰ অন্তত মটকসকলৰ বিভিন্ন সমস্যা সমাধানৰ বাবে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ ।

Protest for ST in Lakhimpur
তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট মটক সংগঠৰ (Protest for ST in Lakhimpur)

By ETV Bharat Assamese Team

Published : Aug 16, 2024, 7:55 PM IST

লখিমপুৰ, ১৬ আগষ্ট : লখিমপুৰত প্ৰাপ্য আদায়ৰ দাবীত শুক্ৰবাৰে তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে তিনিটাকৈ মটক সংগঠনে । মটক জনগোষ্ঠীক জনজাতিকৰণ,মটক স্বায়ত্তশাসিত পৰিষদখনক পূৰ্ণাঙ্গ ৰূপ দিয়াৰ লগতে আন কেইবাটাও দাবী উত্থাপন কৰি শুক্ৰবাৰে লখিমপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত পুৱা ১১ বজাৰ পৰা তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ তিনিওটা মটক সংগঠনে পিছত জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্রীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট মটক সংগঠৰ (Protest for ST in Lakhimpur)

তিনি সংগঠনৰ প্ৰতিবাদ :

সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আৰু সদৌ অসম মটক মহিলা পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে । অৱস্থানস্থলীত ' বিজেপি চৰকাৰ মিছলীয়া ', 'বিজেপিৰ কাম নাই', 'হিমন্ত বিশ্ব শৰ্মা মিছলীয়া', 'জনজাতিকৰণ আমাক লাগিবই' আদি শ্ল'গানেৰে আয়ুক্ত কাৰ্যালয় চৌহদ উত্তাল কৰি তোলে ৷

এই অৱস্থান ধৰ্মঘটস্থলীত সদৌ অসম মটক সন্মিলনৰ সাংগঠনিক সম্পাদক বুলটন গগৈ, জিলা সমিতিৰ সভাপতি পদ্ম বৰা, সম্পাদক দশলেশ্বৰ বৰুৱা, সদৌ অসম যুৱ ছাত্ৰ সন্মিলনৰ উপদেষ্টা অৰূপ বৰুৱা, উপ-সভাপতি পৱিত্ৰ বৰপাত্ৰ, জিলা সমিতিৰ সভাপতি দুলাল কোঁৱৰ,ভাৰপ্ৰাপ্ত সম্পাদক গৌতম গগৈ,সদৌ অসম মটক মহিলা পৰিষদৰ সহকাৰী সম্পাদিকা অলকা লাহন, প্ৰচাৰ সম্পাদিকা সুৰমা চেতিয়া গগৈ, জিলা সমিতিৰ সভানেত্ৰী কুসুম দত্ত, সম্পাদিকা নীলাক্ষি পাত্ৰ গগৈ আদিৰ লগতে তিনিওটা সংগঠনৰ লখিমপুৰ জিলা সমিতি তথা আঞ্চলিক সমিতিসমূহৰ পাঁচ শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷

সাংবিধানিক মৰ্যাদা প্ৰদান কৰাৰ দাবী :

এই তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত মটক জনগোষ্ঠীক জনজাতিৰ সাংবিধানিক মৰ্যাদা প্ৰদান কৰা,পূৰ্ণ স্বায়ত্তশাসন প্ৰদানেৰে পূৰ্ণাঙ্গ মটক স্বায়ত্তশাসিত পৰিষদ গঠন, বানপানীৰ স্থায়ী সমাধানৰ ব্যৱস্থা, অসমত হিন্দু অথবা মুছলমান বাংলাদেশী প্ৰৱেশ কৰিব নোৱৰাৰ ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ, অসম চৰকাৰৰ অধীনৰ নিকায় নিগমসমূহত মটক জনগোষ্ঠীৰ যোগ্য ব্যক্তিক অগ্ৰাধিকাৰ দিয়াৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

২৪ মে’ৰ দিনটো ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস হিচাপে ৰাজ্যিক বন্ধৰ দাবী :

তেওঁলোকে মটক ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱস ২৪ মে’ৰ দিনটো ৰাজ্যিক বন্ধৰ দিন হিচাপে ঘোষণা কৰা, স্বৰ্গদেউ সৰ্বানন্দ সিংহ সোঁৱৰণী ৰাষ্ট্ৰীয় পৰ্যায়ৰ আমন্ত্ৰণমুলক ফুটবল খেলৰ শিতানত প্ৰতি বছৰে কমেও ৫০ লাখ টকা ধাৰ্য কৰা, কেন্দ্ৰীয় চৰকাৰৰে মিলি ডিব্ৰুগড়-যোৰহাট সংযোগী চাৰিলেনযুক্ত পথছোৱাৰ নিৰ্মাণ ক্ষীপ্ৰতৰ কৰাৰো দাবী উত্থাপন কৰে ।

প্ৰতিবাদকাৰীসকলে অসমৰ চৌদিশে চানি ধৰা মাৰাত্মক ড্ৰাগছৰ পয়োভৰ নিৰ্মূলৰ ব্যৱস্থা কৰা, বি-ফাৰ্ম পাঠ্যক্ৰমত মটক জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে সৰহ সংখ্যক আসনৰ ব্যৱস্থা ,মটক জনগোষ্ঠীৰ ঐতিহাসিক কীৰ্তিচিহ্ন সমূহৰ সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰা, লখিমপুৰ জিলাৰ অন্তৰ্গত অসম-অৰুণাচল সীমান্তত সঘনাই হোৱা বন্যহস্তীৰ উপদ্ৰৱ ৰোধৰ ব্যৱস্থা কৰাৰ লগতে বন্যহস্তীসমূহ কাজিৰঙা বনাঞ্চললৈ লৈ যোৱাৰ ব্যৱস্থা কৰাৰ দাবী জনায় ।

লগতে পঢ়ক:কোচ-ৰাজবংশীক জনজাতিকৰণৰ দাবীত উত্তাল চচল - Demanding tribalisation

স্বায়ত্তশাসিত ৰাজ্যৰ দাবীত ডিমাছা ছাত্ৰ সন্থাৰ প্ৰতিবাদ - DSU Protest

ABOUT THE AUTHOR

...view details