চামগুৰি, ৪ আগষ্ট:নগাঁও জিলাৰ ৰূপহীহাটত প্ৰৱল খহনীয়া অব্য়াহত । জিলাখনৰ ৰূপহীহাটৰ দুই নম্বৰ ভূৰবন্ধাত প্ৰলয়ংকৰী বানৰ পিছতে একপ্ৰকাৰ তাণ্ডৱৰ সৃষ্টি কৰিছে প্ৰবল খহনীয়াই ৷ ৰূপহীহাটৰ এই অঞ্চলটো খহনীয়াৰ কবলত পৰি নিশ্চিন্ন হোৱাৰ উপক্ৰম ঘটিছে ৷ বিশেষকৈ ভূৰবন্ধা অঞ্চলটোত ব্ৰহ্মপুত্ৰই গৰা খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰাত নৈপৰীয়া ৰাইজে কটাবলগীয়া হৈছে বিনীদ্ৰ ৰজনী ৷ ভূৰবন্ধা জিলাখনৰ মানচিত্ৰৰ পৰা বিলীন হোৱাৰ উপক্ৰম ঘটাৰ পিচতো জলসম্পদ বিভাগে কোনো ব্য়ৱস্থা নকৰা বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।
ভগৱানৰ ওচৰত প্ৰাৰ্থনা ৰাইজৰ:
জিলাখনৰ লাওখোৱাৰ ভূৰবন্ধাত প্ৰবল খহনীয়াৰ কবলৰ পৰা পৰিত্ৰাণৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিবলগীয়া হৈছে ৰাইজে । ৰূপহীহাটৰ দুই নম্বৰ ভূৰবন্ধাত যোৱা কিছুদিন ধৰি লুইতৰ খহনীয়াই বিধ্বংসী ৰূপ ধাৰণ কৰিছে । ফলত নৈপৰীয়া ৰাইজৰ মাজত হাহাকাৰ লাগিছে । নৈপৰীয়া ৰাইজে ঘৰ-দুৱাৰ ভাঙি নিৰাপদ স্থানলৈ ঢাপলি মেলিবলৈ বাধ্য় হৈছে ।