অসম

assam

অধিকাৰ বিচাৰি কুকি-মাৰসহ কেবাটাও জনজাতিৰ প্ৰতিবাদ জিৰিবামত: আৰক্ষীৰ শূন্যলৈ গুলীচালনা - Manipur crisis

By ETV Bharat Assamese Team

Published : Sep 12, 2024, 1:41 PM IST

Manipur Violence: কুকিসহ বিভিন্ন জনজাতীয় লোকৰ বিক্ষোভ সমদলক কেন্দ্ৰ কৰি পুনৰ উত্তপ্ত মণিপুৰৰ জিৰিবাম জিলা । শূন্যলৈ গুলী, কন্দুৱা গেছ নিক্ষেপ মণিপুৰ আৰক্ষীৰ ।

Manipur Violence
অশান্তজৰ্জৰ জিৰিবাম (ETV Bharat)

শিলচৰ, 12 ছেপ্টেম্বৰ :ক্ৰমাৎ অধিক হিংসাত্মক হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি । ইম্ফলৰ পাচত এইবাৰ পুনৰ এক বিক্ষোভ মণিপুৰৰ জিৰিবাম জিলাত ৷ এই বিক্ষোভ সমদলক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছে চুবুৰীয়া মণিপুৰৰ জিৰিবাম জিলা । জনজাতীয় অধিকাৰ তথা পাহাৰীয়া অধিকাৰৰ দাবীত জিৰিবাম জিলাৰ জাকুৰাডহৰত বাহিৰ কৰা হয় এক প্ৰতিবাদী সমদল ৷

অশান্তজৰ্জৰ জিৰিবাম (ETV Bharat)

বৃহস্পতিবাৰে পুৱাই অঞ্চলটোৰ নেতাজী মাধ্যমিক বিদ্যালয়ৰ পৰা কুকি আৰু মাৰসহ বিভিন্ন জনজাতিৰ লোকে বাহিৰ কৰা এই সমদলত প্ৰায় তিনি হাজাৰ লোকে অংশগ্ৰহণ কৰে । হাতত বিভিন্ন প্লে’কাৰ্ড লৈ ওলাই অহা এই সমদলটো কিছু দূৰ যোৱাৰ পাচত মণিপুৰ আৰক্ষীয়ে বাধা প্ৰদান কৰে । ইয়াকে কেন্দ্ৰ কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

আনকি আৰক্ষী আৰু প্ৰতিবাদকাৰী লোকসকলৰ মাজত আৰম্ভ হয় খণ্ডযুদ্ধৰ । প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বেৰিকেড ভাঙি সমদল আগবঢ়াই নিবলৈ চেষ্টা কৰে ৷ উপায়ন্তৰ হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে শূন্যলৈ কেইবা ৰাউণ্ড গুলীচালনা কৰাৰ লগতে কন্দুৱা গেছ নিক্ষেপ কৰে । ফলত সমদলত অংশগ্ৰহণ কৰা লোকসকলে ছত্ৰভংগ দিয়া পৰিলক্ষিত হয় । ঘটনাক কেন্দ্ৰ কৰি জাকুৰাডহৰ অঞ্চলত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ।

লগতে পঢ়ক :মণিপুৰ হিংসা সন্দৰ্ভত কেন্দ্ৰক তীব্ৰ সমালোচনা কংগ্ৰেছৰ, প্ৰেৰণ কৰিব প্ৰতিনিধি দল - Manipur Violence

ইপিনে প্ৰতিবাদকাৰী কুকি লোকসকলে কেমেৰাৰ সম্মুখত কয় যে জিৰিবামক পাৰ্বত্য অঞ্চল ঘোষণা নকৰিলে এই আন্দোলনে আৰু এক ভয়াৱহ ৰূপ ধাৰণ কৰিব ৷ এগৰাকী প্ৰতিবাদকাৰীয়ে কয়, ‘‘1948 চনতে আমাৰ ৰাষ্ট্ৰপতিয়ে পাহাৰীয়া জিলা হিচাবে ঘোষণা কৰিছিল ৷ 2017 পৰ্যন্ত আমি পাহাৰীয়া ঘৰৰ কৰ (Hill house tax) পৰিশোধ কৰিলো ৷ আমি জিৰিবামত বহু পাহাৰীয়া সা-সুবিধা গ্ৰহণ কৰি আনন্দিতও হৈছিলো ৷’’

তেওঁ আৰু কয়, ‘‘কিন্তু 2017 ৰ পৰা মণিপুৰ চৰকাৰে আমাক জিলাখনক ভংগ কৰি দিয়ে ৷ ফলত আমাৰ কিছু প-পত্ৰ, যেনে- আধাৰ কাৰ্ড, বিভিন্ন প্ৰমাণপত্ৰ উলিওৱাত বহু অসুবিধাৰ সন্মুখিন হ’ব লগা হৈছে ৷ সেয়ে যদিহে চৰকাৰে আমাৰ এই দাবী মানি নলয়, তেন্তে অনাগত সময়ত জংগী আন্দোলন কৰিবলৈ বাধ্য হ’ব ৷’’

লগতে পঢ়ক :মণিপুৰৰ হিংসাত আমেৰিকা-চীনৰ দৰে তৃতীয় শক্তি জড়িত নেকি ? - Manipur crisis

ABOUT THE AUTHOR

...view details