যোৰহাট :উত্তৰ-পূবৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনত লাখ লাখ ভক্তৰ সমাগমেৰে উখল-মাখল হৈ থকা যোৰহাটৰ ম’হবন্ধাৰ এৰালতলি পথাৰ এতিয়া নিজম পৰিছে ।
চাৰিওপিনে বিৰাজ কৰিছে নিস্তব্ধতাই । অধিৱেশনৰ অন্তত অশ্ৰুসিক্ত নয়নেৰে এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰ এৰিলে ভক্তসকলে । কিন্তু থাকি গ'ল কিছু স্মৃতি আৰু প্ৰয়োজনীয় সা-সামগ্ৰী ।
কাৰণ লাখ লাখ ভক্তৰ সমাগম ঘটা এৰালতলি পথাৰত ভিৰৰ মাজত বহুতৰে বহু প্ৰয়োজনীয় সামগ্ৰী হেৰাই গৈছিল । উক্ত প্ৰয়োজনীয় সামগ্ৰীসমূহ পোৱা ভক্তপ্ৰাণ ৰাইজে এৰালতলি পথাৰত থকা বিভিন্ন অনুসন্ধান কক্ষত সেইবোৰ জমা দিছিল । এতিয়া সেইবোৰ অনুসন্ধান কক্ষতে জমা হৈ আছে । যাৰ বাবে বিপাঙত পৰিছে অনুসন্ধান সমিতি ।
অনুসন্ধান কক্ষত জমা থকা ভকত বৈষ্ণৱৰ সামগ্ৰীসমূহ লৈ যাবলৈ অনুসন্ধান কক্ষৰ তৰফৰ পৰা অনুৰোধ জনোৱা হৈছিল । কিন্তু বৃহৎ এলেকা আৱৰি থকা অধিৱেশনস্থলীৰ অনুসন্ধান কক্ষৰ পৰা উক্ত সামগ্ৰীবোৰ নিবলৈ সক্ষম হোৱা নাছিল ভকত বৈষ্ণৱে ।
ফলত বৰ্তমান উক্ত সামগ্ৰীসমূহ অনুসন্ধান আৰু যোগাযোগ উপ-সমিতিৰ ওচৰত আছে । যদি আপোনাৰো কিবা সামগ্ৰী আছে তেন্তে সংশ্লিষ্ট সমিতিৰ সৈতে যোগাযোগ কৰি সংগ্ৰহ কৰিব পাৰে ।
৯৪ সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনত 'অনুসন্ধান কক্ষ'ত জমা হৈ থকা সামগ্ৰীসমূহ হৈছে:
(১) গামোচা ৬২ খন
(২) মহিলাৰ মানিপাৰ্চ ২৭টা
(৩) সৰু পাৰ্চ ১৩টা
(৪) চশমা ৮ যোৰ
(৫) ৰূপৰ চেইন এডাল
(৬) টৰ্চ এটা
(৭) ৰুমাল দুখন
(৮) PAN card এখন
(৯) আধাৰ কাৰ্ড দুখন
(১০) ATM card ৩ খন
(১১) বঁটাৰ ওপৰত পাৰি দিয়া কাপোৰ এখন