অসম

assam

ETV Bharat / state

পুনৰ কৃত্ৰিম বানৰ ফলত তীব্ৰ যানজঁট গুৱাহাটী মহানগৰীত - Guwahati Artificial Flood - GUWAHATI ARTIFICIAL FLOOD

Guwahati artificial flood: কৃত্ৰিম বানে জুৰুলা কৰিছে গুৱাহাটীবাসীক । এজাক বৰষুণতে স্তব্ধ হৈ পৰে গুৱাহাটীবাসী তথা গুৱাহাটীলৈ অহা সৰ্বসাধাৰণ ৰাইজৰ জীৱন । বৃহস্পতিবাৰে দুপৰীয়াও জলমগ্ন হৈ পৰে মহানগৰীৰ কেইবাটাও অঞ্চল । সৃষ্টি হয় তীব্ৰ যানজঁটৰ ।

Massive traffic jams again due to artificial flood in Guwahati city
পুনৰ কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁট গুৱাহাটী মহানগৰীত (ETV Bharat Assam)

By ETV Bharat Assamese Team

Published : Aug 8, 2024, 9:46 PM IST

গুৱাহাটী,৮ আগষ্ট:এজাক বৰষুণ আহিলেই এতিয়া চিন্তিত হৈ পৰে গুৱাহাটী মহানগৰবাসী । কিয়নো বৰষুণ আহিলেই কৃত্ৰিম বানত বুৰ যায় অভিজাত মহানগৰীৰ অভিজাত্য । মাত্ৰ এজাক বৰষুণতে প্লাৱিত হয় মহানগৰীৰ প্ৰায়ভাগ অঞ্চল । ঠায়ে ঠায়ে এককাল, এবুকুলৈ বাঢ়ে পানী । বৰষুণ আহিলেই যেন জলবন্দী হৈ পৰে মহানগৰীৰ বহু অঞ্চলৰ জনতা !

পুনৰ কৃত্ৰিম বানৰ ফলত তীব্ৰ যান-জঁট গুৱাহাটী মহানগৰীত (ETV Bharat Assam)

পুনৰ জলমগ্ন গুৱাহাটী:

বৃহস্পতিবাৰে দুপৰীয়া অহা এজাক বৰষুণে পুনৰ জলমগ্ন কৰিলে গুৱাহাটীৰ বিভিন্ন স্থান । ইতিমধ্যেই কৃত্ৰিম বানে জলাকলা খুউৱা মহানগৰবাসীয়ে বৃহস্পতিবাৰে পুৱাৰ ভাগত কিছু পানী কমাৰ আশা দেখিছিল যদিও দুপৰীয়াৰ ভাগত অহা এজাক বৰষুণৰ পিচতে পুনৰ মহানগৰীৰ ভিন্ন প্ৰান্তত পুনৰ সৃষ্টি হৈছে কৃত্ৰিম বানৰ ।

আৱদ্ধ মুখ্যমন্ত্ৰী:

হাতীগাঁও, বেলতলা, ৰুক্মিণীগাঁও, যোৰাবাট, খানাপাৰা, ন-মাইলকে ধৰি ভিন্ন স্থানত কৃত্ৰিম বানৰ বাবে সৃষ্টি হয় তীব্ৰ যানজঁটৰ । ইফালে যোৰাবাটত সৃষ্টি হোৱা তীব্ৰ যানজঁটৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাও আৱদ্ধ হৈ থাকিবলগীয়া হয় । ইতিমধ্যে গুৱাহাটীৰ ভিন্নস্থান আৰু অধিক যানজঁট হোৱাত আশংকা কৰি মহানগৰ যান-বাহন আৰক্ষীয়ে এই পথসমূহত যাতায়াত কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনাইছে ।

বিশেষকৈ পাঞ্জাবাৰী , ৰুক্মিণীগাঁও, পিবকো পইণ্ট, যোৰাবাট, ৰাষ্ট্ৰীয় ঘাইপথৰ হনুমান মন্দিৰৰ সমীপত ৯ মাইল, সাতগাঁৱৰ এছ এফ এছ স্কুলৰ সমীপত, বতাহঘুলি নাৰেংগী আৰ্মী কেম্পৰ দিশে, নুনমাটিৰ ছেক্টৰ ১ৰ নেপালী চক, খানাপাৰা উৰণ সেঁতুৰ তলত, হাতীগাঁও পথৰ লিটিল ফ্লাৱাৰ স্কুলৰ সমীপত, মাদাৰ টেৰেছা ৰোডৰ ২নং মঠঘৰীয়াৰ ওচৰত তীব্ৰ যানজঁটৰ আশংকা কৰা হৈছে ।

লগতে গুৱাহাটী যান-বাহন আৰক্ষীয়ে যান-বাহন সম্পৰ্কীয় যিকোনো প্ৰশ্নৰ বাবে জনসাধাৰণক ট্ৰেফিক নিয়ন্ত্ৰণ কক্ষৰ সৈতে +91 3612730989 +916026176755 +91 6901269006 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ।

লগতে পঢ়ক:গুৱাহাটীৰ কৃত্ৰিম বান নতুন কথা নহয় : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা - Guwahati Flash Flood

ঘৰৰ ভিতৰতে থাকক... : অসহায় মুখ্যমন্ত্ৰীয়ে আহ্বান জনালে মহানগৰীৰ বাসিন্দাক - Guwahati Artificial Floods

ABOUT THE AUTHOR

...view details